ETV Bharat / bharat

PHED female engineer suspended: ৰাষ্ট্ৰপতিৰ ভৰি চুবলৈ গৈ নিলম্বিত মহিলা অভিযন্তা

author img

By

Published : Jan 14, 2023, 6:16 PM IST

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সুৰক্ষা প্ৰট’কল ভংগ কৰি নিলম্বিত হ'ল এগৰাকী মহিলা অভিযন্তা ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সুৰক্ষা প্ৰট’কল উলংঘা কৰি তেওঁৰ ভৰি স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছিল মহিলা অভিযন্তাগৰাকীয়ে ৷ অৱশ্যে ৰাষ্ট্ৰপতি মুৰ্মুৰ নিৰাপত্তাৰক্ষীয়ে বাধা দিয়াত তেওঁ ৰাষ্ট্ৰপতিৰ ভৰি স্পৰ্শ কৰাত ব্যৰ্থ হয়(President Draupadi Murmu Safety Protocol) ৷

PHED female engineer suspended
ৰাষ্ট্ৰপতিৰ ভৰি চুবলৈ গৈ নিলম্বিত মহিলা অভিযন্তা

নিউজ ডেস্ক, ১৪ জানুৱাৰী: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সুৰক্ষা প্ৰট’কল উলংঘা কৰি তেওঁৰ ভৰি স্পৰ্শ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত এগৰাকী মহিলা অভিযন্তাক নিলম্বিত কৰা হৈছে(PHED female engineer suspended) । মহিলা অভিযন্তাগৰাকী জনস্বাস্থ্য কাৰিকৰী বিভাগত কৰ্মৰত আছিল ৷ ৰাজস্থানৰ পালিত ৪ জানুৱাৰীত আয়োজিত এক অনুষ্ঠানৰ সময়ত অভিযন্তাগৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সুৰক্ষা প্ৰট’কল উলংঘা কৰি তেওঁৰ ভৰি স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছিল(President Draupadi Murmu) ৷ এই সন্দৰ্ভত, মুখ্য অভিযন্তাই শুকুৰবাৰে এক নিৰ্দেশ জাৰি কৰে ।

এই নিৰ্দেশত অভিযন্তাগৰাকীক ৰাষ্ট্ৰপতিৰ প্ৰট’কল উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা অম্বা চিউল ৰোহত জিলা পালিত নিযুক্তি লাভ কৰিছে । মুখ্য অভিযন্তা ৰাকেশ লুহাদিয়াই সদৰী কৰা অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে ৪ জানুৱাৰীত পালিৰ নিম্বালি ব্ৰাহ্মণ গাঁৱত আয়োজিত ১৮ তম ৰাষ্ট্ৰীয় স্কাউট গাইড জাম্বৰীৰ উদ্বোধনী কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল । এই সময়চোৱাত কনিষ্ঠ অভিযন্তা অম্বা চিওল হেলিপেডত উপস্থিত আছিল ।

কনিষ্ঠ অভিযন্তাগৰাকীগৰাকীয়ে হেলিপেডত ৰাষ্ট্ৰপতিৰ ভৰি স্পৰ্শ কৰিবলৈ চেষ্টা কৰি ৰাষ্ট্ৰপতিৰ সুৰক্ষা প্ৰট’কল উলংঘা কৰে । অম্বা চিউলক ৰাজস্থান অসামৰিক সেৱা (শ্ৰেণীবিভাজন, নিয়ন্ত্ৰণ আৰু আপীল) নিয়ম, ১৯৫৮ৰ অধীনত তাৎক্ষণিকভাৱে নিলম্বিত কৰা হৈছে(Female engineer suspended in Rajasthan) । নিলম্বনৰ সময়চোৱাত তেওঁ বাড়মেৰৰ অতিৰিক্ত মুখ্য অভিযন্তা প্ৰকল্প এলেকাৰ মুখ্য কাৰ্যালয়ত থাকিব । তেওঁ অতিৰিক্ত মুখ্য অভিযন্তাৰ অনুমতি অবিহনে মুখ্য কাৰ্যালয় এৰিব নোৱাৰিব ।

দৰাচলতে, ৪ জানুৱাৰীত ৰাজস্থানৰ পালিৰ নিম্বালি ব্ৰাহ্মণ গাঁৱত আয়োজিত ১৮ তম ৰাষ্ট্ৰীয় স্কাউট গাইড জাম্বৰীৰ উদ্বোধনী কাৰ্যসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু সুৰক্ষাৰ দায়িত্বত নিয়োজিত কৰা হৈছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তাগৰাকীক ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হেলিকপ্তাৰখন হেলিপেডত উপস্থিত হোৱাৰ সময়ত তেওঁ ৰাষ্ট্ৰপতিক প্ৰত্যক্ষ কৰি উৎফুল্লিত হৈ পৰে ৷

অভিযন্তা অম্বা চিউল কৰ্তব্যত নিযুক্ত কৰা হৈছিল যদিও তেওঁ ৰাষ্ট্ৰপতিৰ নিৰাপত্তা বেষ্টনী ভাঙি তেওঁক আদৰণি জনোৱা লোকসকলৰ মাজত সোমাই পৰে । আনকি তেওঁ এই সময়চোৱাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সুৰক্ষা প্ৰট’কল উলংঘা কৰি তেওঁৰ ভৰি স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাৰক্ষীয়ে বাধা দিয়াত তেওঁ ৰাষ্ট্ৰপতিৰ ভৰি স্পৰ্শ কৰাত ব্যৰ্থ হয় ৷

লগতে পঢ়ক: Female cricketer found dead in Odisha forest: ঘন অৰণ্যত মহিলা ক্ৰিকেটাৰৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.