ETV Bharat / bharat

RBI keeps repo rate unchanged : এইবাৰো অপৰিৱৰ্তিত হৈ থাকিল ৰেপো ৰেট

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 2:16 PM IST

RBI keeps repo rate unchanged
এইবাৰো অপৰিৱৰ্তিত হৈ থাকিল ৰেপো ৰেট

চলিত বিত্তীয় বৰ্ষৰ বাবে ৰেপো ৰেট ৬.৫ শতাংশতে ৰখা হৈছে । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে এই কথা ঘোষণা কৰে ।

নেশ্যনেল ডেস্ক,৬ অক্টোবৰ : পলিচি ৰেটৰ কোনো পৰিৱৰ্তন নহয় । এই ঘোষণা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ । ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে একেৰাহে চতুৰ্থবাৰৰ বাবে পলিচিৰ ৰেট বা হাৰ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে । মুদ্ৰাস্ফীতিৰ ওপৰত কঠোৰ নিৰীক্ষণ বজাই ৰাখি এই সিদ্ধান্ত লোৱা হৈছে । ২০২২ চনৰ মে' মাহৰ পৰা একেৰাহে ৬ বাৰকৈ ৰেট বৃদ্ধি কৰি ২৫০ বেচিচ পইণ্টত উপনিত হোৱাৰ পাছত এপ্ৰিলত ৰেট বৃদ্ধি প্ৰক্ৰিয়া স্থগিত কৰা হৈছিল ।

শুকুৰবাৰে দ্বিমাসিক মুদ্ৰা নীতি ঘোষণা কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে কয় যে মুদ্ৰা নীতি সমিতিয়ে (এমপিচি) সৰ্বসন্মতিক্ৰমে ৰেপো ৰেট ৬.৫ শতাংশত অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে । তেওঁ কয় যে এমপিচি মুদ্ৰাস্ফীতিৰ প্ৰতি সতৰ্ক হৈ থাকিব আৰু মুদ্ৰাস্ফীতিক লক্ষ্যস্তৰ উপনিত কৰাত প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব ।

তেওঁৰ মতে চলিত বিত্তীয় বৰ্ষৰ বাবে বিপদাশংকাৰ প্ৰতি লক্ষ্য ৰাখি ৰেট ৬.৫ শতাংশত ৰখা হৈছে । এমপিচি বৈঠকখন আগষ্টত উপভোক্তা মূল্য-আধাৰিত মুদ্ৰাস্ফীতি (চিপিআই)ৰ ৬.৮৩ শতাংশ স্পৰ্শ কৰাৰ সময়তে অনুষ্ঠিত হয় । মুদ্ৰাস্ফীতিৰ ছেপ্টেম্বৰৰ তথ্য অহা সপ্তাহত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে । চৰকাৰে আৰবিআইক চিপিআই মুদ্ৰাস্ফীতি ৪ শতাংশত আৰু দুয়োফালে ২ শতাংশৰ ব্যৱধান ৰাখিবলৈ নিৰ্দেশ দিছে ।

গৱৰ্ণৰগৰাকীয়ে কয় যে মুদ্ৰা নীতি খাদ্য আৰু ইন্ধনৰ মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰণ কৰিব লাগে । তেওঁ লগতে খাদ্যৰ মুদ্ৰাস্ফীতি কিউ ৩-ত নিৰন্তৰ হ্ৰাস হোৱাৰো ইংগিত দিয়ে । উন্নত সম্পদৰ মানৰ বাবে ভাৰতীয় বেংকিং ব্যৱস্থা স্থিতিস্থাপক হৈ আছে বুলিও গৱৰ্ণৰগৰাকীয়ে দাবী কৰে ।

লগতে পঢ়ক :ECI Meeting : দিল্লীত নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.