আমেৰিকান ডলাৰৰ বিপৰীতে সোমবাৰে টকাৰ মূল্য 79.84

author img

By

Published : Aug 22, 2022, 9:47 PM IST

Rupee

বিদেশত শক্তিশালী গ্ৰীণবেক আৰু ইকুইটিত বৃহৎ বিক্ৰী হোৱাৰ মাজতে সোমবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ প্ৰাৰম্ভিক লোকচান পুনৰুদ্ধাৰ হৈ 79.84 (provisional)ত স্থিৰ হৈ বন্ধ হয় (rupee close flat at 79.84 against US dollar) ।

নিউজ ডেস্ক, ২২ আগষ্ট : বিদেশত শক্তিশালী গ্ৰীণবেক আৰু ইকুইটিত বৃহৎ বিক্ৰী হোৱাৰ মাজতে সোমবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ প্ৰাৰম্ভিক লোকচান পুনৰুদ্ধাৰ হৈ 79.84 (provisional)ত স্থিৰ হৈ বন্ধ হয় (rupee close flat at 79.84 against US dollar) । অৱশ্যে খাৰুৱা তেলৰ মূল্য হ্ৰাস হোৱাৰ ফলত স্থানীয় গোটটোৱে সমৰ্থন লাভ কৰা বুলি ফৰেক্স ডিলাৰসকলে কয় ।

আন্তঃবেংক বৈদেশিক মুদ্ৰা বজাৰত (foreign exchange market) স্থানীয় মুদ্ৰা 79.90 ত অতি দুৰ্বলভাৱে মুকলি হয় আৰু ছেছনটোৰ সময়ত 79.78 ৰ পৰা 79.92 ৰ পৰিসৰলৈ স্থানান্তৰিত হয় । তাৰ পিছত ই অৱশেষত আমেৰিকান ডলাৰৰ বিপৰীতে ৭৯.৮৪ ত চূড়ান্ত অৱস্থাত স্থিতি লয় ।

ডলাৰ সূচক, যি ছয়টা মুদ্ৰা বাস্কেটৰ বিপৰীতে গ্ৰীণবেকৰ শক্তি নিৰ্ধাৰণ কৰে, 0.20 শতাংশ বৃদ্ধি হৈ 108.38 হয় । ইফালে বিশ্বব্যাপী তেলৰ মানদণ্ড ব্ৰেণ্ট ক্ৰুড ফিউচাৰ (Brent crude futures) ০.৮১ শতাংশ হ্ৰাস হৈ প্ৰতি বেৰেলত ৯৫.৯৪ আমেৰিকান ডলাৰ হয় । ঘৰুৱা ইকুইটি বজাৰৰ ক্ষেত্ৰত বিএছই চেঞ্চেক্স (BSE Sensex) 872.28 পইণ্ট বা 1.46 শতাংশ হ্ৰাস হৈ 58,773.87 ত সমাপ্ত হয় । আনহাতে, বিস্তৃত এনএছই নিফটি (NSE Nifty) 267.75 পইণ্ট বা 1.51 শতাংশ হ্ৰাস হৈ 17,490.70 হয় ।

প্ৰভিজনেল তথ্য অনুসৰি, শুকুৰবাৰে 1,110.90 কোটি টকাৰ শ্বেয়াৰ ক্ৰয় কৰাৰ বাবে বিদেশী প্ৰাতিষ্ঠানিক বিনিয়োগকাৰী মূলধনী বজাৰত সৰ্বমুঠ ক্ৰেতা হৈ আছিল (Foreign institutional investors net buyers in capital markets) ।

লগতে পঢ়ক :ছেপ্টেম্বৰৰ শেষত মুদ্ৰাস্ফীতিৰ পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.