ETV Bharat / bharat

পুনৰ ক'ভিডত আক্ৰান্ত ছোনিয়া গান্ধী

author img

By

Published : Aug 13, 2022, 2:29 PM IST

Sonia Gandhi Covid positive
কোভিডত আক্ৰান্ত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী

পুনৰ ক'ভিডত আক্ৰান্ত হৈছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী(Sonia Gandhi Covid positive) ৷

নেশ্যনেল ডেস্ক,13 আগষ্ট: দুমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ক'ভিডত আক্ৰান্ত হৈছে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী(Sonia Gandhi Covid positive) ৷ শনিবাৰে গান্ধীৰ ক'ভিড পৰীক্ষা কৰাৰ সময়তে তেওঁ ক'ভিডত আক্ৰান্ত হোৱাটো পোহৰলৈ আহে ৷ সম্প্ৰতি চৰকাৰৰ কোভিড নীতি অনুসৰণ কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে নিজকে জনসমাগমৰ পৰা আতঁৰাই ৰাখিছে ৷ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এক টুইটযোগে এই কথা সদৰি কৰিছে ৷

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে 2 জুনত ছোনিয়া গান্ধী ক'ভিডত আক্ৰান্ত হৈছিল ৷ পৰৱৰ্ত্তী পৰ্যায়ত ক'ভিড সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাত তেওঁক 12 জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ প্ৰৱৰ্তন সঞ্চালকালয়ে নেচনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধীক 23 জুনত হাজিৰ হবলৈ 8 জুনত জাননী জাৰি কৰিছিল যদিও নেত্ৰীগৰাকী ক'ভিডত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ হাজিৰ হোৱা দিনটো 21 জুলাইলৈ পিছুৱাই দিছিল ৷

লগতে পঢ়ক: Precautionary dose of covid 19 : শোণিতপুৰত আৰম্ভ কোভিড-১৯ৰ তৃতীয়টো সুৰক্ষা পালি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.