Rahul Gandhi rides bullet : বুলেট চলাই ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ ৰাহুল গান্ধীৰ

author img

By

Published : Nov 27, 2022, 1:59 PM IST

Rahul Gandhi rides bullet
বুলেট চলাই ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ ৰাহুল গান্ধীৰ ()

মধ্য প্ৰদেশত বুলেট চলাই ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰিলে ৰাহুল গান্ধীয়ে (Rahul Gandhi rides bullet) ৷ দেওবাৰে পঞ্চম দিনত উপনীত হ’ল মধ্য প্ৰদেশত অব্যাহত থকাৰ ভাৰত জোড়ো যাত্ৰাৰ কাৰ্যসূচী ৷

নেশ্যনেল ডেস্ক, 27 নৱেম্বৰ : দেওবাৰে পঞ্চম দিনত ভৰি দিলে মধ্যপ্ৰদেশত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই (Bharat Jodo Yatra in Madhya Pradesh)৷ এই যাত্ৰা আজি ইন্দোৰত উপস্থিত হ’ব আৰু তাতেই এক সভা অনুষ্ঠিত কৰিব কংগ্ৰেছ দলে ৷ এই সভাৰ পাচতেই পঞ্চম দিনাৰ কাৰ্যসূচী সমাপ্ত হ’ব ৷ ইয়াৰ পাচতে কাইলৈ অৰ্থাৎ 28 নৱেম্বৰত পুনৰ আৰম্ভ হ’ব যাত্ৰা ।

বুলেট চলাই ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ ৰাহুল গান্ধীৰ

দেওবাৰৰ যাত্ৰাৰ সময়তে ৰাহুল গান্ধীয়ে হঠাৎ এজন লোকে বুলেট এখনেৰে আহি থকা দেখা পাই মাতি আনি বুলেটখন চলাবলৈ লয় (Rahul Gandhi rides bullet)৷ এই দৃশ্যই আপ্লুত কৰিলে উপস্থিত লোকসকলক ৷ লগতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত এজন বিশেষভাৱে সক্ষম ব্যক্তিয়েও অংশগ্ৰহণ কৰা দেখা গ’ল ।

উল্লেখ্য যে, এজন লোকে এখন বুলেটেৰে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ যাত্ৰা কৰি আছিল ৷ লগত আছিল এটা কুকুৰ ৷ উক্ত বুলেটখন চলাই ৰাহুল গান্ধীয়ে কিছু সময়ৰ বাবে আজিৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰা দেখা গ’ল ৷ ইয়াৰ উপৰিও আজি ৰাহুল গান্ধীয়ে হুইল চেয়াৰৰ সহায়ত গৈ থকা এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ লগতো মত বিনিময় কৰা দেখা গ’ল ৷

  • भारत जोड़ो यात्रा में बड़वाह और महू के सम्मानित नागरिकों ने जो उत्साह दिखाया उसके लिए बहुत-बहुत धन्यवाद।
    नफरत के खिलाफ और भाईचारे के पक्ष में आपका एकजुट होना, लोकतंत्र को नई शक्ति देगा।
    ह्रदय से आभार

    — Kamal Nath (@OfficeOfKNath) November 26, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

মধ্য প্ৰদেশৰ ভাৰত জোড়ো যাত্ৰাৰ সন্দৰ্ভত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে(Madhya Pradesh Ex CM Kamal Nath) কয়, "ভাৰত জোড়ো যাত্ৰাত বৰৱা আৰু মহৌৰ সন্মানীয় নাগৰিকসকলে যি উৎসাহ দেখুৱাইছে তাৰ বাবে অশেষ ধন্যবাদ । ঘৃণাৰ বিৰুদ্ধে আৰু ভাতৃত্ববোধৰ সপক্ষে আপোনালোকৰ এই একতাই গণতন্ত্ৰক নতুন শক্তি দিব’’। লগতে সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে কমল নাথে ।

লগতে পঢ়ক : Bhupen Bora criticizes BJP: প্ৰতিটো স্তৰত বিভাজনৰ ৰাজনীতি বিয়পাই দিব বিচাৰিছে বিজেপিয়ে; ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.