ETV Bharat / bharat

গুজৰাটৰ বদোদৰাৰ হাৰ্ণি মটনাথ হ্ৰদত সংঘটিত নাও দুৰ্ঘটনাত ১৪ জন শিক্ষাৰ্থী আৰু ২ জন শিক্ষকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 7:28 AM IST

Updated : Jan 19, 2024, 7:52 AM IST

Boat Accident
গুজৰাটত নাও দুৰ্ঘটন

Boat Accident : গুজৰাটৰ বদোদৰা চহৰৰ উপকণ্ঠ অঞ্চলৰ হাৰ্ণি মটনাথ হ্ৰদত সংঘটিত হয় এক নাও দুৰ্ঘটনা ৷ এই নাও দুৰ্ঘটনাত মৃত্যু হৈছে ১৪ জন স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে দুজন শিক্ষকৰ ৷

নেশ্যনেল ডেস্ক, ১৯ জানুৱাৰী : আকৌ নাও দুৰ্ঘটনা ৷ এইবাৰ নাও দুৰ্ঘটনাত মৃত্যু হৈছে ১৪ জন স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে দুজন শিক্ষকৰ ৷ এইবাৰৰ ঘটনাৰ স্থান গুজৰাট ৷

জানিব পৰা মতে, বৃহস্পতিবাৰে গুজৰাটৰ বদোদৰা চহৰৰ উপকণ্ঠ অঞ্চলৰ এখন বিলত সংঘটিত হয় এই নাও দুৰ্ঘটনা ৷ বনভোজৰ বাবে গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি কয়, ‘‘বদোদৰাৰ হাৰ্ণি হ্ৰদত সংঘটিত দুৰ্ঘটনাক লৈ মই বহু দুখিত ৷ শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো । আহতসকল সোনকালে সুস্থ হৈ উঠক । স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে’’ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে মৃতকৰ পৰিয়াললৈ ২ লাখ আৰু আহতসকলক ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰিছে । একে সময়তে ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়ালক ৪ লাখ আৰু আহতসকলক ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰিছে ।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল বদোদৰাৰ হৰণি মটনাথ হ্ৰদত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত বুজ লয় ৷ গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা সকলো তথ্য গ্ৰহণ কৰে । আৰক্ষী বিষয়াসকলে জনোৱা মতে, কেবাজনো ছাত্ৰ-ছাত্ৰীৰ সৈতে চাৰিজন শিক্ষকে বনভোজৰ বাবে গৈ আছিল ৷ তেনে সময়তে হাৰ্নি হ্ৰদত দুপৰীয়াৰ ভাগত নাও দুৰ্ঘটনাটো সংঘটিত হয় ৷

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, এই শোকাৱহ দুৰ্ঘটনাত ১৪ জন শিক্ষাৰ্থী আৰু দুজন শিক্ষকৰ মৃত্যু হৈছে । উদ্ধাৰ হোৱা এজন ছাত্ৰ এছ এছ জি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

বদোদৰাৰ মুখ্য অগ্নিনিৰ্বাপক বিষয়া পাৰ্থ ব্ৰহ্মভট্টে কয়, ‘‘বনভোজৰ বাবে ইয়ালৈ অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা নাওখন দুপৰীয়া হৰ্ণী হ্ৰদত বাগৰি পৰে । অগ্নিনিৰ্বাপক বাহিনীৰ লোকে এতিয়ালৈকে ৭ জন ছাত্ৰক উদ্ধাৰ কৰাৰ বিপৰীতে নিৰুদ্দেশ হোৱা শিশুকেইটাৰ সন্ধান অব্যাহত আছে’’ । তেওঁ আৰু কয়, ‘‘অগ্নিনিৰ্বাপক বাহিনীৰ লোক উক্ত স্থানত উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় ৰাইজে কেবাজনো শিক্ষাৰ্থীৰ প্ৰাণ ৰক্ষা কৰে । এই উদ্ধাৰ অভিযানত নিয়োজিত কৰা হৈছে এন ডি আৰ এফৰ দলকো’’ ৷

তেওঁ ক’লে, ‘উদ্ধাৰ অভিযান চলি আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ) আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ লগতে অন্যান্য সংস্থাসমূহে উদ্ধাৰ অভিযান চলাই আছে। বদোদৰা জিলা দণ্ডাধীশ এ বি গোৰে জনোৱা মতে, নাওখনত ২৭ টা শিশু আছিল ।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে এই ঘটনাক লৈ শোক প্ৰকাশ কৰি কয় যে ৰাজ্য চৰকাৰে নিৰুদ্দেশ হোৱা লোকসকলৰ জীৱন ৰক্ষাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব লাগে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ৰ এটা পোষ্টত খৰ্গে কয়, ‘‘গুজৰাটৰ বদোদৰাত নাও উটি যোৱাৰ ফলত শিক্ষককে ধৰি বহু ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ খবৰটো অত্যন্ত হৃদয়বিদাৰক’’ ।

লগতে পঢ়ক : মণিপুৰত পুনৰ হিংসা, 4 জনৰ মৃত্যু 7 জন আহত

Last Updated :Jan 19, 2024, 7:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.