ETV Bharat / bharat

কৰ'ণাত আক্ৰান্ত আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

author img

By

Published : Apr 10, 2021, 2:21 PM IST

যোৱা ৭ মাৰ্চত ক'ভিড-১৯ ৰ প্ৰথমটো পালি গ্ৰহণ কৰাৰ এমাহ পাচতে কৰ'ণাত আক্ৰান্ত হয় আৰএছএছৰ মুৰব্বী মোহন ভাগৱত । সম্প্ৰতি নাগপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ভাগৱত ।

কৰ'ণাত আক্ৰান্ত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত
কৰ'ণাত আক্ৰান্ত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত

নেশ্যনেল ডেস্ক,১০ এপ্ৰিল: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ দেহত ধৰা পৰিছে ক'ভিড-১৯ ৰ অৱস্থিতি । সম্প্ৰতি নাগপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ভাগৱত । সামান্য কাহ-চৰ্দিত ভূগিছিল আৰএছএছৰ মুৰব্বীগৰাকী । তাৰ পাচতেই তেওঁক আৰটিপিচিআৰ টেষ্ট কৰা হৈছিল ।

শুকুৰবাৰে ভাগৱতৰ দেহত ক'ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পাচত কিংছৱে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । আনহাতে, যোৱা ৭ মাৰ্চত ক'ভিড-১৯ ৰ প্ৰথমটো পালি গ্ৰহণ কৰিছিল ভাগৱতে । সম্প্ৰতি তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিয়ে চিকিৎসকে ।

লগতে পঢ়ক: এয়াৰ এছিয়াই ঘূৰাই দিছে টিকটৰ ৯৯ শতাংশ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.