ETV Bharat / bharat

মুখ্যমন্ত্ৰী যোগীক হত্যাৰ ভাবুকি দিলে খালিস্তানী সন্ত্ৰাসবাদী পান্নুৱে

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 12:21 PM IST

SFJ Chief Pannu Threatened CM Yogi : অযোধ্যাত তিনি খালিস্তানীক গ্ৰেপ্তাৰ কৰাৰ পিচতে ক্ষুব্ধ হৈ পৰিছে শিখ ফৰ জাষ্টিছ সংগঠনৰ মুৰব্বী পান্নু । মুখ্যমন্ত্ৰী যোগীক অডিঅ’ বাৰ্তা প্ৰেৰণ কৰি হত্যাৰ ভাবুকি দিছে এছ এফ জেৰ মুৰব্বী পান্নুৱে ।

SFJ Chief Pannu Threatened CM Yogi
মুখ্যমন্ত্ৰী যোগীক হত্যাৰ ভাবুকি

নেশ্যনেল ডেস্ক, ১৯ জানুৱাৰী : অযোধ্যাত তিনিগৰাকী খালিস্তানীক আটক কৰিছে উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদী বিৰোধী দল চমুকৈ এটিএছ-এ । সেয়ে ক্ষুব্ধ হৈ খালিস্তানী সন্ত্ৰাসবাদী সংগঠন শিখ ফৰ জাষ্টিছৰ মুৰব্বী পান্নুৱে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে ।

জানিব পৰা মতে, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ পান্নুৱে এটা ভাবুকিমূলক অডিঅ’ প্ৰেৰণ কৰিছে । ইয়াৰ উপৰিও ২২ জানুৱাৰীত অযোধ্যাত অনুষ্ঠিত হ’বলগীয়া প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত বাধা প্ৰদান কৰাৰ হুংকাৰ দিছে পান্নুৱে । পান্নুৱে কয় যে নিৰাপত্তা সংস্থাই তেওঁৰ তিনিজন সহকৰ্মীক অপ্ৰয়োজনীয়ভাৱে হাৰাশাস্তি কৰিব নালাগে ।

যুক্তৰাজ্যৰ এটা নম্বৰৰ পৰা খালিস্তানী সন্ত্ৰাসবাদী পান্নুৱে ৰেকৰ্ডিংটো প্ৰেৰণ কৰিছে । ইয়াত তেওঁ কৈছে যে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে অযোধ্যাত তিনিজন লোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে মিছা গোচৰ তৰিছে । লগতে তেওঁলোকক হাৰাশাস্তিও কৰা হৈছে ।

এনে পৰিস্থিতিত ২২ জানুৱাৰীত অযোধ্যাত ৰামলালাৰ অভিষেক অনুষ্ঠান এছ এফ জে সঠিক উত্তৰ দিব আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো হত্যা কৰা হ’ব বুলি উল্লেখ কৰে পান্নুৱে ।

জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লিৰ ভাগত উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদী বিৰোধী দলে গোপন তথ্যৰ ভিত্তিত অযোধ্যাৰ পৰা ৩ জন সন্দেহজনক যুৱকক আটক কৰিছিল । ইয়াৰে এজন যুৱক ৰাজস্থানৰ ছিকাৰৰ বাসিন্দা ধৰমবীৰ বুলি জানিব পৰা গৈছে ।

শেহতীয়া তথ্য অনুসৰি, তিনিওজন সন্দেহযুক্ত লোককে জেৰা অব্যাহত ৰাখিছে উত্তৰ প্ৰদেশৰ এ টি এছে । এই তিনিওজন ভাৰত চৰকাৰে সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা আৰ্ষ দালা গেঙৰ সদস্য বুলি জানিব পৰা গৈছে । অৱশ্যে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে বৰ্তমান পৰ্যন্ত এই সন্দৰ্ভত কোনো মন্তব্য প্ৰদান কৰা নাই ৷

এই ভাবুকিমূলক অডিঅ’ প্ৰেৰণ কৰা গুৰু পতৱন্ত সিং পান্নু হৈছে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন ছিখ ফৰ জাষ্টিছৰ মুৰব্বী ।

লগতে পঢ়ক : হাৰ্ণি হ্ৰদ নাও দুৰ্ঘটনা, দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.