ETV Bharat / bharat

Serum Institute ত আৰম্ভ হ’ল Covovax-ৰ প্ৰস্তুত প্ৰক্ৰিয়া

author img

By

Published : Jun 25, 2021, 9:25 PM IST

ক'ভিশ্বিল্ডৰ পিছত এইবাৰ ক'ভ'ভেক্স(Covovax) নামৰ ক'ভিড-১৯ প্ৰতিষেধক প্ৰস্তুত কৰিছে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া(Serum Institute of India)ই । পুণেস্থিত প্ৰকল্পত ক'ভিড-১৯(COVID-19) প্ৰতিষেধকবিধ প্ৰস্তুত কৰা হৈছে ।

Serum Institute starts producing Covovax in India
ভাৰতত ক'ভ'ভেক্স প্ৰস্তুত কৰিছে ছিৰাম ইনষ্টিটিউটে

নেশ্যনেল ডেস্ক, ২৫ জুন : আমেৰিকাৰ বায়'টেকন'ল'জি কোম্পানী ন'ভাভেক্স আই এন চি(Novavax Inc)ৰ সৈতে লগ হৈ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া(Serum Institute of India)ই প্ৰস্তুত কৰি আছে নতুন ক'ভিড-১৯(COVID-19) প্ৰতিষেধক । ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ পুণেস্থিত প্ৰকল্পত ক'ভ'ভেক্স(Covovax) নামৰ ক'ভিড-১৯ প্ৰতিষেধক প্ৰস্তুত কৰি থকা হৈছে । ন'ভাভেক্স আই এন চিয়ে শুকুৰবাৰে টুইটযোগে এই কথা প্ৰকাশ কৰিছে ।

যোৱা মাৰ্চ মাহত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুণাৱালাই কৈছিল যে, ভাৰতত ক'ভ'ভেক্সৰ নিদানিক পৰীক্ষণ আৰম্ভ হৈছে । কোম্পানীটোৱে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত প্ৰতিষেধক বিধ মুকলি কৰিব বুলি আশা ব্যক্ত কৰিছিল । ২০২০ চনৰ আগষ্ট মাহত, ন'ভাভেক্সে প্ৰতিষেধক প্ৰস্তুত কৰা আৰু বাণিজ্যিকীকৰণৰ বাবে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰে । অৱশ্যে, ন'ভাভেক্স আৰু ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মাজত হোৱা এই চুক্তিৰ পৰা মুখ্য উচ্চ-মধ্য আৰু উচ্চ আয়ৰ দেশবোৰক বাদ দিয়া হৈছে ।

ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মতে, ক'ভিড-১৯ৰ আফ্ৰিকা ভেৰিয়েণ্টৰ ক্ষেত্ৰত পৰীক্ষা কৰাৰ সময়ত প্ৰতিষেধকবিধে সামগ্ৰিকভাৱে ৮৯ শতাংশ সফল হৈছিল আৰু লগতে কৰ'ণা ভাইৰাছৰ ইংলেণ্ড ভেৰিয়েণ্টৰ ক্ষেত্ৰত আশানুৰূপ ফল দেখিবলৈ পোৱা গৈছিল ।

যোৱা ২৭ মাৰ্চত পুণাৱালাই ক'ভ'ভেক্স প্ৰস্তুত হোৱাতো নিশ্চিত কৰে । ক'ভ'ভেক্স হৈছে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰস্তুত কৰা প্ৰতিষেধক । ইতিমধ্যে ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে এষ্ট্ৰা জেনেকা আৰু অক্সফৰ্ডৰ সহযোগিতা ক'ভিশ্বিল্ড নামৰ ক'ভিড-১৯(COVID-19) প্ৰতিষেধকবিধ প্ৰস্তুত কৰিছে আৰু বৰ্তমান এই প্ৰতিষেধকক প্ৰদান কৰি থকা হৈছে । চলিত মাহৰ আৰম্ভণিতে সংবাদ সংস্থা পিটিআইয়ে এক প্ৰতিবেদনত উল্লেখ কৰিছিল যে, ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ভাৰতীয় ড্ৰাগছ কন্ট্ৰ'লাৰ জেনেৰেলৰ (DCGI) পৰা পৰীক্ষা আৰু বিশ্লেষণৰ বাবে ভাৰতত স্পুটনিক প্ৰতিষেধক নিৰ্মাণৰ অনুমতি লাভ কৰিছে ।

লগতে পঢ়ক:ICMR আৰু NIV য়ে ডেল্টা প্লাছ সন্দৰ্ভত আৰম্ভ কৰিছে গৱেষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.