ETV Bharat / bharat

Maharashtra Political Crisis : শিন্দে গোটৰ বিধায়কৰ অযোগ্যতাৰ বাবে ছুপ্ৰিম কোৰ্টলৈ থাকৰে গোট

author img

By

Published : Jul 9, 2023, 2:00 PM IST

Maharashtra Political Crisis
Maharashtra Political Crisis

সংবিধানৰ দশম অনুসূচীৰ ছয় নং দফা অনুসৰি বিধানসভাৰ অধ্যক্ষই তেওঁৰ দায়িত্ব পালন কৰে । তেওঁলোকে সেই সময়ত এক প্ৰকাৰে ন্যায়াধীকৰণ হিচাপে কাম কৰে । সেই কাৰণেই বিধানসভাৰ অধ্যক্ষসকলে তেওঁলোকৰ কাম পক্ষপাতহীনভাৱে কৰিব লাগে । তাৰেই ভিত্তিত সুনীল প্ৰভুৱে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে ।

নিউজ ডেস্ক, ৯ জুলাই : মহাৰাষ্ট্ৰ ৰাজনীতিয়ে নিতৌ নতুন মোৰ লৈ আছে । প্ৰথমতে শিৱসেনাত বিভাজন, তাৰ পিছত এনচিপিত এজিত পাৱাৰৰ অভ্যুত্থান । আনহাতে, অজিত পাৱাৰে মহাৰাষ্ট্ৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত শিৱসেনাৰ শিন্দে গোটৰ মাজত আশংকাৰ ক'লীয়া ডাৱৰ ঘনীভূত হোৱাৰ ৰাজনৈতিক চৰ্চা চলিছে । তাৰ মাজতে এইবাৰ শিৱসেনা বিভাজনৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে উদ্ধৱ থাকৰে গোট । উল্লেখেয যে শিৱসেনাৰ বিদ্ৰোহী বিধায়কসকলে একনাথ শিন্দেৰ সৈতে শিৱসেনা দলত বিভাজন আনিছিল । সেই সন্দৰ্ভত শিন্দে গোটৰ বিধায়কসকলৰ অযোগ্যতাৰ আবেদন বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰৰ ওচৰত এবছৰ ধৰি বিচাৰাধীন হৈ আছে । এইবাৰ উদ্ধৱ বালাচাহেব থাকৰে গোটৰ নেতা সুনীল প্ৰভুৱে এই বিষয়ত জৰুৰী শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ত পুনৰ আবেদন জনাইছে । এই শুনানিৰ বাবে ১৪ জুলাই নিৰ্ধাৰণ কৰা হৈছে ।

সংবিধানৰ দশম অনুসূচীৰ ছয় নং দফা অনুসৰি বিধানসভাৰ অধ্যক্ষই তেওঁৰ দায়িত্ব পালন কৰে । তেওঁলোকে সেই সময়ত এক প্ৰকাৰে ন্যায়াধীকৰণ হিচাপে কাম কৰে । সেই কাৰণেই বিধানসভাৰ অধ্যক্ষসকলে তেওঁলোকৰ কাম পক্ষপাতহীনভাৱে কৰিব লাগে । তাৰেই ভিত্তিত সুনীল প্ৰভুৱে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে ।

আবেদনখনত সুনীল প্ৰভুৱে এই বিষয়টো দাঙি ধৰিছে যে বিধানসভাৰ অধ্যক্ষই অযোগ্যতা সন্দৰ্ভত যথাসময়ত ব্যৱস্থা গ্ৰহণ কৰা নাই । অৰ্থাৎ সংবিধানৰ দশম অনুসূচীৰ ৬ নং অনুচ্ছেদ সময়মতে কাৰ্যকৰী কৰা হোৱা নাই । যিটো সংবিধান অনুসৰি হোৱা নাই । সেয়েহে আবেদনখনত উল্লেখ কৰা হৈছে যে এই সন্দৰ্ভত তৎক্ষণাৎ ৰায় দিয়াটো অত্যাৱশ্যকীয় । আবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰে বৰ্তমান এই সন্দৰ্ভত ৰায় দিব বুলি আশা কৰা হৈছে ।

