ETV Bharat / bharat

আজি অন্ত পৰিব তেলেংগানা বিধানসভা নিৰ্বাচন ২০২৩ৰ প্ৰচাৰ, ৩০ নৱেম্বৰত ভোটগ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 12:10 PM IST

তেলেংগানা নিৰ্বাচনক লৈ এইবাৰ শাসক-বিৰোধীয়ে ৰাজ্যখনত তুংগত তুলিছে নিৰ্বাচনী প্ৰচাৰ ৷ তেলেংগানা প্ৰতিষ্ঠাৰে পৰা ভাৰত ৰাষ্ট্ৰ সমিতি চমুকৈ বি আৰ এছে তেলেংগানাক বাঘজৰী চম্ভালি আহিছে । এইবাৰ বিৰোধী দলসমূহে বি আৰ এছৰ পৰা বাঘজৰী ল’ব পাৰিবনে নে তৃতীয়বাৰলৈও কে চি আৰৰ দখলত আহিব তেলেংগানা । সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব ৩ ডিচেম্বৰলৈ ৷

Telangana Assembly Election 2023
তেলেংগানা বিধানসভা নিৰ্বাচন ২০২৩

নিউজ ডেস্ক, ২৮ নৱেম্বৰ: আজি তেলেংগানা বিধানসভা নিৰ্বাচন ২০২৩ৰ প্ৰচাৰৰ অন্তিম দিন । সন্ধিয়া ৬ বজাত শেষ হ’ব নিৰ্বাচনী প্ৰচাৰ । তেলেংগানা নিৰ্বাচনক লৈ এইবাৰ শাসক-বিৰোধীয়ে ৰাজ্যখনত তুংগত তুলিছে নিৰ্বাচনী প্ৰচাৰ ৷ ২০১৪ চনত তেলেংগানা ৰাজ্য প্ৰতিষ্ঠাৰ পাচৰে পৰা ভাৰত ৰাষ্ট্ৰ সমিতি (পূৰ্বতে তেলেংগানা ৰাষ্ট্ৰ সমিতি) ক্ষমতাত আছে । ভাৰতীয় জনতা পাৰ্টি, কংগ্ৰেছ আৰু AIMIM-এ ৰাজ্যখনত নিজৰ ক্ষমতা স্থাপনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বিফল হৈছে ৷

ইফালে তেলেংগানাৰ প্ৰতিষ্ঠাৰ পাচৰে পৰা কেচিআৰে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে । সকলো বিৰোধী দলে তেওঁৰ বিৰুদ্ধে পৰিয়ালবাদৰ ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন কৰে । এনে সময়তে ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা কেটিআৰে কিছুদিন পূৰ্বে তেওঁলোকে ৰাজ্যবাসীৰ ইচ্ছা পূৰণ কৰাৰ কথা ব্যক্ত কৰি তৃতীয়বাৰৰ বাবে শাসনৰ বাঘজৰী দখল কৰাৰ দাবী কৰে ।

ইফালে কেন্দ্ৰৰ দখলত থকা বিজেপিয়ে তেলেংগানা নিৰ্বাচনত জয়ী হৈ দক্ষিণ ভাৰততো তেওঁলোকৰ অধিপত্য স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰ পূৰ্বে কৰ্ণাটকত বিজেপি চৰকাৰ আছিল যদিও এইবাৰ বিধানসভা নিৰ্বাচনত দলটো পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল দলটো । যাৰবাবে এইবাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিৰ্বাচনী ৰেলী তথা জনসভা সম্বোধন কৰি তেলেংগানা দখলৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

বিজেপিৰ সমান্তৰালভাৱে কংগ্ৰেছেও তেলেংগানা দখলৰ যুঁজ অব্যাহত ৰাখিছে ৷ কৰ্ণাটকত বিপুল সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ পাচত দলটোৰ আত্মবিশ্বাস বৃদ্ধি পাইছে ৷ কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে তথা চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া ৰাজ্যখনত অবিৰতভাৱে ৰেলীৰ আয়োজন কৰিছে ।

ৰাজ্যখনত চৰকাৰ গঠনৰ লক্ষ্যৰ বোকা ছটিওৱা ৰাজনীতিৰো আশ্ৰয় লৈছে দলকেইটাই ৷ মোদী চৰকাৰে ৰাজ্যখনৰ বাবে একো কৰা নাই বুলি বি আৰ এছে কেন্দ্ৰক কটাক্ষ কৰাৰ বিপৰীতে বিজেপিয়ে প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী কেচিআৰ কেতিয়াও সচিবালয়লৈ নাযায়, তেওঁলোকে নেপোটিজমৰ প্ৰচাৰ কৰিছে, জনসাধাৰণৰ আগত দিয়া সকলো প্ৰতিশ্ৰুতি পাহৰি গৈছে বুলি দলটোক কটু সমালোচনা কৰে ৷ একে সময়তে কংগ্ৰেছে দল দুটাই একেলগে কাম কৰি জনসাধাৰণক শোষণ কৰাৰ অভিযোগ কৰি মুখ্যমন্ত্ৰী কেচিআৰে ফাৰ্ম হাউচৰ পৰাই চৰকাৰ চলাই থকাৰ অভিযাগ কৰে ।

ইফালে তেলেংগানা নিৰ্বাচনী প্ৰচাৰত পিছ পৰি ৰোৱা নাই সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন চমুকৈ AIMIM । পাৰ্টিৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়েও বিৰোধীক তীব্ৰ সমালোচনা কৰি আহিছে । উল্লেখ্য যে, ১১৯খন বিধানসভা আসনযুক্ত তেলেংগানাত ৩০ নৱেম্বৰত ভোটদান অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে মিজোৰাম, ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত ভোটদান সম্পন্ন হয় । ৩ ডিচেম্বৰত হ’ব ভোটগণনা । তেলেংগানা নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ।

লগতে পঢ়ক: কেচিআৰে বুজিছে বিআৰএছ এতিয়া ডুব যোৱা জাহাজ; তেলেংগানাত পৰিৱৰ্তনৰ ইংগিত প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.