দিল্লীৰ চিলামপুৰত গ্ৰেপ্তাৰ শিশু যৌন নিৰ্যাতনকাৰী

author img

By

Published : Sep 14, 2022, 6:07 PM IST

minor girl sexually assaulted Delhi
দিল্লীৰ চিলামপুৰত শিশু যৌন নিৰ্যাতনকাৰীক গ্ৰেপ্তাৰ ()

চৰকাৰ তথা বিভিন্ন সংগঠনে ব্য়াপক সজাগতা সৃষ্টিৰ পিছতো দেশত হ্ৰাস পোৱা নাই শিশু আৰু নাৰী নিৰ্যাতনৰ ঘটনা । দেশৰ আন ৰাজ্য়ৰ লগতে দিল্লীতো পুনৰ বৃদ্ধি পাব ধৰিছে এনে ঘটনা । ইয়াৰ মাজতেই উত্তৰ-পূব দিল্লী অঞ্চলৰ চিলামপুৰত সংঘটিত হৈছে এক শিশুক যৌন নিৰ্যাতন চলোৱাৰ(minor girl sexually assaulted Delhi)ঘটনা ।

নেশ্য়নেল ডেস্ক, ১৪ ছেপ্টেম্বৰ: উত্তৰ-পূব দিল্লী অঞ্চলৰ চিলামপুৰত এজন যুৱকে এগৰাকী ৭ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ(minor girl sexually assaulted Delhi)অভিযোগ উত্থাপিত হৈছে । ভুক্তভোগীৰ মাতৃয়ে অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পিছত বিষয়টো পোহৰলৈ আহিছিল । ইতিমধ্য়ে অঞ্চলটোৰ স্থানীয় আৰক্ষীয়ে যৌন উৎপীড়ন আৰু POCSO আইনৰ অধীনত বিষয়টো সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰিছে ।

প্ৰাপ্ত তথ্য অনুসৰি, দ্বিতীয় শ্ৰেণীত অধ্য়য়নৰত(sexually assaulted minoe girl in Seelampur) ভুক্তভোগী শিশুটিৰ পৰিয়াল চিলামপুৰ অঞ্চলৰ বাসিন্দা । যোৱা ২ ছেপ্টেম্বৰত স্কুলৰ পৰা উভতি অহাৰ পিছত শিশুটিয়ে ঘৰৰ বাহিৰতে খেলি আছিল । সেই সময়তে এজন যুৱকে শিশুটিক যৌন নিৰ্যাতন চলায় । পিছত অভিযুক্ত যুৱকজনে এই বিষয়ে কাকো নক'বলৈ ভাবুকি দি পলায়ন কৰিছিল । শিশুটিয়ে পিছত মাতৃৰ আগত ঘটনাটো বৰ্ণনা কৰে ।

উক্ত বিষয়টোৰ তদন্ত আৰম্ভ কৰি চিলামপুৰ আৰক্ষী থানাৰ(Seelampur police station)এটা দল ঘটনাস্থলীত উপস্থিত হৈ চাৰিওফালৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি যুৱকজনক চিনাক্ত কৰে । ইপিনে, অভিযুক্তজনক চিলামপুৰ অঞ্চলৰে বাসিন্দা আতিফ (২২)বুলি চিনাক্ত কৰাৰ অন্তত যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক:লামডিঙত উদ্ধাৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.