ETV Bharat / bharat

শ্বপিয়ানত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী সন্ত্ৰাসবাদী

author img

By

Published : Sep 23, 2021, 11:54 AM IST

জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ । নিৰাপত্তা বাহিনীৰ গুলীত এটা সন্ত্ৰাসবাদী নিহত । সন্ত্ৰাসবাদীটোৰ নাম অনায়ত আশ্ৰফ দাৰ । এজন লোকৰ ওপৰত গুলীচালনা কৰি সন্ত্ৰাসবাদীটোৱে পলায়ন কৰিছিল ।

Encounter BREAK OUT IN SHOPIAN JAMMU KASHMIR
শ্বপিয়ানত নিৰাপত্তা বাহিনীৰ গুলীত সন্ত্ৰাসবাদী ধৰাশায়ী

নেশ্যনেল ডেস্ক, ২৩ ছেপ্টেম্বৰ: জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান । বৃহস্পতিবাৰে পুৱা দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ চিত্ৰগাম অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় আৰু এই সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হয় । নতুনকৈ নিয়োজিত হোৱা অনায়ত আশ্ৰফ দাৰ নামৰ সন্ত্ৰাসবাদীটোৱে জীৱাৰ হামিদ ভাট নামৰ এজন লোকৰ ওপৰত গুলীচালনা কৰাৰ পিছৰে পৰা পলাতক হৈ আছিল । অৱশেষত বৃহস্পতিবাৰে পুৱা গোপন সূত্ৰৰ পম খেদি নিৰাপত্তা বাহিনীয়ে কাশিও চিত্ৰগাম অঞ্চলত অভিযান চলায় ।

সেই সময়তে নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী হয় সন্ত্ৰাসবাদীটো । আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি, বুধবাৰে নিশাই শ্বপিয়ানৰ চিত্ৰগাম জনপদৰ কাশৱা গাঁৱত অভিযান আৰম্ভ হৈছিল । সন্ত্ৰাসবাদীটোৱে উক্ত স্থানত আত্মগোপন কৰি থকাৰ বিষয়ে নিশ্চিত হোৱাৰ পাছতে নিৰাপত্তা বাহিনীয়ে তেওঁ আত্মসমৰ্পণৰ বাবে সম্পূৰ্ণ এটা নিশাৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল । কিন্তু সন্ত্ৰাসবাদীটোৱে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে আৰু গুলীচালনা কৰিবলৈ আৰম্ভ কৰে ।

নিহত সন্ত্ৰাসবাদীটোৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা পিষ্টল আৰু গোলা-বাৰুদ জব্দ কৰে বুলি আৰক্ষীয়ে টুইটযোগে প্ৰকাশ কৰিছে । সন্ত্ৰাসবাদীটো ড্ৰাগছৰ বেহাৰ সৈতেও জড়িত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

আনহাতে, অনায়ত আশ্ৰফ দাৰে কৰা গুলীচালনাত গুৰুতৰভাৱে আহত হোৱা জীৱাৰ হামিদ ভাট এতিয়াও চিকিৎসালয়তে আছে । অনায়তে নিজৰ গাঁৱৰ লগতে কাষৰীয়া আন গাঁৱৰ লোককো অবৈধ অস্ত্ৰ-শস্ত্ৰ দেখুৱাই ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । জীৱাৰ হামিদ ভাটৰ ওপৰত আক্ৰমণ চলাৰ পিছত কেইবাজনো সন্দেহজনক লোকক আৰক্ষীয়ে জেৰা কৰে ।

ইয়াৰ পিছত গাঁৱখনত সুৰক্ষা বেষ্টনী স্থাপন কৰোঁতেই অনায়তে যুটীয়া অনুসন্ধানকাৰী দলৰ ওপৰত গুলীচালনা কৰে । সংঘৰ্ষৰ পূৰ্বে স্থানীয় লোকক সেই স্থানৰ পৰা নিৰাপদ স্থানলৈ স্থানান্ত কৰা হয় । উল্লেখ্য যে, যোৱা ১৮ ছেপ্টেম্বৰত জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে কৈছিল যে, কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ শান্তি বিঘ্নিত কৰাৰ বাবে দেশবিৰোধী সংগঠনে কৰিব পৰা যিকোনো কূটাঘাতমূলক পদক্ষেপক কঠোৰভাৱে দমন কৰা হ'ব ।

শ্ৰীনগৰৰ চিনাৰ কৰ্পছৰ জেনেৰেল অফিচাৰ কামাণ্ডিং (GOC) লেফটেনেণ্ট জেনেৰেল ডি পি পাণ্ডেই যোৱা ২০ ছেপ্টেম্বৰত জনাইছিল যে জম্মু আৰু কাশ্মীৰ উপত্যকাত বৰ্তমান ৬০-৭০ জন পাকিস্তানী সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে । তেওঁ লগতে কয় যে, সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশ কৰাৰো প্ৰয়াস কৰা হৈছে । কিন্তু নিৰাপত্তা বাহিনীয়ে এই প্ৰয়াস বিফল কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ জনাইছে ।

লগতে পঢ়ক: তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.