ETV Bharat / bharat

ত্ৰিপুৰাত বিজেপি আৰু বিৰোধীৰ বাবে পৃথক নিয়ম : অভিষেক বেনাৰ্জী

author img

By

Published : Jan 4, 2022, 8:37 AM IST

নিৰ্বাচনৰ পূৰ্বে কোনো এখন ৰাজ্যলৈ ৰাজনৈতিক নেতা-পালিনেতাৰ সোঁত বোৱাতো যেন নিত্য নৈমিত্তিক পৰিঘটনা ৷ মঙলবাৰে ত্ৰিপুৰাত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi to visit Tripura on 4th January) ৷ ইয়াৰ দুদিন পূৰ্বে কেইবাটাও কাৰ্যসূচীৰে ৰাজ্যখন পৰিভ্ৰমণ কৰে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জীয়ে (Abhishek Banerjee's Tripura visit) ৷

Rules are different for BJP and opposition in Tripura, Says AITC General Secretary Abhishek Banerjee
ত্ৰিপুৰাত বিজেপি আৰু বিৰোধীৰ বাবে পৃথক নিয়ম : অভিষেক বেনাৰ্জী

আগৰতলা, 4 জানুৱাৰী : ২০২৩ চনত অনুষ্ঠিত হ’ব ত্ৰিপুৰাৰ নিৰ্বাচন (Tripura Election 2023) ৷ নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰালৈ সোঁত বৈছে ৰাজনৈতিক নেতা-পালিনেতাৰ ৷ মঙলবাৰে ত্ৰিপুৰালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi to visit Tripura on 4th January) ৷

প্ৰধানমন্ত্ৰী গৰাকীয়ে ত্ৰিপুৰা আৰু মণিপুৰত স্থাপন কৰিব 22 টাকৈ ব্যয়বহুল প্ৰকল্পৰ আধাৰশিলা ৷ প্ৰধানমন্ত্ৰীৰ ত্ৰিপুৰা ভ্ৰমণৰ দুদিন পূৰ্বে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে (Abhishek Banerjee's Tripura visit) ৰাজ্যখন পৰিভ্ৰমণ কৰে ৷

আগৰতলা বিমানবন্দৰত উপস্থিত হৈ বেনাৰ্জীৰ কাৰ্যসূচী অনুসৰি দৰ্শন কৰে চতুৰ্দাস দেৱতাৰ মন্দিৰ ৷ ইয়াৰ পিছত তেওঁ বাৰামুৰা ইক’ পাৰ্কত এটা অৰাজনৈতিক জনজাতীয় সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰাৰ কথা আছিল যদিও আৰক্ষীয়ে এই কাৰ্যসূচীৰ অনুমতি প্ৰদান নকৰিলে ৷

এই কাৰ্যসূচীৰ বাতিলকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি AITC ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ নেতৃত্বত ৰাজ্যিক বিজেপিয়ে যিমান বিচাৰে, সিমান অনুষ্ঠান বাতিল কৰিব পাৰে ৷ কিন্তু তেওঁলোকে মমতা বেনাৰ্জীক পৰাজিত কৰিব নোৱাৰে ৷

"পূৰ্বেও তেওঁলোকে ক’ভিড 19 ৰ নিৰ্দেশনা জাৰি কৰি AITC ৰ অনুষ্ঠান বাতিল কৰিছিল ৷ কিন্তু এই কাৰ্যসূচী বাতিলৰ পিছদিনাই বিজেপিয়ে এক ৰাজহুৱা কাৰ্যসূচী অনুষ্ঠিত কৰিছিল ৷ য'ত ক’ভিড 19 ৰ কোনো নিৰ্দেশনা প্ৰযোজ্য হোৱা নাছিল ৷ কাৰণ গেৰুৱা দলটোক কোনো অনুমতিৰ প্ৰয়োজন নাই ৷ এয়াই আজিৰ তাৰিখত ত্ৰিপুৰাত দুখজনক কথা ৷ শাসকীয় দলৰ বাবে নিয়মবোৰ বেলেগ", বুলি অভিষেক বেনাৰ্জীয়ে মন্তব্য কৰে ৷

"এই যুঁজ বিজেপি আৰু এআইটিচিৰ মাজত সদায়ে বিশেষকৈ গোৱা, ত্ৰিপুৰা আৰু পশ্চিমবংগত এই যুঁজ অব্যাহত থাকিব ৷ একমাত্ৰ মমতা বেনাৰ্জীয়েহে (West Bengal's CM Mamata Banerjee) বৰ্তমান বিজেপিৰ বিৰুদ্ধে যুঁজ দি আছে" বুলি বেনাৰ্জীয়ে দাবী কৰে ৷

ইয়াৰ পিছতে সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত বেনাৰ্জীয়ে কয় যে, "ত্ৰিপুৰাৰ অৱস্থা চাওক ৷ ইয়াত কোনো এখন ভাল চিকিৎসালয় নাই, মহাবিদ্যালয় নাই, বাট-পথৰো অৱস্থা জৰাজীৰ্ণ ৷ এখন ৰাজ্য এনেদৰে চলে নেকি !" বিপ্লব দেৱৰ চৰকাৰে ৰাজ্যখনক ২৫ বছৰ পূৰ্বৰে পৰা শোষণ কৰি আহিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে অভিষেক বেনাৰ্জীয়ে ৷

লগতে পঢ়ক : NLFT cadre surrender: নৱবৰ্ষৰ পহিলা দিনটোতে ত্ৰিপুৰাত আত্মসমৰ্পণ NLFT কেডাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.