ETV Bharat / bharat

Reward website hacked : ৰিৱাৰ্ড পইণ্ট হেক কৰা অভিযুক্তক গ্ৰেপ্তাৰ, ৪ কোটিতকৈ অধিক মূল্যৰ সামগ্ৰী জব্দ

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 8:16 PM IST

Reward website hacked
Reward website hacked

অভিযুক্তই ভাৰতীয় তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানত (আইআইআইটি) অধ্যয়ন কৰিছিল আৰু পিছত ডুবাই আৰু বেংগালুৰুৰ ব্যক্তিগত কোম্পানীত কিছু সময় কাম কৰিছিল । পিছত তেওঁ ক্ৰিপ্টো মুদ্ৰা, নৈতিক আৰু অনৈতিক হেকিঙত বিনিয়োগ শিকিছিল আৰু ৰিৱাৰ্ড ৩৬০ কোম্পানীৰ ৱেবছাইট হেক কৰি ৰিৱাৰ্ড পইণ্টৰ তথ্য লাভ কৰিছিল ।

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : গ্ৰাহকসকলক প্ৰদান কৰিবলগা ৰিৱাৰ্ড পইণ্ট হেক কৰি ব্যয়বহুল সামগ্ৰী ক্ৰয় কৰি থকা অভিযুক্তক দক্ষিণ পূব বিভাগৰ চিইএন আৰক্ষী থানাই গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ কৰা অভিযুক্তজন হৈছে অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰৰ বাসিন্দা বম্মালুৰ লক্ষ্মীপতি । গ্ৰেপ্তাৰ হোৱা লোকজনৰ পৰা ৪.১৬ কোটি টকাৰ সামগ্ৰী উদ্ধাৰ কৰা হৈছে ।

অভিযুক্তই ভাৰতীয় তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানত (আইআইআইটি) অধ্যয়ন কৰিছিল আৰু পিছত ডুবাই আৰু বেংগালুৰুৰ ব্যক্তিগত কোম্পানীত কিছু সময় কাম কৰিছিল । পিছত তেওঁ ক্ৰিপ্টো মুদ্ৰা, নৈতিক আৰু অনৈতিক হেকিঙত বিনিয়োগ শিকিছিল আৰু ৰিৱাৰ্ড ৩৬০ কোম্পানীৰ ৱেবছাইট হেক কৰি ৰিৱাৰ্ড পইণ্টৰ তথ্য লাভ কৰিছিল । পিছত তেওঁ সোণ আৰু ৰূপৰ সামগ্ৰী, দুচকীয়া বাহন, ইলেক্ট্ৰনিক সঁজুলি ক্ৰয় কৰিবলৈ উক্ত ৰিৱাৰ্ড পইণ্টবোৰ ব্যৱহাৰ কৰিছিল । একেদৰে দক্ষিণ পূব বিভাগৰ চিইএন ষ্টেচনৰ ব্যক্তিগত বেংক আৰু কোম্পানীৰ গ্ৰাহকসকলৰ ওচৰলৈ যাবলগা ৰিৱাৰ্ড পইণ্ট ব্যৱহাৰ কৰা অভিযুক্তজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে ।

চিত্তুৰস্থিত চাইবাৰ হেকাৰ লক্ষ্মীপতিক গ্ৰেপ্তাৰ কৰি ৫.২৬৯ কিলোগ্ৰাম সোণ, ২৭.২৫০ কিলোগ্ৰাম ৰূপ, ১১.১৩ লাখ নগদ ধন, ৭ খন বিভিন্ন কোম্পানীৰ দুচকীয়া বাহন, ফ্লিপকাৰ্ট ৱালেটৰ পৰা ২৬ লাখ, এমাজন ৱালেটৰ পৰা ৩.৫০ লাখ, ২ টা লেপটপ, ৩ টা মোবাইল ফোনসহ মুঠ ৪.১৬ কোটি মূল্যৰ সামগ্ৰী জব্দ কৰা হৈছে ।

বেংগালুৰু মহানগৰ আৰক্ষী আয়ুক্ত বি দয়ানন্দে সংবাদ মাধ্যমৰ আগত কয় যে ৰিৱাৰ্ড পইণ্টবোৰ গ্ৰাহকৰ ওচৰলৈ নোযোৱাত এই বিষয়ে সন্দেহবশত কোম্পানীটোৱে আমাৰ বিভাগৰ ওচৰত এক অভিযোগ দাখিল কৰে । আমাৰ কৰ্মচাৰীসকলে অভিযোগটো পঞ্জীয়ন কৰি তদন্ত চলায় আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰে । ৰিৱাৰ্ড পইণ্টবোৰ নগদ ধনৰ বিনিময়ত সলনি কৰিব পাৰি । আৰক্ষীয়ে নগদ ধনো জব্দ কৰিছে । তেওঁৰ বেংকত আৰু কিছু টকা ফ্ৰিজ হৈ আছে । এটা বেংকত ২৬ লাখ আৰু আন এটা বেংকত ৩ লাখ ফ্ৰিজ কৰা হৈছে ।

লগতে পঢ়ক :Chandrababu Naidu Arrested : চন্দ্ৰবাবু নাইডুৰ গৃহবন্দীত্ব আবেদন নাকচ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.