ETV Bharat / bharat

হাৰ্ণি হ্ৰদ নাও দুৰ্ঘটনা, দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা চৰকাৰৰ

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 11:02 AM IST

Harni Lake incident
হাৰ্ণি হ্ৰদ নাও দুৰ্ঘটনা

Harni Lake incident update : বদোদৰাৰ হাৰ্ণি হ্ৰদ নাও দুৰ্ঘটনাৰ পাচতে কঠোৰ হৈছে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল । দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ লগতে তদন্তৰ প্ৰতিবেদন ১০ দিনৰ ভিতৰত দাখিল কৰিবলৈও নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে । মৃতকৰ আত্মীয়লৈ ৪ লাখ টকা আৰ্থিক সাহায্য ৰাজ্য চৰকাৰৰ ।

নেশ্যনেল ডেস্ক, ১৯ জানুৱাৰী : গুজৰাটৰ বদোদৰাৰ হাৰ্ণি হ্ৰদত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ পাচতে সষ্টম হৈছে প্ৰশাসন । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল নাও দুৰ্ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰো ঘোষণা কৰিছে । পেটেলে ব্যক্তিগতভাৱে সাহায্য আৰু উদ্ধাৰ অভিযানত তদাৰক কৰিছে ।

উল্লেখ্য যে. বৃহস্পতিবাৰে বদোদৰা চহৰৰ হাৰ্ণি হ্ৰদত সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনাটো । ৱাঘোডিয়াৰ নিউ চানৰাইজ স্কুলৰ শিক্ষাৰ্থীসকলে হাৰ্ণি হ্ৰদত বনভোজ খাবলৈ গৈছিল আৰু তেওঁলোক যোৱা নাওখন দুৰ্ঘটনাত পতিত হৈছিল । এই দুৰ্ঘটনাত ১২ গৰাকী শিক্ষাৰ্থী আৰু ২ গৰাকী শিক্ষককে ধৰি মুঠ ১৪ গৰাকী লোকৰ মৃত্যু হয় ।

দুৰ্ঘটনাটোৰ পাচতে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু গৃহ ৰাজ্যিক মন্ত্ৰী হৰ্ষ সংঘৱীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ব্যক্তিগতভাৱে সাহায্য আৰু উদ্ধাৰ অভিযানৰো তদাৰক কৰিছে আৰু চিকিৎসালয় পৰিদৰ্শন কৰি মৃত শিক্ষাৰ্থী আৰু ভুক্তভোগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ।

ইফালে, মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ঘটনাটোৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰো নিৰ্দেশ দিছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিছে । আইপিচিৰ ৩০৪, ৩০৮ আৰু ৩৩৭ ধাৰাৰ অধীনত ৫ জন অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে । ইতিমধ্যে অপৰাধ শাখাই দুজন লোকক আটক কৰিছে ।

মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে বদোদৰা হাৰ্ণি হ্ৰদ নাও দুৰ্ঘটনাৰ তদন্ত সৰ্বোচ্চ পৰ্যায়ত বদোদৰাৰ জিলা দণ্ডাধীশক হস্তান্তৰ কৰিছে আৰু লগতে ১০ দিনৰ ভিতৰত ৰাজ্য চৰকাৰক এক বিতং তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।

জানিব পৰা মতে, নাওখনত অত্যধিক বোজা আছিল, যাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল । ১৪ গৰাকী যাত্ৰীৰ ক্ষমতা থকা এখন নাৱত মুঠ ৩১ গৰাকী লোকে যাত্ৰী কৰিছিল । ৩১ গৰাকী লোকৰ ভিতৰত আছিল ২৩ গৰাকী শিশু, ৪ গৰাকী শিক্ষক আৰু ৪ গৰাকী বিদ্যালয়ৰ কৰ্মচাৰী ।

ৰাষ্ট্ৰপতি দৌপদ্ৰী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে । ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়াললৈ ৪ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদানৰ ঘোষণা কৰিছে । আনহাতে কেন্দ্ৰীয় চৰকাৰেও মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে ।

লগতে পঢ়ক : গুজৰাটৰ বদোদৰাৰ হাৰ্ণি মটনাথ হ্ৰদত সংঘটিত নাও দুৰ্ঘটনাত ১৪ জন শিক্ষাৰ্থী আৰু ২ জন শিক্ষকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.