ETV Bharat / bharat

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী ২ সন্ত্ৰাসবাদী

author img

By

Published : Oct 11, 2021, 12:50 PM IST

সোমবাৰে জম্মু-কাশ্মীৰ(Jammu-Kashmir)ৰ দুটা পৃথক স্থানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় । অনন্তনাগ জিলাৰ খাগুণ্ড ভেৰিনাগ অঞ্চল আৰু বান্দিপোৰাৰ শ্বাহগুণ্ডত হোৱা এই সংঘৰ্ষত নিহত হ'ল ২ সন্ত্ৰাসবাদী । আনহাতে, আহত হয় এগৰাকী আৰক্ষী বিষয়া ।

Two militants killed in encounter
জম্মু কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী ২ সন্ত্ৰাসবাদী

নেশ্যনেল ডেস্ক, ১১ অক্টোবৰ : জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হৈছে সংঘৰ্ষ । সোমবাৰে দুটা পৃথক স্থানত হোৱা সংঘৰ্ষত নিহত হয় দুটা সন্ত্ৰাসবাদী । আৰক্ষীয়ে জনোৱা মতে, অনন্তনাগ জিলাৰ খাগুণ্ড ভেৰিনাগ অঞ্চল আৰু বান্দিপোৰাৰ শ্বাহগুণ্ডত হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী দুটা নিহত হয় । এই গুলীয়াগুলিত এগৰাকী আৰক্ষী বিষয়াও আহত হয় ।

উল্লেখ্য যে, সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ খবৰ পোৱাৰ পাচতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ যুটীয়া দলে খাগুণ্ড ভেৰিনাগ অঞ্চল ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে । সেই সময়তে সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত গুলীচালনা হয় । আনহাতে, বান্দিপোৰা জিলাৰ গুণ্ড জাহাংগীৰতো নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত আন এক সংঘৰ্ষৰ সূত্ৰপাত ঘটে ।

এই সংঘৰ্ষতো এজন সন্ত্ৰাসবাদী নিহত হয় । নিহত সন্ত্ৰাসবাদীজন ইমতিয়াজ আহমেদ দাৰ বুলি জানিব পৰা গৈছে । ইমতিয়াজ সন্ত্ৰাসবাদী সংগঠন এল ই টি(টিআৰএফ)ৰ সৈতে জড়িত আছিল । শেহতীয়াকৈ শ্বাহগুণ্ড বান্দিপোৰাত সংঘটিত হোৱা নাগৰিক হত্যাকাণ্ডৰে ইমতিয়াজ জড়িত আছিল । কাশ্মীৰৰ আৰক্ষী বিষয়া বিজয় কুমাৰে এই কথা প্ৰকাশ কৰিছিল ।

লগতে পঢ়ক: Lakhimpur Kheri violence : দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.