ETV Bharat / bharat

Side-effects of Earphones: সাৱধান! হেডফোন ব্যৱহাৰৰ অভ্যাসে মাতিব পাৰে বিপদ; হেডফোন ব্যৱহাৰ কৰি ১৮ বছৰীয়া যুৱকৰ হ’ল এই অৱস্থা

author img

By

Published : Jun 14, 2023, 3:42 PM IST

The habit of using headphones can be dangerous
সাৱধান! হেডফোন ব্যৱহাৰৰ অভ্যাসে মাতিব পাৰে বিপদ; হেডফোন ব্যৱহাৰ কৰি ১৮ বছৰীয়া যুৱকৰ হ’ল এই অৱস্থা

হেডফোনৰ অতিমাত্ৰা ব্যৱহাৰে ভিতৰৰ কাণৰ চুলিৰ কোষ আৰু শ্ৰৱণ স্নায়ুৰ ক্ষতি কৰি স্থায়ীভাৱে শ্ৰৱণ ক্ষমতা হেৰুৱাব পাৰে । হেডফোন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমি কি কি দিশত গুৰুত্ব দিয়া উচিত ৷

বৰ্তমানৰ জীৱনশৈলীত হেডফোনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । হেডফোন ব্যৱহাৰ কৰাতো বহুতৰ বাবে এতিয়া একপ্ৰকাৰ ‘মেনিয়া’ হৈ পৰিছে । হেডফোন ব্যৱহাৰ কৰকেই বা নকৰক, সকলো সময়তে কাণত লগাই থোৱাটো তেওঁলোকৰ অভ্যাসত পৰিৰণ হৈছে । কিন্তু আপুনি জানেনে হেডফোন ব্যৱহাৰ আমাৰ স্বাস্থ্যৰ বাবে কিমান বিপদজনক ? ইয়াক অত্যাধিক ব্যৱহাৰ কৰাৰ ফলত আপুনি শ্ৰৱণ শক্তি পৰ্যন্ত হেৰুৱাব পাৰে । হয়, শেহতীয়াকৈ এনে এক ভয়ংকৰ ঘটনাই পোহৰলৈ আহিছে ।

হেডফোন ব্যৱহাৰ কৰি এজন ১৮ বছৰীয়া যুৱকে হেৰুৱালে তেওঁৰ শ্ৰৱণ শক্তি । প্ৰতিদিনে ব্যৱহাৰ কৰা হেডফোনে যে এনে এক বিপদ আনিব, সেয়া হয়তো যুৱকজনে কল্পনাই কৰিব পৰা নাছিল । ঘটনাটো গোৰখপুৰৰ ।

এই যুৱকজনে প্ৰতিদিনে প্ৰায় ৮-১০ ঘণ্টা হেডফোন ব্যৱহাৰ কৰিছিল । বহুসময়ত তেওঁ তেওঁৰ বন্ধুবৰ্গৰো হেডফোন ব্যৱহাৰ কৰিছিল । প্ৰথমতে তেওঁৰ কাণত বিষৰ সমস্যা হৈছিল যদিও তেওঁ এই সমস্যাক একেবাৰে উপেক্ষা কৰিছিল । কিন্তু সমস্যাটো ক্ৰমান্বয়ে বাঢ়ি যোৱাত চিকিৎসকে অত্যাধিক ইয়াৰফ’নৰ ব্যৱহাৰৰ ফলত তেওঁৰ কাণত সংক্ৰমণ হৈ শ্ৰৱণ শক্তিৰ বিলুপ্তি ঘটিছে বুলি নিশ্চিত কৰে ।

চিকিৎসকৰ মতে, হেডফোন ব্যৱহাৰ কৰিলে কাণৰ স্নায়ুৰ ওপৰত চাপ পৰে, যাৰ ফলত শিৰাবোৰত প্ৰদাহৰ সমস্যা বৃদ্ধি হয় আৰু শ্ৰৱন শক্তি ক্ৰমান্বয়ে হ্ৰাস হয় । এই ঘটনাটো পোহৰলৈ অহাৰ পিছতে এতিয়া সকলো সতৰ্ক হৈ থকাটো জৰুৰী হৈ পৰিছে ।

হেডফোন বিনিময় পৰিহাৰ কৰক

বহুসময়ত ইজনে সিজনৰ সৈতে হেডফোন বিনিময় কৰে । এয়া আৰু ভয়াৱহ । এনে কৰাৰ ফলত হেডফোন স্পঞ্জৰ জৰিয়তে এজন ব্যক্তিৰ পৰা আন এজনলৈ বেক্টেৰিয়া স্থানান্তৰিত হয় । যাৰ ফলত কাণত সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে । সেয়েহে, কেতিয়াও হেডফোন বিনিময় নকৰিব ।

  • আপোনাৰ কাণখনক কেনেদৰে সুৰক্ষিত কৰিব
  • ফোনত কথা পাতি থাকোতে হেডফোনৰ সলনি স্পীকাৰ ব্যৱহাৰ কৰিব ।
  • আপোনাৰ হেডফোন কাকো নিদিব আৰু আপুনিও বেলেগৰ ব্যৱহাৰ নকৰিব । এনে কৰাৰ ফলত সংক্ৰমণৰ আশংকা বৃদ্ধি হয় ।
  • এঘণ্টাতকৈ বেছি সময় হেডফোন ব্যৱহাৰ নকৰিব ।

লগতে পঢ়ক: Get Blessings of Lord Hanuman: বজৰংগবলীৰ কৃপা লাভ কৰিবলৈ মঙলবাৰে দান কৰক এই ৫বিধ বস্তু; পূৰ্ণ হ’ব মনৰ আশা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.