ETV Bharat / bharat

মোৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ ২৪ টা গোচৰ; তেলেংগানাৰ নিৰ্বাচনী সভাত ৰাহুল গান্ধী

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 6:41 PM IST

তেলেংগানাৰ নিৰ্বাচনী সভাত ৰাহুল গান্ধী
মোৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ ২৪ টা গোচৰ

ৰাহুলে তেওঁৰ বিৰুদ্ধে ২৪ টা গোচৰ ৰুজু কৰা বিষয়ত বিজেপিক সমালোচনা কৰি কয় যে ইয়াৰ বিপৰীতে কিন্তু দুৰ্নীতিগ্ৰস্ত কেচিআৰৰ বিৰুদ্ধে এটাও গোচৰ ৰুজু কৰা নাই । তেওঁ কয় যে বিআৰএছে মোদী চৰকাৰে অনা সকলো বিধেয়ক সমৰ্থন কৰিছে ।

নিউজ ডেস্ক, ২৮ নৱেম্বৰ : জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপিক সমালোচনা কৰি কয় যে বিজেপিৰ নীতি হৈছে মানুহৰ মাজত ঘৃণা সৃষ্টি কৰি ৰাজনৈতিক লাভালাভ আহৰণ কৰা । তেওঁ কয় যে ভাৰত জোড়ো যাত্ৰাৰ সময়ত বিজেপিয়ে বিয়পোৱা ঘৃণা প্ৰত্যক্ষ কৰিছিল । বিজেপিক প্ৰশ্ন কৰাৰ বাবেই তেওঁৰ বিৰুদ্ধে ২৪ টা গোচৰ ৰুজু কৰা হৈছে ।

ৰাহুল গান্ধীয়ে কয় যে এই ক্ৰমত তেওঁক সাংসদৰ বাসগৃহৰ পৰা উচ্ছেদ কৰাতো তেওঁ আঘাত পোৱা নাছিল । তেওঁ লগতে কয় যে দেশৰ সকলো লোকৰ হৃদয়তে তেওঁৰ বাবে এটা ঘৰ আছে । তেলেংগানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ অন্তিমদিনা তেওঁ হায়দৰাবাদৰ নামপল্লীত অনুষ্ঠিত কংগ্ৰেছৰ সভাত অংশগ্ৰহণ কৰি তেওঁ এই কথা কয় ।

ভাষণ প্ৰসংগত ৰাহুলে তেওঁৰ বিৰুদ্ধে ২৪ টা গোচৰ ৰুজু কৰা বিষয়ত বিজেপিক সমালোচনা কৰি কয় যে ইয়াৰ বিপৰীতে কিন্তু দুৰ্নীতিগ্ৰস্ত কেচিআৰৰ বিৰুদ্ধে এটাও গোচৰ ৰুজু কৰা নাই । তেওঁ কয় যে বিআৰএছে মোদী চৰকাৰে অনা সকলো বিধেয়ক সমৰ্থন কৰিছে । তেওঁ লগতে অভিযোগ কৰে যে কালেশ্বৰাম প্ৰকল্পত লাখ কোটি টকাৰ দুৰ্নীতি হৈছিল । যাৰ বাবে মেদিগাড্ডা প্ৰকল্পৰ পতন ঘটে । তেওঁ লগতে কয় যে যদি বিআৰএছক পুনৰ ভোট দিয়া হয়, তেন্তে অভিজাতসকলৰ চৰকাৰ পুনৰ আহিব । আনহাতে, যদি কংগ্ৰেছ জয়ী হয়, তেন্তে জনতাৰ চৰকাৰ আহিব ।

ৰাহুলে গান্ধীয়ে আৰু যে কংগ্ৰেছ চৰকাৰেহে হায়দৰাবাদক মেট্ৰ' ৰে'ল প্ৰকল্প আৱণ্টন দিছিল । তেওঁ দাবী কৰে যে কংগ্ৰেছেই হায়দৰাবাদক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দিছিল । কংগ্ৰেছ দলেই বাহ্যিক ৰিং ৰোড প্ৰকল্পটোত অনুমোদন জনাইছিল । যদি আমি ক্ষমতালৈ আহোঁ, আমি দৰিদ্ৰ লোকৰ পৰা কেচিআৰে চুৰি কৰা প্ৰতিটো টকা সংগ্ৰহ কৰিম আৰু দৰিদ্ৰ লোকৰ পকেটত পুনৰ ভৰাই দিম বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে প্ৰতিটো গেছ চিলিণ্ডাৰ ৪০০ টকাত আৰু কৃষকসকলক প্ৰতি একৰত ১৫ হাজাৰ টকা হাৰত কৃষক বীমা প্ৰদানৰো আশ্বাস দিয়ে ৷ ৰাহুলে কয় যে যুৱ বিকাশমৰ অধীনত শিক্ষাৰ্থীসকলক ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব । ইয়াৰ উপৰি প্ৰতিমাহে মহিলাৰ একাউণ্টত ২৫০০ টকাকৈ জমা কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে ।

আনহাতে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা আৰু এমআইএমৰ প্ৰাৰ্থীসকলৰ মাজত গোপন বুজাবুজি থকাৰো অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে । তেওঁ কয় যে এমআইএম প্ৰাৰ্থীসকলে বিজেপিয়ে কোৱা আসনতহে প্ৰতিদ্বন্দ্বিতা কৰিছে । এমআইএমে কংগ্ৰেছক ক্ষতিগ্ৰস্ত কৰাৰ উদ্দেশ্যৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অভিযোগ কৰে ৰাহুল গান্ধীয়ে । লগতে বিজেপি, বিআৰএছ আৰু এমআইএমে একত্ৰিত হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰো দাবী কৰে ।

"বিজেপিৰ নীতি হৈছে মানুহৰ মাজত ঘৃণাৰ সৃষ্টি কৰি ৰাজনৈতিক লাভালাভ আহৰণ কৰা । মই ভাৰত জোড়ো যাত্ৰাৰ সময়ত বিজেপিয়ে বিয়পোৱা ঘৃণা দেখিছিলোঁ । দলটোক বিভিন্ন প্ৰশ্ন কৰাৰ বাবে মোৰ বিৰুদ্ধে ২৪ টা গোচৰ ৰুজু কৰা হৈছে । কিন্তু দুৰ্নীতিগ্ৰস্ত কেচিআৰৰ বিৰুদ্ধে এটাও গোচৰ নাই । বিজেপি, বিআৰএছ আৰু এমআইএম হৈছে একেটা দল । তেওঁলোক সকলোৱে একেলগে কাম কৰে ।" ৰাহুল গান্ধীয়ে কয় ।

লগতে পঢ়ক :ৰাজ্যপালৰ আশ্বাসৰ পাছতে পঞ্চকুলাত কৃষকৰ ৩ দিনীয়া প্ৰতিবাদৰ সমাপ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.