ETV Bharat / bharat

‘স্পুটনিক ভি’য়ে ডেল্টা ভাইৰাছৰ বুষ্টাৰ পালি (booster shot) আগবঢ়াব আন ভেকছিন নিৰ্মাতাক

author img

By

Published : Jun 18, 2021, 8:27 AM IST

স্পুটনিক ভি-য়ে বুষ্টাৰ শ্বট আগবঢ়াব আন ভেকছিন নিৰ্মাতাক
sputnik-v-to-offer-booster-shot-against-delta-variant-to-other-vaccine-manufacturers

টুইটাৰৰ জৰিয়তে ‘স্পুটনিক ভি’য়ে বৃহস্পতিবাৰে জনায় যে ই কৰ’ণা ভাইৰাছৰ ডেল্টা প্ৰকাৰৰ বিৰুদ্ধে অধিক কাৰ্যকৰী ৷ এই ভাইৰাছৰ উপস্থিতি ভাৰতত প্ৰথমে ধৰা পৰিছে । ভেকছিনটো সমগ্ৰ ভাৰতৰ ৯ খন চহৰত উপলব্ধ হ'ব ।

নেচনেল ডেস্ক, 18 জুন : ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডে (The Russian Direct Investment Fund) বৃহস্পতিবাৰে কয় যে, ‘স্পুটনিক ভি’ (sputnik v) প্ৰতিষেধক কৰ’ণা ভাইৰাছৰ ডেল্টা প্ৰকাৰৰ বিৰুদ্ধে অধিক কাৰ্যকৰী ৷ শীঘ্ৰে ‘স্পুটনিক ভি’ (sputnik v)য়ে অন্যান্য ভেকছিন নিৰ্মাতাসকলক কৰ’ণা ভাইৰাছৰ ডেল্টা প্ৰকাৰৰ বিৰুদ্ধে বুষ্টাৰ পালি (booster shot) আগবঢ়াব ৷ ৰাছিয়ান ভেকছিনৰ অফিচিয়েল হেণ্ডেলে নিশ্চিত কৰে যে আন যিকোনো ভেকছিনতকৈ ডেল্টা প্ৰকাৰত ‘স্পুটনিক ভি’ (sputnik v)ৰ কাৰ্যকাৰিতা অধিক ।

স্পুটনিক ভি-য়ে বুষ্টাৰ শ্বট আগবঢ়াব আন ভেকছিন নিৰ্মাতাক
sputnik-v-to-offer-booster-shot-against-delta-variant-to-other-vaccine-manufacturers

উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিলত ‘স্পুটনিক ভি’ (sputnik v)য়ে ভাৰতত জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন লাভ কৰিছিল ৷ ই দেশত উপলব্ধ হোৱা তৃতীয়টো ভেকছিন ৷

হায়দৰাবাদস্থিত ড৹ ৰেড্ডী লেবৰেটৰীজে ৰাছিয়াৰ পৰা ‘স্পুটনিক ভি’ (sputnik v)ৰ পালিসমূহ আমদানি কৰিছে । ভেকছিনটো ভাৰতত নিৰ্মান কৰা হ’ব ৷ ডেল্টা প্ৰকাৰটো বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা উদ্বেগৰ চতুৰ্থ প্ৰকাৰ হিচাপে তালিকাভুক্ত কৰা হৈছে আৰু ইয়াৰ ফলত ভাৰতত বিধ্বংসী দ্বিতীয় ঢৌকে ধৰি বহুতো দেশত কভিড-19 (Covid 19) সংক্ৰমণৰ পুনৰুত্থান ঘটিছে বুলি বিশ্বাস কৰা হয় ।

‘স্পুটনিক ভি’ (sputnik v) ৰ অফিচিয়েল হেণ্ডেল অনুসৰি, "স্পুটনিক ভি ভেকছিনটো ভাৰতৰ 9 খন চহৰত উপলব্ধ হ'ব, যাৰ ভিতৰত আছে বেংগালুৰু, মুম্বাই, চেন্নাই, বিশাখাপট্টনম, বড্ডি, কোলহাপুৰ আৰু মিৰিয়ালাগুডা ।"

লগতে পঢ়ক : আনন্দ মিশ্রৰ বিৰুদ্ধে আৰম্ভ হৈছে ষড়যন্ত্ৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.