ETV Bharat / bharat

Foreign funds to Madrasas: ৪ হাজাৰ মাদ্ৰাছাৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এছ আই টি গঠন

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 9:37 PM IST

বিদেশৰ পৰা ধন লাভ কৰা মাদ্ৰাছাৰ তদন্ত কৰিবলৈ গঠন বিশেষ তদন্তকাৰী দল ৷ মুখ্য়মন্ত্ৰীৰ নিৰ্দেশতে গঠন কৰা হৈছে এই দল ৷ দলটোত আছে আৰক্ষীৰ তিনি শীৰ্ষ বিষয়া ৷

SIT to probe 4000 UP madrasas
Foreign funds to Madrasas

নিউজ ডেস্ক, ২৩ অক্টোবৰ: বিদেশৰ পৰা ধন লাভ কৰা বুলি অভিযোগ উত্থাপন কৰি ৰাজ্যখনত চলি থকা ৪ হাজাৰ মাদ্ৰাছাৰ বিৰুদ্ধে তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে ৷ ইয়াৰে অধিকাংশ মাদ্ৰাছা নেপালৰ সীমান্তত অৱস্থিত । এজন বিষয়াই কয় যে এই ধন সন্ত্ৰাসবাদ বা বলপূৰ্বক ধৰ্মান্তৰকৰণৰ দৰে কোনো অবৈধ কামত ব্যৱহাৰ কৰা হৈছে নেকি সেয়া এছ আই টিয়ে পৰীক্ষা কৰিব ।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত সন্ত্ৰাসবাদ বিৰোধী দলৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মোহিত আগৰৱালৰ নেতৃত্বত তিনিজনীয়া এছ আই টি গঠন কৰা হৈছে বুলি এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে । চাইবাৰ চেলৰ আৰক্ষী অধীক্ষক ত্ৰিবেনী সিং আৰু সংখ্যালঘু কল্যাণ বিভাগৰ সঞ্চালক জে ৰীভা ইয়াৰ অন্যতম সদস্য ।

এছ আই টি স্থাপনৰ কথা নিশ্চিত কৰি এ ডি জি আগৰৱালাই কয় যে উত্তৰ প্ৰদেশত প্ৰায় ২৪ হাজাৰ মাদ্ৰাছা আছে ৷ ইয়াৰে ১৬ হাজাৰ মাদ্ৰাছা স্বীকৃতিপ্ৰাপ্ত আৰু ৮ হাজাৰ অস্বীকৃতিপ্ৰাপ্ত । প্ৰায় ৪ হাজাৰ মাদ্ৰাছা তদন্তৰ অধীনলৈ আহিব পাৰে আৰু এই সপ্তাহৰ পৰাই তেওঁলোকক জাননী প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি এজন বিষয়াই জনায় ।

যোৱা কেইবছৰমানৰ পৰা নেপালৰ সীমান্তৱৰ্তী অঞ্চলসমূহত কেইবাখনো মাদ্ৰাছা গঢ়ি উঠিছে বুলি বিষয়াসকলে জনায়। মহাৰাজগঞ্জ, সিদ্ধাৰ্থনগৰ, শ্ৰৱস্তি, বলৰামপুৰ, বাহৰেইচ, লখিমপুৰ খেৰী আৰু পিলিভিত নেপালৰ সীমাত আছে । বিদেশৰ পৰা পোৱা ধন দেশ বিৰোধী কামত ব্যৱহাৰ কৰা বুলি ইতিপূৰ্বে অভিযোগ লাভ কৰাৰ কথা এজন বিষয়াই জানিবলৈ দিয়ে ৷ যোৱা বছৰ এক সমীক্ষাত দেখা গৈছে যে সীমান্ত অঞ্চলৰ বেছিভাগ মাদ্ৰাছাই বৃহৎ পৰিমাণৰ ধন লাভ কৰিছিল, কিন্তু ইয়াৰ সঠিক হিচাপ দিব পৰা নাছিল বুলিও তেওঁ কয় ।

এছ আই টিয়ে এনে মাদ্ৰাছাক জাননী প্ৰদান কৰিব আৰু এক্সচেঞ্জ আৰ্নাৰ্ছৰ বিদেশী মুদ্ৰা (ই ই এফ চি) একাউণ্টত লেনদেনৰ তথ্য বিচাৰিব বুলিও তেওঁ কয় । ইয়াৰ পিছত এছ আই টিয়ে বহিঃৰাষ্ট্ৰৰ পৰা ধন লাভ কৰা মাদ্ৰাছাসমূহৰ তদন্ত কৰিব ৷ ধনৰ উৎস আৰু ইয়াক ব্যৱহাৰ কৰা কাৰ্যকলাপৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিব বুলিও বিষয়াগৰাকীয়ে লগতে কয় ।

লগতে পঢ়ক: CJI Chandrachud : আইনী ব্যৱস্থা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.