উচ্চতম ন্যায়ালয়ত অযোগ্যতাৰ আবেদনৰ শুনানিৰ সময়ত এইটো স্পষ্ট আছিল যে থাকৰেয়ে পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে । কাৰণ সেই সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে বিধানসভাৰ মজিয়াত আস্থা ভোটৰ সন্মুখীন হোৱা নাছিল । তাৰ বিপৰীতে তেওঁ হঠাতে পদত্যাগ কৰে । সেয়েহে মহাৰাষ্ট্ৰৰ বিধানসভাৰ অধ্যক্ষক বিধায়কসকলৰ অযোগ্যতা সম্পৰ্কে সিদ্ধান্ত লোৱাৰ ক্ষমতা দিয়া হৈছে । কিন্তু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশেও নিশ্চিত কৰিছিল যে বিধানসভাৰ অধ্যক্ষই যুক্তিসঙ্গত সময়ৰ ভিতৰত অযোগ্য ঘোষণা কৰাৰ সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয় ।

উল্লেখ্য, একনাথ শিন্দে গোটৰ বিদ্ৰোহী বিধায়কসকলৰ বিৰুদ্ধে অযোগ্যতাৰ আবেদন ২০২২ চনৰ ২৩ জুনত দাখিল কৰা হৈছিল । সেই সময়ত দলৰ এজন নেতা হিচাপে সুনীল প্ৰভুৱে হুইপ জাৰি কৰিছিল । আনহাতে, বিধায়কসকলে উক্ত হুইপৰ বিৰুদ্ধাচৰণ কৰিছিল । তাৰ ওপৰতেই আবেদনখন আছিল । কিন্তু বিধানসভাৰ অধ্যক্ষৰ অনুপস্থিতিত উপাধ্যক্ষ নৰহৰি জিৰৱালে অযোগ্যতাৰ জাননী জাৰি কৰে । ইফালে শিন্দে গোটে বিধানসভাৰ উপাধ্যক্ষৰ জাননীকো আদালতত প্ৰত্যাহ্বান জনাইছে ।

ইফালে থাকৰে গোটৰ আবেদনৰ পিছত ৰাহুল নাৰ্ভেকাৰে বিধায়কসকললৈ জাননী প্ৰেৰণ কৰিছে । বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰে শেহতীয়াকৈ শিন্দে গোটৰ ৪০ জন আৰু থাকৰে গোটৰ ১৪ জন বিধায়কলৈ জাননী প্ৰেৰণ কৰিছে । এই বিধায়কসকলক সাত দিনৰ ভিতৰত তেওঁলোকৰ মতামত উপস্থাপন কৰাৰ সুযোগ দিয়া হৈছে । বিধায়কসকলৰ লিখিত উত্তৰৰ পিছত, বিধানসভাৰ অধ্যক্ষই বিধায়কসকলক অযোগ্য ঘোষণা কৰাৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । আনহাতে, এনচিপিত অজিত পাৱাৰৰ বিদ্ৰোহৰ ফলত ৰাজ্যখনৰ ক্ষমতাৰ সমীকৰণ দ্ৰুতগতিত সলনি হৈ আছে । সেয়েহে থাকৰে গোটৰ আবেদনৰ ওপৰত উচ্চতম ন্যায়ালয়ে কি নিৰ্দেশ দিব তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে । এই শুনানিয়ে মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক নতুন মোৰ লোৱাৰো সম্ভাৱনা প্ৰকট কৰিছে ।

লগতে পঢ়ক :Digvijaya Singh controversial Post : আৰএছএছৰ গুৰুজীৰ ওপৰত বিতৰ্কিত পোষ্ট; দিগ্বিজয় সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.