ETV Bharat / bharat

Landslide in Jammu: জম্মু শ্ৰীনগৰ পথত ভূমিস্খলন, ৪ জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 10:38 AM IST

Landslide in Jammu
জম্মু-শ্ৰীনগৰ পথত ভূমিস্খলন

জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত এখন ট্ৰাক আৱদ্ধ হৈ পৰে । এই ঘটনাত চাৰিজন লোকৰ মৃত্যু হয় । প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

নেশ্যনেল ডেস্ক, ১২ ছেপ্টেম্বৰ: জম্মু-কাশ্মীৰত শোকাৱহ ঘটনা । জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ফলত ৪ গৰাকী লোকৰ মৃত্যু । ৰামবান জিলাত সংঘটিত এই ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে । প্ৰশাসনৰ এগৰাকী বিষয়াৰ মতে ভূমিস্খলনৰ ঘটনাটো বানিহাল চহৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শ্বেৰবিবি অংশত সংঘটিত হৈছে । ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা নামি অহা শিল, মাটি এখন ট্ৰাকৰ ওপৰতে পৰে । ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ পৰে ট্ৰাকখন । ফলত তাত থকা ৪ গৰাকী লোকৰ মৃত্যু হয় ।

ইফালে ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে সেই স্থানত স্থানীয় আৰক্ষীৰ দল উপস্থিত হয় । আৰক্ষীয়ে জনোৱা মতে ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৱাগান বানিহালত এখন বাহনৰ ওপৰত পাহাৰৰ পৰা নামি অহা প্ৰকাণ্ড শিল বাগৰি পৰে । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ৪ গৰাকী লোকৰ মৃতদহে উদ্ধাৰ কৰিছে আৰু এছডিএইছ বনিহাললৈ প্ৰেৰণ কৰা হৈছে । মৃতকৰ পৰিয়াল তথা আত্মীয়লৈ আৰক্ষীয়ে এই তথ্য প্ৰেৰণ কৰিছে বুলিও জানিব পৰা গৈছে । ইফালে আৰু কোনো লোক তাত আৱদ্ধ হৈ আছে নেকি, তাৰ বাবেও প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে ।

যোৱা জুলাই মাহত বৰষুণ আৰু ভূমিস্খলনৰ ফলত জম্মু-শ্ৰীনগৰ ঘাইপথত যান-বাহনৰ চলাচল বন্ধ হৈ পৰিছিল । ৰামবানত অমৰনাথ যাত্ৰীৰ বাবে কনভয়ৰ ব্যৱস্থা কৰা হৈছিল । বহু সময় ঘাইপথত আৱদ্ধ হৈ থকাৰ পাছতহে তীৰ্থযাত্ৰীৰ দলবোৰে জম্মুৰ আধাৰ শিবিৰলৈ ৰাওনা হৈছিল । ভূমিস্খলনৰ ফলত তীৰ্থযাত্ৰীসকল নিৰন্তৰভাৱে বাধাৰ সন্মুখীন হৈছিল । প্ৰশাসনে বাৰে বাৰে অমৰনাথ যাত্ৰাৰ পথ মুকলিৰ বাবে অভিযান চলাবলগীয়া হয় । লক্ষণীয়ভাৱে ২৭০ কিলোমিটাৰ দীঘল জম্মু আৰু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ হৈছে কাশ্মীৰক বাকী বিশ্বৰ সৈতে সংযোগ কৰা একমাত্ৰ পথ ।

লগতে পঢ়ক :Earthquake hits Manipur Ukhrul: প্ৰায় ৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.