ETV Bharat / bharat

Rajasthan Assembly polls : কংগ্ৰেছে আসনৰ সংখ্যা বৃদ্ধিৰ বাবে গ্ৰহণ কৰিছে ৰণনীতি

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 5:05 PM IST

Rajasthan Assembly polls
কংগ্ৰেছে আসনৰ সংখ্যা বৃদ্ধিৰ বাবে গ্ৰহণ কৰিছে ৰণনীতি

কংগ্ৰেছৰ দখলত থাকিলেও ৰাজস্থানৰ ৫২ খন বিধানসভা আসন দলটোৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ হৈ আহিছে । যাৰ বাবে এইবাৰ সেইসমূহৰ আধা সংখ্যক আসন হ'লেও যিকোনো প্ৰকাৰে কংগ্ৰেছে নিজৰ হাতলৈ নিয়াৰ বাবে চেষ্টা চলাব । তাৰ বাবে ইতিমধ্যে শীৰ্ষ নেতৃত্বই ৰণনীতি প্ৰস্তুত কৰিছে ।

নেশ্যনেল ডেস্ক,১১ ছেপ্টেম্বৰ : কংগ্ৰেছৰ লক্ষ্য ৰাজস্থানৰ বিধানসভা নিৰ্বাচন । বিধানসভাৰ ৫২ খন আসন পুনৰুদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই । কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ৰাজস্থানৰ ওপৰত দৃষ্টি ৰাখিছে । দলৰ ভিতৰুৱা তথ্য অনুসৰি দলৰ প্ৰাক্তন সভাপতিগৰাকীয়ে এআইচিচিৰ ৰাজস্থান স্ক্ৰীণিং কমিটিৰ মুৰব্বী গৌৰৱ গগৈক দীৰ্ঘদিন ধৰি পৰাজিত হৈ থকা ৫২ খন বিধানসভা আসনৰ কমেও আধা আসন ঘূৰাই অনাৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ দায়িত্ব দিছে ।

২৮ ৰ পৰা ৩১ আগষ্টলৈ ৰাজস্থানৰ সকলো বিধানসভা আসনৰ পৰ্যালোচনা কৰা গগৈয়ে এতিয়া ৫২ খন আসনত কংগ্ৰেছৰ বিপৰ্যয়ৰ কাৰণ অধ্যয়ন কৰিব । স্থানীয় নেতা-কৰ্মীৰ পৰা মতামত ল'ব আৰু সম্ভাব্য প্ৰাৰ্থীসকলক চিনাক্ত কৰিব আৰু তেওঁলোকৰ বেছিভাগক জয়ী কৰোৱাৰ পৰিকল্পনা কৰিব ।

ৰাজ্যখনৰ দায়িত্বত থকা এআইচিচিৰ সচিব নিজামুদ্দিন কাজী, বীৰেন্দ্ৰ ৰাঠৌৰ আৰু অমৃতা ধাৱানে গ্ৰাউণ্ড ৰিপ'ৰ্টৰ বাবে সেই সমষ্টিসমূহ ভ্ৰমণ কৰিব । ৰাজস্থানৰ দায়িত্বত থকা এআইচিচিৰ সম্পাদক বীৰেন্দ্ৰ ৰাঠৌৰে ইটিভি ভাৰতক কয় যে তেওঁলোকে ৰাজ্যখনৰ উক্ত আসনসমূহৰ ওপৰত গুৰুত্ব দি আছে আৰু তাত ভাৰতীয় জনতা পাৰ্টিক তীব্ৰ প্ৰত্যাহ্বান জনাব । দীৰ্ঘদিন ধৰি পৰাস্ত হ'লেও কংগ্ৰেছে সেই আসনবোৰত ভাল প্ৰদৰ্শনৰ আশা কৰিছে ।

ৰাঠৌৰে কোৱা মতে তেওঁৰ দায়িত্বত থকা মাৰৱাৰ-মেভাৰ অঞ্চলত পৰা ৭০ খন আসনৰ ভিতৰত প্ৰায় ৪০ খন আসন কংগ্ৰেছৰ বাবে কঠিন হৈ আছে । কংগ্ৰেছে তাত যথেষ্ট শক্তি প্ৰয়োগ কৰি আছে । যদি কংগ্ৰেছে তাৰ আধাও ঘূৰাই আনিব পাৰে তেনেহ'লে কংগ্ৰেছৰ বাবে ই এক ডাঙৰ সফলতা হ'ব । এইবাৰ কংগ্ৰেছৰ আসনৰ সংখ্যা বৃদ্ধি হ'ব বুলিও তেওঁ আশা কৰিছে ।

ইফালে কংগ্ৰেছে ছেপ্টেম্বৰত বেছিভাগ প্ৰত্যাহ্বানপূৰ্ণ আসনত প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছে । আসনসমূহৰ ভিতৰত আছে শ্ৰীগঙ্গানগৰ, গংগাপুৰ মহানগৰ, অনুপগড়, ভদ্ৰা, বিকানেৰ ইষ্ট, পিলিবাঙ্গা, সংগনেৰ, মালৱীয় নগৰ, কাপাচন, বিদ্যাধৰ নগৰ, জালোৰ, ডুগ, ঝালৰাপাটান, খানপুৰ, মনোহৰ থানা, উদয়পুৰৱতী, ৰামগঞ্জ মাণ্ডি, মাৰৱাৰ জংচন, মালপুৰা, ৰেভদাৰ, নাগাউৰ, ৰতনগড়, খাণ্ডেলা, আজমেৰ উত্তৰ, আজমেৰ দক্ষিণ, ভৰতপুৰ, আলৱাৰ চিটি, বেহৰোড, ভীলৱাৰা, বুন্দি, কোটা, ভূপালগড়, চিৰোহী আদি ।

ৰাজস্থানৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ অংশ হিচাপে সংগঠনটোৰ দায়িত্বত থকা এআইচিচি কেচি বেণুগোপালে দেওবাৰে জয়পুৰত উপস্থিত হয় আৰু ৰাজ্যৰ দায়িত্বত থকা এআইচিচি এছ ৰন্ধাৱা, মুখ্যমন্ত্ৰী অশোক গেহলট, ৰাজ্যিক গোটৰ মুৰব্বী গোবিন্দ সিং দোতাচাৰা, অধ্যক্ষ চি পি যোশী, প্ৰচাৰ সমিতিৰ মুৰব্বী গোবিন্দ ৰাম মেঘৱাল আৰু শচীন পাইলটৰ অংশগ্ৰহণত এক মূল গোটৰ বৈঠক অনুষ্ঠিত হয় ।

লগতে পঢ়ক :New Delhi Declaration at G20: জি-২০ৰ অধ্যক্ষতাক লৈ বিজেপিৰ ভূমিকাক সমালোচনা শশী থাৰুৰৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.