ETV Bharat / bharat

বিসম্বাদী বিধায়কৰ ওলোটা খৰ: মধ্যস্থতা কৰিবলৈ শিৱসেনাৰ নেতাক কাতৰ অনুৰোধ বিৰোধী বিধায়কৰ

author img

By

Published : Jun 26, 2022, 1:44 PM IST

"ছাৰ, ৰাউটৰ কাৰণে এইটো ভুল হৈছিল, এতিয়া আপুনি মধ্যস্থতা কৰিব লাগিব ৷" গুৱাহাটীৰ পৰা শিৱসেনাৰ নেতাক ফোনযোগে সহায়ৰ ভিক্ষা বিসম্বাদী বিধায়ক ৰমেশ বৰ্ণাৰেৰ (Rebel Shivsena MLA Ramesh Bornare call for help) ৷

rebel-shivsena-mla-ramesh-bornare-call-chandrakanta-khaire
মধ্যস্থতা কৰিবলৈ শিৱসেনাৰ নেতাক কাতৰ অনুৰোধ বিৰোধী বিধায়কৰ

নেশ্যনেল ডেস্ক, 26 জুন : "ছাৰ, ৰাউটৰ কাৰণে এইটো ভুল হৈছিল, এতিয়া আপুনি মধ্যস্থতা কৰিব লাগিব ৷" গুৱাহাটীৰ পৰা শিৱসেনাৰ নেতাক ফোনযোগে সহায়ৰ ভিক্ষা বিসম্বাদী বিধায়ক ৰমেশ বৰ্ণাৰেৰ (Rebel Shivsena MLA Ramesh Bornare call for help)৷

গুৱাহাটী হোটেল পলিটিক্সৰ নতুন মোৰ (Guwahati Hotel Politics) ৷ বিসম্বাদী বিধায়কৰ ওলোট খৰ ৷ শনিবাৰে শিৱসেনাৰ তৰফৰ পৰা 16 জনকৈ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে অযোগ্যতাৰ জাননী জাৰি কৰাৰ কথা ঘোষণা কৰাৰ পাছত তেওঁলোকক সৰ্তকবাৰ্তা প্ৰেৰণ কৰিছিল সাংসদ সঞ্জয় ৰাউটে(MLA Sanjay Raut) ৷

ইয়াৰ পিছতে বিসম্বাদী শিবিৰত খেলিমেলি হৈছে ৰাজনীতিৰ অংক ৷ শনিবাৰে সন্ধিয়া এক ফোনযোগে জ্যেষ্ঠ নেতা একনাথ সিন্দেৰ সৈতে গুৱাহাটীত থকা বৈজাপুৰৰ বিধায়ক ৰমেশ বৰ্নাৰেৰে শিৱসেনাৰ নেতা চন্দ্ৰকান্ত খাইৰেক শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেৰ মাজত মধ্যস্থতা কৰিবলৈ অনুৰোধ জনায় । খাইৰেও আহক, মই মধ্যস্থতা কৰিম ৷

ইফালে ৰাউটে সতৰ্কবাণীত বিদ্ৰোহী বিধায়কসকলক উদ্দেশ্যি কয় যে বিসম্বাদী বিধায়কসকল মহাৰাষ্ট্ৰৰ বাহিৰত আছে । তেওঁলোকৰ সুৰক্ষাৰ বাবে দায়বদ্ধ নহয় । তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে আমি দায়বদ্ধ নহয়

ৰাউটৰ এই ভাবুকিৰ পিছতে একনাথ সিন্দেৰ লগতে বিদ্ৰোহী বিধায়কসকলৰ(Rebels MLAs of Shiv Sena) বিৰুদ্ধে সৰৱ হৈ পৰিছে শিৱসেনাৰ নেতা-কৰ্মী তথা সমৰ্থক ৷ শনিবাৰে বিয়লি শিৱসেনাৰ কৰ্মী-নেতাসকলে পুনেত এজন বিদ্ৰোহী বিধায়ক তানাজী সাৱন্তৰ কাৰ্যালয় লণ্ডভণ্ড কৰে ।

লগতে পঢ়ক: বিসম্বাদী বিধায়ক তানাজী সাৱন্ত কাৰ্যালয় লণ্ডভণ্ড শিৱসেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.