ETV Bharat / bharat

মিচাউং ঘূৰ্ণীবতাহ : তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে বিতৰণ কৰে 6 হাজাৰ টকাৰ সাহায্য পুঁজি

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 2:31 PM IST

Cyclone Michaung affected people : ঘূৰ্ণীবতাহ মিচাউঙৰ ফলত চেন্নাইত বিস্তৰ ক্ষতিসাধন হৈছিল ৷ ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ অৰ্থে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে দেওবাৰে 6 হাজাৰ টকাৰ সাহায্য পুঁজি বিতৰণ কৰে ৷

Cyclone affected people
মিচাউং ঘূৰ্ণীবতাহ

নেশ্যনেল ডেস্ক, 17 ডিচেম্বৰ : দেওবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে মিচাউং ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে 6 হাজাৰ টকাৰ সাহায্য পুঁজি বিতৰণ কৰে । চেন্নাইৰ ভেলাচেৰীস্থিত শক্তি বিজয়লক্ষ্মী নগৰত অনুষ্ঠিত কৰা হয় এক অনুষ্ঠানৰ ৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ সৈতে এইচ আৰ চি ই মন্ত্ৰী পি কে ছেকৰ বাবু (HRCE Minister PK Sekar Babu), স্বাস্থ্যমন্ত্ৰী মা সুব্ৰমণিয়ান (Health minister Ma Subramanian), টি এন চি এছ শিৱ দাস মীনা আই এ এছ (TN CS Shiv Das Meena IAS) উপস্থিত থাকে ।

ইয়াৰ পূৰ্বে যোৱা 4 ডিচেম্বৰত চেন্নাই, চেংগালপট্টু, কাঞ্চিপুৰম আৰু তিৰুৱল্লুৰ জিলাত প্ৰচণ্ড বতাহ-বৰষুণ হয় । ফলত বহু ঠাইত পানী জমা হৈ পৰিছে । আনকি ব্যাহত হৈ পৰে জনজীৱন ৷ অৱশ্যে বতাহ-বৰষুণৰ মাত্ৰা কমি যোৱাৰ পাচতে প্ৰশাসনৰ ফালৰ পৰা আৰম্ভ হয় উদ্ধাৰ অভিযান ৷

বৰ্তমান কৰ্ণাটকৰ অৱস্থা পূৰ্বতকৈ কিছু সুস্থিৰ হৈছে বুলি জানিব পৰা গৈছে ৷ তামিলনাডু চৰকাৰে 2023 চনৰ 9 ডিচেম্বৰত ঘোষণা কৰিছিল যে চেন্নাই আৰু অন্যান্য ক্ষতিগ্ৰস্ত অঞ্চলৰ জনসাধাৰণক ৰেচনৰ দোকানৰ জৰিয়তে 6 হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হ’ব ।

এই ঘোষণাৰ পিচতে ক্ষতিগ্ৰস্ত লোকক ৰেচনৰ দোকানৰ জৰিয়তে টোকেন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰা হয় । এই টোকেনত উল্লেখ আছিল সময়, তাৰিখ আৰু সাহায্য পুঁজিৰ বাবে নিৰ্ধাৰিত স্থানৰ সবিশেষ ।

সকলোৰে জ্ঞাত যে, ঘূৰ্ণীবতাহ মিচাউঙৰ ফলত চেন্নাইত বৃদ্ধি পাইছিল বৰষুণৰ মাত্ৰা ৷ যাৰ বাবে বাতিল কৰা হৈছিল কেবাখনো বিমানৰ উৰণ আৰু অৱতৰণ ৷ লগতে কেবাখনো ৰে’লো পলমকৈ চলাৰ লগতে বাতিলো কৰা হৈছেল ৷ ফলত বিমূৰত পৰিছিল বহু যাত্ৰী ৷

ইফালে চৰকাৰে সম্ভৱতঃ ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা লোকসকলক স্থানান্তৰ কৰাৰ লগতে প্ৰতিমূহুৰ্ততে সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল ৷

লগতে পঢ়ক : ঘূৰ্ণীবতাহ মিচাউং: জলমগ্ন চেন্নাই; স্বাভাৱিক জীৱন বিঘ্নিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.