ETV Bharat / bharat

Sidhu Moosewala Murder Case: সিদ্ধু মুছেৱালাৰ হত্যাকাৰী শচীন বিষ্ণইক 10 দিনৰ বাবে দিল্লী আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

author img

By

Published : Aug 1, 2023, 7:53 PM IST

আজাৰবাইজানৰ পৰা গ্ৰেপ্তাৰ কৰা হ’ল সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা শচীন বিষ্ণইক ৷ 2022 চনৰ 29 মে’ত পঞ্জাৱৰ বিখ্যাত গায়ক সিদ্ধু মুছেৱালাক দিন-দুপৰতে গুলীয়াই হত্যা কৰা হৈছিল । ছ’চিয়েল মিডিয়াযোগে সিদ্ধু মুছেৱালাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল শচীন বিষ্ণইয়ে ৷

Sidhu Moosewala Murder Case
Sidhu Moosewala Murder Case

নেশ্যনেল ডেস্ক, 1 আগষ্ট: পঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড শচীন বিষ্ণই ওৰফে শচীন থাপানক লৈ দিল্লীত উপস্থিত হ’ল আৰক্ষী ৷ মঙলবাৰে ৰাতিপুৱা, দিল্লী আৰক্ষীৰ বিশেষ কোষে তেওঁক আজাৰবাইজানৰ পৰা দিল্লীলৈ লৈ আহে ।

উল্লেখ্য যে পাটিয়ালা হাউচ আদালতে শচীন বিষ্ণইক দিল্লী আৰক্ষীক 10 দিনৰ ৰিমাণ্ড প্ৰদান কৰিছে । লগতে তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈও নিৰ্দেশ দিছে ৷ বিশেষ আৰক্ষী আয়ুক্ত (বিশেষ কোষ) এইচ জি এছ ধালিৱালে এখন সংবাদমেলত কয় যে বিগত বৰ্ষৰ আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক বৈঠক অনুষ্ঠিত হৈছিল ৷ বৈঠকত গৃহমন্ত্ৰীগৰাকীয়ে ভাৰতত অপৰাধ সংঘটিত কৰি বিদেশলৈ পলায়ন কৰা অপৰাধীক গ্ৰেপ্তাৰৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল ৷

ইয়াৰ পিচত, দিল্লী আৰক্ষীয়ে মেক্সিকোৰ পৰা গেংষ্টাৰ দীপক বক্সাৰক গ্ৰেপ্তাৰ কৰে । শেহতীয়াকৈ গেংষ্টাৰ শচীন বিষ্ণইক আজাৰবাইজানৰ পৰা বিশেষ কোষে গ্ৰেপ্তাৰ কৰিছে । শচীন বিষ্ণইয়ে আজাৰবাইজানত থকা অৱস্থাত ছচিয়েল মিডিয়াৰ জৰিয়তে সিদ্ধু মুছেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল ।

দিল্লী আৰক্ষীয়ে ইতিমধ্যে গুজৰাট আৰু ৰাজস্থানৰ পৰা হত্যাকাণ্ডটোৰ সৈতে জড়িত চাৰিজন শ্বুটাৰক গ্ৰেপ্তাৰ কৰিছে । কিন্তু সিদ্ধু মুছেৱালাৰ হত্যাৰ সময়ৰ পৰা শচীন বিষ্ণই পলাতক আছিল । এতিয়া প্ৰায় 13 মাহৰ পিচত, তেওঁ আৰক্ষীৰ জালত পৰে ৷

বিশেষ আৰক্ষী আয়ুক্ত (বিশেষ কোষ) এইচ জি এছ ধালিৱালে কয় যে শচীন বিষ্ণইৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰৰ ভিত্তিত তদন্ত কৰা হ’ব ৷ যিবোৰ ক্ষেত্ৰত তেওঁক আৰক্ষীৰ জিম্মাত লোৱাৰ প্ৰয়োজন হয়, আদালতৰ পৰা আৰক্ষীৰ জিম্মাত বিচৰা হ’ব ৷ উল্লেখ্য যে নতুন দিল্লীত শচীন বিষ্ণইৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু হৈছে ৷ ইয়াৰে এটা গোচৰত সিদ্ধু মুছেৱালাক হত্যাৰ সৈতে জড়িত আৰু আনটো এগৰাকী ব্যৱসায়ীৰ ওপৰত গুলীচালনা কৰাৰ সৈতে জড়িত ৷

ইয়াৰ উপৰিও, বিশেষ কোষত তেওঁৰ বিৰুদ্ধে তিনিটা গোচৰ ৰুজু কৰা হৈছে । বিশেষ কোষে তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা আন গোচৰত জেৰাৰ বাবে আদালতৰ পৰা তেওঁৰ জিম্মা বিচাৰিব আৰু লগতে চিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ গোচৰটো জিম্মাত বিচাৰিব ৷

আৰক্ষীসূত্ৰই জনোৱা অনুসৰি, শচীন বিষ্ণই সিদ্ধু মুছেৱালাক হত্যা কৰাৰ বাবে ভাৰততে ষড়যন্ত্ৰ আৰম্ভ কৰিছিল ৷ সিদ্ধুক হত্যা কৰিবলৈ শ্বুটাৰ নিয়োগ কৰিছিল । আৰক্ষীৰ পৰা হাত সাৰিবলৈ, তেওঁ হত্যাৰ আগতে ভুৱা পাছপোৰ্ট লৈ আজাৰবাইজানলৈ পলায়ন কৰিছিল ৷

ইয়াৰ পিচত, তেওঁ কিছু দিনৰ বাবে ডুবাইত অৱস্থান কৰিছিল ৷ সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ তদন্ত কৰি থকা এন আই এয়ে (NIA) এতিয়ালৈকে গোচৰটোৰ সন্দৰ্ভত 16 জন লোকক গ্ৰেপ্তাৰ কৰিছে । হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰিজন শ্বুটাৰেও এই ষড়যন্ত্ৰত শচীন বিষ্ণই জড়িত থকাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল ৷

2022 চনৰ 29 মে’ত পঞ্জাৱৰ বিখ্যাত গায়ক সিদ্ধু মুছেৱালাক দিন-দুপৰতে গুলীয়াই হত্যা কৰা হৈছিল । সিদ্ধু মুছেৱালাৰ গাড়ীলৈ নিৰ্বিচাৰে গুলীচালনা কৰা হৈছিল । ইয়াৰ পিচত, শচীন বিষ্ণইয়ে ছ'চিয়েল মিডিয়াত পোষ্ট কৰি এই হত্যাকাণ্ডৰ দায়িত্ব লয় । শচীন বিষ্ণই গেংষ্টাৰ লৰেন্স বিষ্ণইৰ ভতিজা আৰু গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ সৈতেও জড়িত । তেওঁ পঞ্জাৱৰ ফাজিলকাৰ বাসিন্দা আৰু তেওঁৰ বিৰুদ্ধে কেইবাটাও অপৰাধমূলক গোচৰ ৰুজু হৈ আছে ৷

লগতে পঢ়ক: Atiq Ahmed lawyer arrested : আতিক আহমেদৰ অধিবক্তা বিজয় মিশ্ৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.