Rajasthan Congress Crisis : শচীন পাইলট আৰু অশোক গেহলটৰ সৈতে ৰাহুল গান্ধীৰ ৰুদ্ধদ্বাৰ বৈঠক

author img

By

Published : Dec 20, 2022, 2:14 PM IST

Rahul

ৰাজস্থান কংগ্ৰেছত হোৱা বিবাদৰ মাজতে সাংসদ ৰাহুল গান্ধীৰ অধ্যক্ষতাত এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় (Rahul Gandhi meeting with Gehlot and Sachin Pilot) । সোমবাৰে অনুষ্ঠিত হোৱা উক্ত বৈঠকত দুয়োজন বিবাদী নেতা মুখ্যমন্ত্ৰী অশোক গেহলট আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে অংশগ্ৰহণ কৰে ।

নিউজ ডেস্ক, ২০ ডিচেম্বৰ : ৰাজস্থান কংগ্ৰেছত হোৱা বিবাদৰ মাজতে সাংসদ ৰাহুল গান্ধীৰ অধ্যক্ষতাত এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় (Rahul Gandhi meeting with Gehlot and Sachin Pilot) । সোমবাৰে অনুষ্ঠিত হোৱা উক্ত বৈঠকত দুয়োজন বিবাদী নেতা মুখ্যমন্ত্ৰী অশোক গেহলট আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে অংশগ্ৰহণ কৰে । আলৱাৰৰ চাৰ্কিট হাউছত অনুষ্ঠিত শেষ নিশাৰ বৈঠকখন প্ৰায় এঘণ্টা ধৰি চলে (Rahul Gandhi meeting at Circuit House in Alwar) ।

উল্লেখ্য, চলিত ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি ৰাহুল গান্ধী আৰু অশোক গেহলট, শচীন পাইলট আৰু জিতেন্দ্ৰ সিঙকে ধৰি অন্যান্য বিশিষ্ট কংগ্ৰেছ নেতাসকল বৈঠকস্থলীত উপস্থিত হয় (Rahul Gandhi Bharat Jodo Yatra) । ৰাহুল গান্ধী বৈঠকৰ পৰা ওলাই অহাৰ লগে লগে সংবাদ মাধ্যমে তেওঁক স্পষ্ট প্ৰশ্ন কৰে যে, গেহলট আৰু পাইলটৰ সন্দৰ্ভত তেওঁ কিবা ভাল খবৰ দিব নেকি (Rajasthan Congress Crisis) ।

ৰাহুল গান্ধীয়ে মিচিকিয়াই উত্তৰ দিয়ে যে প্ৰচেষ্টা চলি আছে । উল্লেখ্য, ৰাজস্থানত অশোক গেহলট আৰু শচীন পাইলটৰ মাজত দীৰ্ঘদিন ধৰি বাকযুদ্ধ চলি আছে, যি কংগ্ৰেছৰ দৃষ্টিকোণৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰভাৱ পেলাব পাৰে (Ashok Gehlot and Sachin Pilot controversy) । দুয়োটা গোটৰ নেতাই নিৰন্তৰ ইজনে সিজনক মৌখিকভাৱে আক্ৰমণ কৰি আহিছে ।

তেনে পৰিস্থিতিত ভাৰত জোড়ো যাত্ৰাৰ সময়ত আলৱাৰত উপস্থিত হোৱা ৰাহুল গান্ধীয়ে হঠাতে এই সমস্যাৰ সমাধান বিচাৰি এখন সভা অনুষ্ঠিত কৰে । আলৱাৰৰ আৱৰ্ত ভৱনত এক নৈশভোজৰ আয়োজন কৰা হৈছিল । তাত ৰাজ্যৰ মুখ্যমন্ত্ৰী অশোক গেহলট (Rajasthan Chief Minister Ashok Gehlot), ৰাজ্যিক কংগ্ৰেছৰ সভাপতি গোবিন্দ সিং দোতাচাৰা, শচীন পাইলট আৰু বহুতো বিধায়ক উপস্থিত থাকে । সকলোৱে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰে আৰু সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰে ।

উল্লেখ্য যে, ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো যাত্ৰাই ইতিমধ্যে ১০০ দিন অতিক্ৰম কৰিছে । বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি কংগ্ৰেছে উক্ত যাত্ৰাকালত ৰাইজৰ মাজত সজাগতা সৃষ্টি আৰু বিজেপিৰ বিৰুদ্ধে জনমত গঠনৰ প্ৰচেষ্টা চলাই আহিছে । কিন্তু তাৰ মাজতে বহুকেইখন ৰাজ্যত কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দলে মূৰ দাঙি উঠিছে ।

ৰাজস্থানত মুখ্যমন্ত্ৰী অশোক গেহলট আৰু উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজত দূৰত্ব দীৰ্ঘদিন ধৰি অব্যাহত আছে । বিশেষকৈ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ সময়ত দুয়োজন নেতাৰ সমৰ্থকৰ মাজত দুটা গোটৰ সৃষ্টি হৈ এক মেৰু বিভাজন স্পষ্ট হৈ পৰিছিল । আনকি মুখ্যমন্ত্ৰী অশোক গেহলটপন্থী বিধায়কসকলে সমূহীয়াভাৱে পদত্যাগৰ বাবেও আগবাঢ়িছিল । কিন্তু পৰৱৰ্তী সময়ত ছোনিয়া গান্ধীৰ প্ৰত্যক্ষ হস্তক্ষেপত উক্ত বিবাদ সাময়িকভাৱে শাম কাটে । ইফালে অসমতো কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দলে মূৰ দাঙি উঠিছে ।

শেহতীয়াভাৱে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অংকিতা দত্তক আঁতৰাই যুৱ কংগ্ৰেছৰ নিৰ্বাচন ঘোষণাক লৈও তলে তলে নেতৃত্বৰ ওপৰত ক্ষোভৰ জুই জ্বলি আছে । কোন মুহূৰ্তত ই আগ্নেয়গিৰিৰ উদ্গীৰণৰ ৰূপ লয় তাৰ বাবেও সকলো সচেষ্ট হৈ আছে ।

লগতে পঢ়ক :Parliament Winter Session 2022 : টাৱাং প্ৰসংগত উচ্চ সদনত বিজেপিৰ সৈতে কংগ্ৰেছৰ তীব্ৰ বাদানুবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.