ETV Bharat / bharat

Sharad Pawar to Ajit Pawar : ময়েই এনচিপিৰ সভাপতি; ভতিজাক অজিতলৈ শৰদ পাৱাৰৰ বাৰ্তা

author img

By

Published : Jul 6, 2023, 8:00 PM IST

Sharad Pawar to Ajit Pawar
Sharad Pawar to Ajit Pawar

এনচিপি বনাম এনচিপিৰ সংঘাতৰ ঢৌৱে মহাৰাষ্ট্ৰৰ ৰাজনীতিত আৰু অধিক তৰংগৰ সৃষ্টি কৰিছে । দলটোৰ সৰ্বোচ্চ নেতা শৰদ পাৱাৰে বৃহস্পতিবাৰে দিল্লীত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত অধ্যক্ষতা কৰে । আৰু তেওঁৰ ভতিজাক তথা বিদ্ৰোহী নেতা অজিত পাৱাৰক প্ৰত্যুত্তৰ দিছে । অজিত পাৱাৰে প্ৰবীণ ৰাজনীতিবিদজনক পদত্যাগ কৰি নতুন নেতাসকলক ৰাস্তা এৰি দিবলৈ কৈছিল ।

নিউজ ডেস্ক, ৬ জুলাই : মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে তেওঁৰ খুৰাক শৰদ পাৱাৰৰ বয়সক লৈ ঠাট্টা কৰা আৰু প্ৰবীণ ৰাজনীতিবিদজনক ৰাজনীতিৰ পৰা অৱসৰ ল'বলৈ কোৱাৰ এদিন পিছত বৃহস্পতিবাৰে এনচিপিৰ শীৰ্ষ নেতাজনে কয় যে তেওঁৰ বয়স যিয়েই নহওক, তেওঁ এতিয়াও কাৰ্যক্ষম ।

দিল্লীত দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ এখন সভাত তেওঁ কয়, "৮২ বা ৯২, বয়স যিয়েই নহওক মই এতিয়াও কাৰ্যক্ষম ।" জ্যেষ্ঠ পাৱাৰে পুনৰ এইটোও কয় যে তেওঁ এনচিপিৰ সভাপতি আছিল আৰু অজিত পাৱাৰে তেওঁক সমৰ্থন কৰা সংখ্যাগৰিষ্ঠ বিধায়কৰ দাবীৰ ওপৰতে সত্যটো ওলাই আহিব । "মই এনচিপিৰ সভাপতি ।" প্ৰবীণ নেতাজনে দলৰ ৱৰ্কিং কমিটীৰ এখন বৈঠকৰ পিছত দৃঢ়তাৰে কয় । উল্লেখ্য, শেহতীয়াকৈ এনডিএৰ সৈতে হাত মিলোৱা প্ৰফুল পেটেল, সুনীল তাতকাৰে আৰু আন নজনক বহিষ্কাৰ কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছে শৰদ পাৱাৰে ।

আনহাতে, বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত দলৰ নেতা পি চি চাকোৱে কয় যে বৈঠকত আঠটা প্ৰস্তাৱ গৃহীত হৈছে । শৰদ পাৱাৰে এইটোও কয় যে অজিত পাৱাৰৰ সংখ্যাগৰিষ্ঠতাৰ দাবীৰ ওপৰত 'সত্য ওলাই আহিব' । চাকোৱে কয় যে দলটো পাৱাৰৰ পিছত আছে । "এনচিপি ৱৰ্কিং কমিটীয়ে প্ৰফুল পেটেল, সুনীল তাতকাৰে আৰু এনডিএৰ সৈতে হাত মিলোৱা নজনক বহিষ্কাৰ কৰাৰ সিদ্ধান্তত অনুমোদন জনাইছে । শৰদ পাৱাৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত হৈছিল । আমি কাৰোবাৰ ৰাষ্ট্ৰীয় সভাপতি হোৱাৰ দাবীক গুৰুত্বসহকাৰে নলওঁ ।" চাকোৱে কয় ।

"আমাৰ দল এতিয়াও অক্ষত আছে আৰু আমি শৰদ পাৱাৰৰ সৈতে আছোঁ ।" চাকোৱে দৃঢ়তাৰে কয় । তেওঁ লগতে কয় যে প্ৰতি তিনি বছৰত এনচিপিয়ে নিৰ্বাচন অনুষ্ঠিত কৰে আৰু নেতাসকল নিয়মীয়াকৈ নিৰ্বাচিত হয় । কাৰ্যকৰী সমিতিয়ে গৃহীত কৰা প্ৰস্তাৱসমূহৰ ভিতৰত আছে বিজেপি চৰকাৰৰ অগণতান্ত্ৰিক আৰু অসাংবিধানিক কাৰ্যকলাপৰ বিৰুদ্ধে স্থিতি আৰু বিৰোধীৰ বিৰুদ্ধে চৰকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ ।

আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও এনচিপিৰ সভাপতিগৰাকীৰ বাসভৱনত শৰদ পাৱাৰক তেওঁৰ দলত বিদ্ৰোহৰ মাজতে সাক্ষাৎ কৰে আৰু প্ৰবীণ নেতাজনৰ প্ৰতি তেওঁৰ সমৰ্থন আগবঢ়ায় । পাৱাৰে সংবাদ মাধ্যমক সম্বোধন কৰাৰ পিছতে ৰাহুল গান্ধীয়ে এনচিপিৰ প্ৰবীণ নেতাজনৰ চৰকাৰী বাসগৃহ ৬ জনপথত উপস্থিত হয় ।

উল্লেখ্য, অজিত পাৱাৰ আৰু তেওঁৰ আঠজন সহকৰ্মীয়ে ২ জুলাইত একনাথ শিন্দে চৰকাৰত যোগদান কৰে । অজিত পাৱাৰক উপ-মুখ্যমন্ত্ৰী পতাৰ লগতে আনসকলে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

লগতে পঢ়ক :NCP National Executive meeting : দিল্লীত শৰদ পাৱাৰ, আৰম্ভ এনচিপিৰ দুয়োটা ফৈদৰ পোষ্টাৰ ৰাজনীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.