ETV Bharat / bharat

দ্বাদশবাৰৰ বাবে আৰজেদি ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত লালু প্ৰসাদ যাদৱ

author img

By

Published : Oct 9, 2022, 7:13 PM IST

Updated : Oct 9, 2022, 10:40 PM IST

পুনৰ আৰজেডিৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ল লালু প্ৰসাদ যাদৱ (Lalu Yadav Elected National President Of RJD)। দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত দলে তেওঁক এই দায়িত্ব প্ৰদান কৰে । ২৮ ছেপ্টেম্বৰত লালু প্ৰসাদে দলৰ সভাপতি পদৰ বাবে একমাত্ৰ মনোনয়ন দাখিল কৰিছিল ।

RJD
দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত লালু প্ৰসাদ যাদৱ

নেশ্যনেল ডেস্ক,৯ অক্টোবৰ : বিনা প্ৰতিদ্বন্দিতাৰে পুনৰ ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰজেডিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত হ'ল লালু প্ৰসাদ যাদৱ (Lalu Yadav Elected National President Of RJD)। দ্বাদশবাৰৰ বাবে তেওঁ দলে এই দায়িত্ব অৰ্পণ কৰিলে । দিল্লীত অনুষ্ঠিত আৰজেডিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত (RJD national executive meeting in Delhi) এই ঘোষণা দলৰ ।

২৮ ছেপ্টেম্বৰত লালু প্ৰসাদে দলৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছিল । তেওঁৰ বাহিৰে আৰু কোনো নেতাই মনোনয়ন দাখিল কৰা নাছিল । অৱশ্যে, দেওবাৰে দলৰ ৰাষ্ট্ৰীয় সন্মিলনত ৰাষ্ট্ৰীয় সভাপতি হিচাপে ঘোষণা কৰাৰ সমান্তৰালকৈ নিৰ্বাচিত হোৱাৰ প্ৰমাণপত্ৰও জাৰী কৰা হৈছে ।

RJD
দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত লালু প্ৰসাদ যাদৱ

উল্লেখ্য যে ১৯৯৭ চনত ৰাষ্ট্ৰীয় জনতা দল গঠন হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সন্মিলন ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হৈছে । এই সন্মিলনত, দেশৰ সকলো ৰাজ্যৰ নেতাই অংশগ্ৰহণ কৰিছে । তথ্য অনুসৰি, দেশৰ ২৫ খন ৰাজ্যত আৰজেডিয়ে ইয়াৰ সাংগঠিন ভেটি গঢ়ি তুলিছে ।

এই গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাত আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱকে ধৰি বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, মন্ত্ৰী তেজ প্ৰতাপ যাদৱ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ যাদৱ, আব্দুল বাৰী চিদ্দিকী, শ্যাম ৰজক, উদয় নাৰায়ণ চৌধুৰী, শিৱানন্দ তিৱাৰী, ৰামচন্দ্ৰ পূৰৱে, কান্তি সিং আৰু জয়প্ৰকাশ নাৰায়ণ যাদৱ উপস্থিত আছে । একে সময়তে, ৰাজ্যিক সভাপতি জগদানন্দ সিং বৈঠকত অনুপস্থিত আছে । শেহতীয়াকৈ নীতিশ মন্ত্ৰীসভাৰ পৰা তেওঁৰ পুত্ৰ সুধাকৰ সিঙৰ পদত্যাগক লৈ অসন্তুষ্ট হৈ আছে জগদানন্দ সিং (Sudhakar Singh resign)। যাৰ বাবে তেওঁ এই সভাত উপস্থিত নাই বুলি সন্দেহ কৰা হৈছে ।

  • देश की राजधानी दिल्ली में आयोजित राष्ट्रीय कार्यकारिणी की बैठक में आदरणीय श्री @laluprasadrjd, माननीय उपमुख्यमंत्री श्री @yadavtejashwi अथवा वरिष्ठ नेताओं का ज़ोरदार स्वागत किया गया!@DelhiRJD @RJDforIndia @yuva_rajad pic.twitter.com/oyuoTeS0hd

    — बिहार राजद (@RJD_BiharState) October 9, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে আৰজেডিৰ সকলো সৰু-বৰ নেতা ৰাষ্ট্ৰীয় সন্মিলনৰ বাবে দিল্লীত উপস্থিত হৈছে । নতুন দিল্লীৰ এন ডি এম চি সন্মিলন কেন্দ্ৰত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈছে । আনহাতে ১০ অক্টোবৰত নতুন দিল্লীৰ তালকটোৰা ষ্টেডিয়ামত ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠক অনুষ্ঠিত হ'ব । একেদিনাই নৱ নিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতিৰ অধ্যক্ষতাত এখন মুকলি অধিৱেশনো অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :ৰাষ্ট্ৰপতিৰ অভ্যৰ্থনা অনুষ্ঠানত অনুপস্থিত: পঞ্জাবৰ মুখ্যমন্ত্ৰীক সমালোচনা ৰাজ্যপালৰ

Last Updated : Oct 9, 2022, 10:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.