ETV Bharat / bharat

Jammu Kashmir: পুলৱামাত উত্তৰ প্ৰদেশৰ শ্ৰমিকক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ

author img

By ANI

Published : Oct 31, 2023, 8:57 AM IST

সোমবাৰে দুপৰীয়া প্ৰায় 12.45 বজাত দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ নওপোৰা গাঁৱত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে মুকেশ সিং নামৰ শ্ৰমিকগৰাকীক ৷

Terrorists kill migrant worker from Uttar Pradesh in Pulwama
উত্তৰ প্ৰদেশৰ শ্ৰমিকক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ

নেশ্যনেল ডেস্ক, 31 অক্টোবৰ : জম্মু কাশ্মীৰত ইটোৰ পিচত সিটোকৈ বহিঃৰাজ্যৰ শ্ৰমিকক সন্ত্ৰাসবাদীয়ে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে ৷ সোমবাৰে পুনৰ সন্ত্ৰাসবাদীৰ গুলীত নিহত হয় উত্তৰ প্ৰদেশৰ এজন শ্ৰমিক ৷ সোমবাৰে দুপৰীয়া প্ৰায় 12.45 বজাত দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ নওপোৰা গাঁৱত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে মুকেশ সিং নামৰ শ্ৰমিকগৰাকীক ৷ লক্ষণীয় যে যোৱা ২৪ ঘণ্টাত উপত্যকাটোত এইটো তৃতীয় সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷

এই ধাৰাবাহিক আক্ৰমণৰ ফলত আৰক্ষীয়ে সমগ্ৰ কাশ্মীৰত নিৰাপত্তা কটকটীয়া কৰিছে ৷ এই আক্ৰমণত জড়িত সন্ত্ৰাসবাদীসকলক বিচাৰি পুলৱামা জিলাত অৰ্ধসামৰিক বাহিনী আৰু চিআৰপিএফৰ সৈতে যুটীয়া কোম্বিং অভিযান অব্যাহত ৰাখিছে ৷

জম্মু-কাশ্মীৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে কয় যে, শত্ৰুপক্ষই এই ঠাইখনত শান্তি বৰ্তি থকাটো নিবিচাৰে ৷ যোৱা 24 ঘণ্টাৰ ঘটনাই সাধাৰণ লোকক স্বাভাৱিকতে আতংকিত কৰি তুলিছে ৷ সন্ত্ৰাসবাদীয়ে নিজ পৰিসৰ বৃদ্ধি কৰিব নোৱাৰি, সমগ্ৰ অঞ্চলটোলৈ শান্তি ঘূৰি অহাত ব্যাঘাত জন্মাইছে ৷

লগতে সিঙে দেওবাৰে সংঘটিত হোৱা অনুৰূপ ঘটনাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, এই আক্ৰমণ সন্দৰ্ভত তেওঁলোকে কিছু তথ্য লাভ কৰিছে৷ এগৰাকী দৰিদ্ৰ শ্ৰমিকক হত্যা কৰা সকলক ঈশ্বৰ তথা আৰক্ষীয়ে কেতিয়াও ৰেহাই নিদিয়ে ৷

ইফালে এই ঘটনাৰ পূৰ্বে জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ এজন পৰিদৰ্শকক সন্ত্ৰাসবাদীয়ে গুলীয়াই আহত কৰিছিল ৷ ভুক্তভোগী মাছৰুৰ আহমেদক পইণ্ট-ব্লেংক ৰেঞ্জৰ পৰা গুলীয়াইছিল ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি, আহমেদক শ্ৰীনগৰৰ ঈদগাহ অঞ্চলৰ জিলা আৰক্ষী লাইনত নিযুক্তি দিয়া হৈছিল ৷

লগতে পঢ়ক: Air Marshal PK Barbora Passes Away : ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী অসমীয়া শীৰ্ষ বিষয়া পি কে বৰবৰাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.