ETV Bharat / bharat

Atiq and Ashraf murder: আতিক হত্যাকাণ্ডৰ গোচৰৰ স্বতন্ত্ৰ তদন্ত কেতিয়া হ’ব ?

author img

By

Published : Apr 24, 2023, 4:46 PM IST

উচ্চতম ন্যায়ালয়ে গেংষ্টাৰ আতিক আহমেদ আৰু আশ্ৰফৰ হত্যাকাণ্ডৰ স্বতন্ত্ৰ তদন্ত বিচাৰি কৰা এখন আবেদনৰ শুনানিৰ বাবে সন্মত হৈছে (SC to hear on Atiq murder case)। ২৮ এপ্ৰিলত আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব । অধিবক্তা বিশাল তিৱাৰীয়ে উচ্চতম ন্যায়ালয়ত এই আবেদন দাখিল কৰিছে ।

Atiq and Ashraf murder
আতিক হত্যা গোচৰৰ স্বতন্ত্ৰ তদন্তৰ আবেদনৰ শুনানি

নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল : উত্তৰ প্ৰদেশৰ গেংষ্টাৰ আতিক আহমেদ আৰু ভাতৃ আশ্ৰফৰ হত্যাৰ স্বতন্ত্ৰ তদন্ত হ'ব নেকি ? ইতিমধ্যে স্বতন্ত্ৰ তদন্তৰ দাবী জনোৱা এখন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছে উচ্চতম ন্যায়ালয় । অহা ২৮ এপ্ৰিলত এই আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব (Independent probe on Atiq murder)। সোমবাৰে এই ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ।

অধিবক্তা বিশাল তিৱাৰীৰ জৰিয়তে দাখিল কৰা এই আবেদনত ২০১৭ চনৰ পৰা উত্তৰ প্ৰদেশত সংঘটিত ১৮৩ টা সংঘৰ্ষৰ তদন্তও বিচৰা হৈছে । তিৱাৰীয়ে সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহক লৈ গঠিত এখন বিচাৰপীঠৰ সন্মুখত বিষয়টো জৰুৰী শুনানিৰ বাবে তালিকাভুক্ত কৰিছিল (Independent probe into killing of Atiq Ahmad)। তিৱাৰীয়ে বিচাৰপীঠক কয় যে, তেওঁৰ আবেদনখনক লৈ সোমবাৰে শুনানি হ'ব লাগিছিল কিন্তু ইয়াক তালিকাভুক্ত কৰা হোৱা নাই ।

এই ক্ষেত্ৰত মুখ্য ন্যায়াধীশে কয় যে, যিহেতু ৫ গৰাকী ন্যায়াধীশ উপলব্ধ নহয় । কিছুমান গোচৰৰ তাৰিখ দিয়া হৈছিল যদিও সেইবোৰ তালিকাভুক্ত কৰা হোৱা নাই । শুকুৰবাৰে অৰ্থাৎ ২৮ এপ্ৰিলত আতিক আহমেদ সম্পৰ্কীয় গোচৰটো তালিকাভুক্ত কৰিবলৈ চেষ্টা কৰিব বুলি তেওঁ উল্লেখ কৰে । মুখ্য ন্যায়াধীশে জনোৱা মতে কেইবাজনো ন্যায়াধীশ ক'ভিডত আক্ৰান্ত হৈছে আৰু একাংশ আন কাৰণত আদালতত উপস্থিত থাকিব পৰা নাই ।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে শেহতীয়াকৈ কৈছে যে, যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰৰ আমোলত ৬ বছৰত এনকাউণ্টাৰত আতিক আহমেদৰ পুত্ৰ আছাদ আৰু তেওঁৰ সহযোগীকে ধৰি ১৮৩ জন অভিযুক্ত অপৰাধীক হত্যা কৰা হৈছে । ইফালে আতিক আৰু আশ্ৰফৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে এখন স্বতন্ত্ৰ বিশেষজ্ঞ সমিতি গঠন কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদনখন দাখিল কৰা হৈছিল ।

আতিকৰ হত্যাৰ কথা উল্লেখ কৰি আবেদনখনত কোৱা হৈছে যে, আৰক্ষীৰ এনে কাৰ্য গণতন্ত্ৰ আৰু আইনৰ শাসনৰ বাবে এক গুৰুতৰ ভাবুকি আৰু ইয়াৰ ফলত আৰক্ষীৰাজৰ সৃষ্টি হয় । লগতে কোৱা হৈছিল যে, ন্যায়বিৰোধী হত্যা বা ভুৱা আৰক্ষীৰ সংঘৰ্ষৰ আইনত কোনো স্থান নাই ।

উত্তৰ প্ৰদেশৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ (আইন-শৃংখলা) বিবৃতি অনুসৰি ২০১৭ চনৰ পৰা ১৮৩ টা এনকাউণ্টাৰ হৈছে (Encounter in UP)। আবেদনখনৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশৰ নেতৃত্বত এখন স্বতন্ত্ৰ বিশেষজ্ঞ সমিতি গঠন কৰিবলৈ অনুৰোধ জনোৱা হৈছে যাতে এই সংঘৰ্ষ আৰু আতিক আৰু আশ্ৰাফৰ জিম্মাত হত্যাৰ তদন্ত কৰা হয় আৰু আইন সুৰক্ষিত কৰাৰ বাবে নিৰ্দেশনা জাৰী কৰা হয় ।

আবেদনত লগতে কোৱা হৈছে যে যেতিয়া আৰক্ষী দুঃসাহসী হয়, সমগ্ৰ আইন-শৃংখলা ধ্বংস হয় আৰু মানুহে আৰক্ষীৰ বিৰুদ্ধে শংকিত হৈ পৰে । যি গণতন্ত্ৰৰ বাবে অতি বিপদজনক আৰু ইয়াৰ দ্বাৰা অধিক অপৰাধৰ সৃষ্টি হয় ।

লগতে পঢ়ক: Lover suicide: কিশোৰ প্ৰেমিকৰ লগত সংসাৰ পাতিবলৈ নাপাই প্ৰেমিকাৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.