গুজৰাটৰ আৰাৱল্লীৰ পথ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু

author img

By

Published : Sep 2, 2022, 11:32 AM IST

Gujrat

গুজৰাটৰ আৰাৱল্লী জিলাৰ মালপুৰৰ সমীপত মৰ্মান্তিক পথ দুৰ্ঘটনা (Gujarat tragic accident)। থিতাতে মৃত্যু ৬ জন লোকৰ । অম্বাজী মন্দিৰলৈ গৈ থকা অৱস্থাতে যাত্ৰীবাহী বাহনখন দুৰ্ঘটনাগ্ৰস্ত । মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা চৰকাৰৰ ।

নেশ্যনেল ডেস্ক,২ ছেপ্টেম্বৰ : গুজৰাটৰ আৰাৱল্লী জিলাত শোকাৱহ পথ দুৰ্ঘটনা । অম্বাজী মন্দিৰলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত বাহন । দুৰ্ঘটনাত পথচাৰীসহ ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে (6 people died in road accident)।

জানিব পৰা মতে দুৰ্ঘটনাটো সংঘটিত হৈছে মালপুৰ আৰু কৃষ্ণনগৰৰ সমীপত (Gujarat Aravalli accident)। একাংশ ভক্তই অম্বাজী মন্দিৰলৈ গৈ থকা অৱস্থাতে তেওঁলোকৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় । বাহনখনে মহতিয়াই লৈ যায় কেইবাজনো পথচাৰীক । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৬ জন পথচাৰীক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । জানিব পৰা মতে বাহনখনত থকা যাত্ৰীসকল দাহোদৰ লিমখেদা আৰু মালপুৰৰ কৃষ্ণপুৰ গাঁৱৰ আছিল ।

গুজৰাটৰ আৰাৱল্লীৰ পথ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু

ইফালে পথ দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে (Gujarat CM has expressed grief over accident)। দুৰ্ঘটনাত মৃত লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

আনহাতে দুৰ্ঘটনাটোত মৃত্যু হোৱা সকলৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৪ লাখ টকাকৈ প্ৰদানৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ উপৰিও চৰকাৰে আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰিব । ইফালে দুৰ্ঘটনাটোত আহত লোকসকলৰ সঠিক চিকিৎসা প্ৰদানৰ বাবে আৰাৱলী জিলা উপায়ুক্তক মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :মিজোৰামত বৃহৎ পৰিমাণৰ বিস্ফোৰকসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.