ETV Bharat / bharat

গংগাৰ পানীত নাই কৰ'ণা ভাইৰাছ !

author img

By

Published : Jul 8, 2021, 10:04 PM IST

coronavirus in Ganga
গংগাৰ পানীত নাই কৰ'ণা ভাইৰাছ

বিশেষ পৰীক্ষাৰ অন্তত পোহৰলৈ আহিছে যে গংগাৰ পানীত নাই কৰ'ণা ভাইৰাছ । দুটা পৰ্যায়ত কৰা হৈছিল এই পৰীক্ষা । নমুনাবোৰ কন্নৌজ, উন্নাও, কাণপুৰ, হামিৰপুৰ, এলাহাবাদ, বাৰাণসী, বালিয়া, বাক্সাৰ, গাজীপুৰ, পাটনা আৰু ছপ্ৰাৰ পৰা লোৱা হৈছিল ।

নেশ্যনেল ডেস্ক, ৮ জুলাই : সমগ্ৰ দেশত কৰ'ণাই (Corona) ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । দ্বিতীয় ঢৌত (Second wave) দেশৰ ভিন্ন প্ৰান্তত বহুতো অনাকাংশিত ঘটনা সংঘটিত হোৱা দেখা গৈছে । তাৰ ভিতৰত গংগা নদীত বহু মৃতদেহ উটি অহা দৃশ্যটো আছিল অতি উদ্বেগজনক । উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কিছুমান জিলাত এই ঘটনা সংঘটিত হৈছিল ।

দুয়োখন ৰাজ্যতে কৰ'ণাৰ ভয়ংকৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল । যাৰ বাবে ঠায়ে ঠায়ে মৃত কৰ'ণা ৰোগীৰ শৰীৰ উটি আহিছিল গংগা নদীত । ইয়াৰ পিছতে আনকি বহু ঠাইত পানী প্ৰদূষণ হোৱাকলৈ চৰম সংকটত পৰিছিল একাংশ লোক । কিয়নো বহু লোকে গংগাৰ পানী খোৱাৰ উপৰিও বিভিন্ন কামত ব্যৱহাৰ কৰে ।

ইয়াৰ পিছতে বহুতে সন্দেহ কৰিছিল যে নৈৰ পানীত কৰ'ণা ভাইৰাছ আছে । বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছিল দুয়োখন ৰাজ্যতে । তাৰ পিছতে সষ্টম হৈছিল প্ৰশাসন ।

জল শক্তি মন্ত্ৰালয়ৰ অধীনত National Mission for Clean Ganga ই বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ (CSIR) ভাৰতীয় টক্সিকোলজী গৱেষণা প্ৰতিষ্ঠান (IITR), কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড (Central Pollution Control Board) আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ (state pollution control board) সহযোগত এক পৰীক্ষা কৰা হৈছিল । সূত্ৰৰ পৰা জানিব পৰা এই পৰীক্ষা দুটা পৰ্যায়ত কৰা হৈছিল য'ত নমুনাবোৰ কন্নৌজ, উন্নাও, কানপুৰ, হামিৰপুৰ, এলাহাবাদ, বাৰাণসী, বালিয়া, বাক্সাৰ, গাজীপুৰ, পাটনা আৰু ছপ্ৰাৰ পৰা লোৱা হৈছিল । সূত্ৰটোৱে জানিবলৈ দিয়া মতে এই পৰীক্ষাৰ অন্তত গংগাৰ পানীত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা নাই ।

সংগ্ৰহ কৰা এটা নমুনাতো ভাইৰাছ ধৰা পৰা নাই বুলি সূত্ৰটোৱে সদৰি কৰে । ইফালে ভাইৰোল’জিকেল পৰীক্ষাটোৰ জৰিয়তে জলাশয়ত ভাইৰেল বোজা নিৰ্ধাৰণ কৰিবলৈ আৰটি-পিচিআৰ পৰীক্ষা কৰিবলৈ পানীৰ নমুনাৰ পৰা ভাইৰাছৰ আৰএনএ আহৰণ কৰা কৰিছিল । কেৱল এয়াই নহয় এই পৰীক্ষাৰ জৰিয়তে নদীখনৰ জৈৱিক মানদণ্ডও পৰীক্ষা কৰা হৈছিল ।

লগতে পঢ়ক :জুলাইত দেশে লাভ কৰিব 12 কোটিৰো অধিক ক'ভিড প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.