ETV Bharat / bharat

কেৰেলাৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৩

author img

By

Published : Dec 31, 2020, 3:09 PM IST

কেৰেলাৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৩
কেৰেলাৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৩

কেৰেলাৰ থ্ৰিচুৰৰ কুঠিৰানৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত ৩ গৰাকী ।

নেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ: বছৰটোৰ অন্তিম দিনা পুৱাই কেৰেলাৰ থ্ৰিচুৰত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনা অনুসৰি থ্ৰিচুৰৰ কুঠিৰানৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন মালবাহী ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি যোৱাৰ ফলত পথত যান-জঁটৰ সৃষ্টি হোৱাত সাতখনকৈ বাহনে ইখনে সিখনৰ লগত প্ৰচণ্ড জোৰে খুন্দা মাৰে । ফলত থিতাতে নিহত হয় তিনিজনকৈ লোক লগতে আহত হয় কেবাজনো ।

নিহতসকলৰ ভিতৰত দুগৰাকী মটৰ চাইকেল আৰোহী আৰু চাৰিচকীয়া বাহনৰ এগৰাকী যাত্ৰী । ইফালে আহতসকলক ওচৰৰে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচত ঘাইপথটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বিষয়ত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.