ETV Bharat / bharat

Siddaramaiah oath ceremony : সিদ্দাৰামাইয়াৰ শপত অনুষ্ঠানত আৰক্ষীৰ লাঠিচালনা, পদপিষ্টৰ ঘটনা

author img

By

Published : May 20, 2023, 3:09 PM IST

Updated : May 20, 2023, 4:06 PM IST

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ শপত গ্ৰহণ অনুষ্ঠানত (Siddaramaiah oath ceremony) অনুৰাগীৰ ঠেলা-হেঁচাৰ ফলত পদপিষ্টৰ ঘটনা সংঘটিত হয় । আনহাতে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনাও কৰিবলগা হয় । যাৰ ফলত এগৰাকী আৰক্ষীকে ধৰি তিনিজন লোক আঘাতপ্ৰাপ্ত হয় ।

Siddaramaiah oath ceremony
Siddaramaiah oath ceremony

নিউজ ডেস্ক, ২০ মে' : অপেক্ষাৰ অন্ত পেলাই শনিবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয় সিদ্দাৰামাইয়াই (Siddaramaiah oath ceremony) । আনহাতে, ডি কে শিৱকুমাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । প্ৰায় ৪০ হাজাৰ লোক উপস্থিত থকা বেংগালুৰুৰ কেণ্টাভাৰা ষ্টেডিয়ামত ৰাজ্যপাল থাৱাৰ চান্দ গেহলটে সিদ্দাৰামাইয়া আৰু শিৱকুমাৰক শপত বাক্য পাঠ কৰায় (DK Shivkumar taking oath as DCM) । অনুষ্ঠানত দলীয় নেতা, কৰ্মী-সমৰ্থকৰ লগতে উপস্থিত থাকে কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi at Karnataka govt oath taking), প্ৰিয়ংকা গান্ধী ভাদ্ৰা, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখিন্দৰ সিং, পুডুচেৰীৰ মুখ্যমন্ত্ৰী ৰঙ্গস্বামী, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন ।

কিন্তু মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ শপত গ্ৰহণ অনুষ্ঠানত নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী বিভাগ সম্পূৰ্ণ বিফল হোৱা পৰিলক্ষিত হয় । ইতিমধ্যে কৰ্ণাটক প্ৰশাসনে শপত গ্ৰহণ অনুষ্ঠান উপভোগৰ বাবে নিৰ্দিষ্টসংখ্যক লোককহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছিল যদিও পুৱাৰে পৰা ষ্টেডিয়ামৰ ৰাজহুৱা প্ৰৱেশদ্বাৰত লাখৰ ওচৰত লোক একত্ৰিত হয় (Fans stampede in Siddaramaiah oath ceremony) ।

কিন্তু তেওঁলোকক নিয়ন্ত্ৰণৰ বাবে নাছিল পৰ্যাপ্ত আৰক্ষী জোৱান । মাত্ৰ কেইজনমান আৰক্ষী জোৱানকহে তাত নিয়োগ কৰা হৈছিল আৰু সঠিক বেৰিকেডো স্থাপন কৰা হোৱা নাছিল । যাৰ ফলত প্ৰৱেশদ্বাৰত অত্যন্ত ভিৰ হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায় । যাৰ ফলত আৰক্ষীয়ে মৃদু লাঠিচালনা কৰিবলগা হয় (Police lathi charge in Siddaramaiah oath ceremony) ।

আনহাতে, প্ৰৱেশদ্বাৰত হোৱা হেঁচা-ঠেলাৰ ফলত এজন ব্যক্তিয়ে কপালত আৰু আন এজনে পেটত আঘাত পায় । লগতে এজন ট্ৰেফিক পৰিদৰ্শকো আঘাতপ্ৰাপ্ত হয় । তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ঘটনাটো সংঘটিত হোৱাৰ পিছত কৰ্ণাটক আৰক্ষীৰ অপৰাধ শাখাৰ যুটীয়া আৰক্ষী আয়ুক্ত শৰণপ্পাই উক্ত ৰাজহুৱা প্ৰৱেশদ্বাৰ পৰিদৰ্শন কৰে আৰু ঘটনাটো সন্দৰ্ভত অৱগত হয় । ইফালে এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে প্ৰৱেশদ্বাৰৰ ওচৰত নিৰাপত্তা বাহিনী বৃদ্ধি কৰা হয় ।

উল্লেখ্য, ১০ মে'ত অনুষ্ঠিত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ ১৩ মে'ত ঘোষিত ফলাফলত কংগ্ৰেছে একক সংখ্যগৰিষ্ঠতা লাভ কৰে । মুঠ ২৪৪ খন বিধানসভা আসনৰ ভিতৰত কৰ্ণাটকত কংগ্ৰেছে ১৩৫ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে ৬৬ খন আসন । অৱশ্যে ইয়াৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক কেন্দ্ৰ কৰি এক অচলাৱস্থাৰ সৃষ্টি হয় যদিও কংগ্ৰেছ হাইকমাণ্ডৰ হস্তক্ষেপত সেয়া সমাধান হয় । তাৰ পিছত শনিবাৰে সিদ্দাৰামাইয়াই দক্ষিণ ভাৰতৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । লগতে আন চাৰিজন বিধায়কেও কেবিনেট সদস্য হিচাপে শপত লয় ।

লগতে পঢ়ক :Siddaramaiah swearing in today : মন্ত্ৰীসভাত স্থান পাব নেকি জগদীশ শ্বেট্টাৰে ?

Last Updated :May 20, 2023, 4:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.