ETV Bharat / bharat

'উত্তৰ প্ৰদেশ জোড়ো যাত্ৰা'ৰ পুনৰীক্ষণ কৰিব ৰাহুল, প্ৰিয়ংকাই

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 6:36 PM IST

UP Jodo Yatra
'উত্তৰ প্ৰদেশ জোড়ো যাত্ৰা'ৰ পুনৰীক্ষণ কৰিব ৰাহুল, প্ৰিয়ংকাই

UP Jodo Yatra: কংগ্ৰেছক শক্তিশালী কৰাৰ লক্ষ্যৰে এইবাৰ 'উত্তৰ প্ৰদেশ জোড়ো যাত্ৰা' (UP Jodo Yatra) ৷ ইটিভি ভাৰতৰ অমিত অগ্নিহোত্ৰীৰ এক বিশেষ প্ৰতিবেদন ৷

নেশ্যনেল ডেস্ক, 17 ডিচেম্বৰ : সমাগত লোকসভা নিৰ্বাচন 2024 ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বেই এইবাৰ বিজেপিক প্ৰতিহত কৰিবলৈ উঠি পৰি লাগিছে কংগ্ৰেছ দল ৷ চলিত বৰ্ষত দেশজুৰি কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা আৰু য়ুথ জোড়ো যাত্ৰাৰ সফল সমাপ্তিৰ পিচতেই এইবাৰ 20 ডিচেম্বৰৰ পৰা কংগ্ৰেছে উত্তৰ প্ৰদেশ জোড়ো যাত্ৰাৰ আৰম্ভ কৰিব ৷

এই যাত্ৰা পশ্চিম উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ পৰা আৰম্ভ কৰা হ'ব আৰু পশ্চিম আৰু মধ্য উত্তৰ প্ৰদেশৰ প্ৰায় নখন জিলাক সামৰি লোৱা হ'ব ৷ ইয়াৰ লক্ষ্য হৈছে ৰাজ্যখনৰ জনসাধাৰণৰ সৈতে কংগ্ৰেছৰ সম্পৰ্ক পুনৰ স্থাপন কৰা ৷ পৰৱৰ্তী সংসদীয় নিৰ্বাচনৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে এই যাত্ৰা অতিকৈ গুৰুত্বপূৰ্ণ বুলি দলটোৰ কৰ্মকৰ্তাসকলে আশা প্ৰকাশ কৰিছে ৷ এই যাত্ৰাত মুজাফ্ফৰনগৰ, বিজনৌৰ, আমৰোহা, মোৰাদাবাদ, ৰামপুৰ, বৰেলী, শ্বাহজাহানপুৰ, লখিমপুৰ, সীতাপুৰৰ পৰা লক্ষ্ণৌত সমাপ্ত হ'ব ।

"কংগ্ৰেছক জনসম্পৰ্কৰ প্ৰয়োজন ৷ এই যাত্ৰা উত্তৰ প্ৰদেশত সহায়ক হিচাপে বিবেচিত হ'ব । আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে মই বহুত আশাবাদী । ৰাজ্যখনত এতিয়ালৈ কেইবাটাও কাৰ্যসূচী নিৰ্ধাৰণ কৰা হৈছে ৷ কিন্তু যেতিয়া আমাৰ নেতাসকলে প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব তেতিয়া এই কাৰ্সূচীসমূহত নতুন দিশো পৰিলক্ষিত হ’ব পাৰে ৷" ৰাজ্যসভাৰ সাংসদ প্ৰমোদ তিৱাৰীয়ে ইটিভি ভাৰতক জানিবলৈ দিয়ে ৷

এতিয়া ইয়াৰ পিচতেই উত্তৰ প্ৰদেশ জোড়ো যাত্ৰাৰ পৰ্যালোচনা কৰিব ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৷ 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অহা 18 ডিচেম্বৰত ৰাজ্যখনৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে দলটোক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে 'উত্তৰ প্ৰদেশ জোড়ো যাত্ৰা'ৰ পৰ্যালোচনা কৰিব ।

বৰ্তমান, উত্তৰ প্ৰদেশত বিধানসভাৰ মুঠ 403 জন বিধায়কৰ ভিতৰত মাত্ৰ দুজন আৰু লোকসভাৰ মুঠ 80 জন সাংসদৰ ভিতৰত মাত্ৰ এজন সাংসদ কংগ্ৰেছ দলৰ আছে । এই কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছে পুনৰ ৰাজ্যখনত প্ৰত্যাৱৰ্তন কৰিব বুলি আশা প্ৰকাশ কৰিছে আৰু ভাৰত মিত্ৰজোঁটৰ অংশ হোৱা মিত্ৰশক্তি সমাজবাদী পাৰ্টী আৰু ৰাষ্ট্ৰীয় লোক দলে ৷ বিৰোধী মিত্ৰজোঁটৰ আগন্তুক পৰিকল্পনা সম্পৰ্কে আলোচনা কৰিবলৈ 19 ডিচেম্বৰত নতুন দিল্লীত 28 টা ভাৰতৰ দলৰ নেতাসকলে মিলিত হ’ব ৷

অনাগত সময়ত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাও এই যাত্ৰাত যোগদান কৰাৰ সম্ভাৱনা আছে ৷ "এই যাত্ৰা ভাৰত জোড়ো যাত্ৰাৰ এক সম্প্ৰসাৰণ। এই উত্তৰ প্ৰদেশ জোড়ে যাত্ৰা শ্লোগান হৈছে "নফ্ৰত ছোড়ো, ইউপি জোড়ো ৷" উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী অজয় ৰায়ে জানিবলৈ দিয়ে ৷

যোৱা 15 ডিচেম্বৰৰ পৰা অজয় ৰায়ে তেওঁৰ গৃহ চহৰ বাৰাণসীৰ স্থানীয় নেতাসকলৰ সৈতে "উত্তৰ প্ৰদেশ জোড়ো যাত্ৰা"ৰ সফলতাৰ বাবে বিভিন্ন পবিত্ৰ স্থানত প্ৰাৰ্থনা কৰিবলৈ এক পদযাত্ৰা অনুষ্ঠিত কৰিছে । এই যাত্ৰাৰ সমন্বয় আৰু বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ইয়াক প্ৰচাৰ কৰাৰ বাবে এটা বিশেষ দল গঠন কৰা হৈছে ৷ দলটোৰ ভাল দিন ঘূৰাই অনাৰ লক্ষ্যৰে কংগ্ৰেছে শেহতীয়াকৈ ৰায়ক উত্তৰ প্ৰদেশ গোটৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল।

লগতে পঢ়ক: চুৰাটত বিশ্বৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় হীৰা ব্যৱসায় প্ৰতিষ্ঠান ডায়মণ্ড ব’ৰ্চ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.