ETV Bharat / bharat

বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে ত্ৰিপুৰাৰ মৈত্ৰী দলঙলৈ ৰেলপথ

author img

By

Published : Apr 21, 2022, 9:02 PM IST

‘‘বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে ত্ৰিপুৰাৰ ফেনি নদীৰ পাৰত মৈত্ৰী দলঙৰ সৈতে ৰে'লপথ নিৰ্মাণ কৰাটো অতি প্ৰয়োজনীয় ৷’’ এই মন্তব্য কেন্দ্ৰীয় ৰে'ল, কয়লা আৰু খনি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাওচাহেব পাটিল দানৱেৰ (Maitri Bridge on Feni River in Tripura) ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ চাব্ৰুমলৈ গৈ চাব্ৰুমৰ ৰে'ল ষ্টেচন নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে ৷

Railway connectivity to be extended upto Maitri Bridge
বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে ত্ৰিপুৰাৰ মৈত্ৰী দলঙলৈ ৰেলপথ

আগৰতলা, ২০ এপ্ৰিল : কেন্দ্ৰীয় ৰে'ল, কয়লা আৰু খনি বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰাওচাহেব পাটিল দানৱেই (Union Minister of State Raosaheb Patil Danve ) কয় যে বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে ত্ৰিপুৰাৰ ফেনি নদীৰ পাৰত মৈত্ৰী দলঙৰ সৈতে ৰে'লপথ নিৰ্মাণ কৰাটো অতি প্ৰয়োজনীয় (Maitri Bridge on Feni River in Tripura) ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ চাব্ৰুমলৈ গৈ চাব্ৰুমৰ ৰে'ল ষ্টেচন নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে ৷

ইয়াৰোপৰি, তেওঁ আইচিপি, লজিষ্টিক পাৰ্ক, বিশেষ অৰ্থনৈতিক ক্ষেত্ৰ, আৰু মৈত্ৰী দলঙকে ধৰি সকলো উন্নয়নমূলক কামৰ অগ্ৰগতিৰ বিষয়ে অনুসন্ধান কৰে । সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে ফেনি নদীৰ পাৰত থকা মৈত্ৰী দলঙলৈ ৰে'লপথ নিৰ্মাণ কৰাটো প্ৰয়োজনীয় (Railway connectivity to be extended upto Maitra Bridge )''।

তেওঁ পুনৰ কয়, ''মই পৰিস্থিতি পৰীক্ষা কৰিবলৈ চাব্ৰুমলৈ আহিছো । মই বিভাগৰ সৈতে চাব্ৰুমৰ পৰা কলকাতালৈ ৰেল পথ আৰম্ভ কৰাৰ বিষয়টো আলোচনা কৰিম । চাব্ৰুমৰ পৰা এখন চুপাৰ-ফাষ্ট এক্সপ্ৰেছ ৰেল চলাবলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে" ৷ মন্ত্ৰীজনে ইয়াৰোপৰি আশ্বাস দিয়ে যে, চাব্ৰুম ৰেল ষ্টেচনক এটা বৃহৎ ৰেল ষ্টেচনলৈ ৰূপান্তৰ কৰা হ'ব ।

লগতে পঢ়ক : ৰ‍াজনৈতিক চক্ৰান্তৰ বলি হ'ল নেকি গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.