ETV Bharat / bharat

PB Acharya Passes Away : অসমৰ প্ৰাক্তন ৰাজ্যপাল পিবি আচাৰ্যৰ শেষ নিশ্বাস ত্যাগ

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 7:09 PM IST

অসমৰ প্ৰাক্তন ৰাজ্যপাল পিবি আচাৰ্যৰ শেষ নিশ্বাস ত্যাগ
PB Acharya Passes Away

অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা জ্যেষ্ঠ বিজেপি নেতা পদ্মনাভন বালকৃষ্ণ আচাৰ্যই মুম্বাইত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ।

নিউজ ডেস্ক, ১০ নৱেম্বৰ : অসমৰ প্ৰাক্তন ৰাজ্যপাল পদ্মনাভন বালকৃষ্ণ আচাৰ্যই শুকুৰবাৰে মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ । তেওঁৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে আছিল নিবিড় সম্পৰ্ক । উল্লেখ্য যে পিবি আচাৰ্যই ১২ ডিচেম্বৰ, ২০১৪ চনৰ পৰা ১৭ আগষ্ট, ২০১৬ চনলৈকে অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইবাখনো ৰাজ্যত ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । আচাৰ্যই ২৭ জুন, ২০১৯ চনৰ পৰা ২৩ জুলাই, ২০১৯ চনলৈ মণিপুৰ, ১৯ জুলাই, ২০১৪ চনৰ পৰা ৩১ জুলাই, ২০১৯ চনলৈ নাগালেণ্ড, ২৮ জানুৱাৰী, ২০১৭ চনৰ পৰা ৩ অক্টোবৰ, ২০১৭ চনলৈ অৰুণাচল আৰু ২১ জুলাই, ২০১৪ চনৰ পৰা ১৯ মে', ২০১৫ চনলৈকে ত্ৰিপুৰাৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ ১২ ডিচেম্বৰ, ২০১৪ চনৰ পৰা ১৭ আগষ্ট, ২০১৭ চনলৈ অসমৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব পালন কৰিছিল । আনহাতে, নাজমা হেপতুল্লাৰ অনুপস্থিতিত তেওঁ ২০১৯ চনত মণিপুৰৰ ৰাজ্যপাল হিচাপে অতিৰিক্ত দায়িত্ব পালন কৰিছিল ।

তেওঁ আৰম্ভণিতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত আছিল । তাৰ পিছত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু শেষত বিজেপি দলৰ সদস্য হৈছিল । পদ্মনাভন বালকৃষ্ণ আচাৰ্য হৈছে মাৰ্গাৰেট আলভাৰ পিছত কৰ্ণাটকৰ দ্বিতীয়গৰাকী ৰাজ্যপাল আৰু জিএছবি (গৌড় সৰস্বত ব্ৰাহ্মণ) সম্প্ৰদায়ৰ প্ৰথমগৰাকী ৰাজ্যপাল আছিল ।

১৯৩১ চনৰ ৮ অক্টোবৰত জন্মলাভ কৰা পদ্মনাভন বালকৃষ্ণ আচাৰ্য এমজিএম মহাবিদ্যালয়ৰ ১৯৪৮-৫০ চনৰ প্ৰথম বেটচৰ ছাত্ৰ আছিল । ১৯৪৮ চনত আৰএছএছক নিষিদ্ধ ঘোষণাৰ পিছত আচাৰ্য এগৰাকী অতি সক্ৰিয় ৰাজহুৱা কৰ্মী হিচাপে ভূমিকা পালন কৰিছিল । তেওঁক চৰকাৰে ৬ মাহৰো অধিক সময় কাৰাবাসত ৰাখিছিল ।

১৯৯৫ চনৰ পৰা ২০০১ চনৰ সময়ছোৱাত নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত আচাৰ্যই বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । সেই সময়ত মোদী উত্তৰ ভাৰতৰ ৫ খন ৰাজ্যৰ দায়িত্বত আছিল । আনহাতে, পদ্মনাভ বালকৃষ্ণ আচাৰ্যক উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ।

পদ্মনাভন আচাৰ্যৰ অন্তিম যাত্ৰা মুম্বাইৰ ভাৰ্ছোভাস্থিত তেওঁৰ বাসগৃহৰ পৰা সন্ধিয়া ৫.৩০ বজাত ৰাওনা হয় আৰু ৱশ্বিৱাৰা শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

লগতে পঢ়ক :Women Entry Ban in Satra : সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাক লৈ বৰপেটাৰ সত্ৰলৈ ন্যায়ালয়ৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.