ETV Bharat / bharat

Rahul appears before ED: দেশজুৰি কংগ্ৰেছ নেতা-কৰ্মীক আটক

author img

By

Published : Jun 13, 2022, 7:19 PM IST

সোমবাৰে দিনৰ প্ৰায় 11 বজাত দিল্লীৰ আকবৰ ৰোডত থকা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা ইডিৰ কাৰ্যালয়লৈ পদব্ৰজে যাত্ৰা কৰে ৰাহুল গান্ধীয়ে (Congress marches behind Rahul) ৷ এই যাত্ৰাত ৰাহুলক সংগ দিয়ে প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আদিয়ে ৷

Rahul appears before ED
Rahul appears before ED

নিউজ ডেস্ক, 13 জুন : প্ৰৱৰ্তক সঞ্চালকালয়ে Money laundering ৰ গোচৰত তলব কৰাৰ পাচতে সোমবাৰে এক সমদল কৰি দিল্লীৰ ইডিৰ কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী (ED summons Rahul Gandhi) ৷ এই প্ৰতিবাদী সমদলত অংশ লোৱা বহু কেইজন কংগ্ৰেছ নেতাক আটক কৰে দিল্লী আৰক্ষীয়ে ৷ আটক কৰা কংগ্ৰেছ নেতাসকলৰ ভিতৰত আছে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, ৰণদীপ সূৰ্যেৱালা, কে চি বেনুগোপাল আৰু অধীৰ ৰঞ্জন চৌধুৰী ৷

সোমবাৰে দিনৰ প্ৰায় 11 বজাত দিল্লীৰ আকবৰ ৰোডত থকা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা ইডিৰ কাৰ্যালয়লৈ পদব্ৰজে যাত্ৰা কৰে ৰাহুল গান্ধীয়ে (Congress marches behind Rahul) ৷ এই যাত্ৰাত ৰাহুলক সংগ দিয়ে প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আদিয়ে ৷ ৰাহুল গান্ধীয়ে কোনো গোচৰ সন্দৰ্ভত সোধা-পোচাৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ সন্মুখত ঠিয় দিয়াৰ ঘটনা এইটোৱেই প্ৰথম (Rahul appears before ED) ৷

কংগ্ৰেছ সাংসদ আৰু কৰ্মীসকল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ সমুখত একগোট হোৱাৰ পিচতে ৰণদীপ সূৰ্যেৱালাই ঘোষণা কৰে যে, শান্তিপূৰ্ণভাৱে তেওঁলোকে ইডিৰ কাৰ্যালয়ৰ দিশে সমদল কৰিব আৰু যদি আৰক্ষীয়ে বাধা দিয়ে তেন্তে তেওঁলোক গ্ৰেপ্তাৰো হ’ব (Congress leaders took to streets)৷

ৰাহুল গান্ধীক সমৰ্থন জনায় বিভিন্ন শ্ল’গানেৰে কংগ্ৰেছ কৰ্মীসকলে ইডিৰ কাৰ্যালয়ৰ দিশে যাত্ৰা কৰে ৷ কিন্তু যাত্ৰাপথত বেৰিকেড লগাই আৰক্ষীয়ে বাধা প্ৰদান কৰে এই সমদলত ৷ একাংশ কংগ্ৰেছ কৰ্মীয়ে এই বেৰিকেড অতিক্ৰম কৰি আগবঢ়াৰ চেষ্টা কৰে ৷ 144 ধাৰা ভংগ কৰাৰ অভিযোগত একাংশ কংগ্ৰেছ নেতা-কৰ্মীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় যে, তেওঁক কিয় আটক কৰিছে সেয়া দিল্লী আৰক্ষীয়ে জানিব ৷ ইয়াক একনায়কত্ববাদিতা বুলি উল্লেখ কৰে বাঘেলে ৷ তেওঁ লগতে কয় যে, যথেষ্ট সংখ্যক কংগ্ৰেছ নেতাক শান্তিপূৰ্ণ সমদল কৰাৰ বাবে আটক কৰিছে আৰক্ষীয়ে ৷ এজাহাৰ নোহোৱাকৈ ইডিয়ে কেনেকৈ তলব কৰিব পাৰে বুলিও প্ৰশ্ন কৰে বাঘেলে ৷

জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গেয়ে কয় যে, চৰকাৰে ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে ৷ কেন্দ্ৰীয় সংস্থাসমূহক নিজৰ ইচ্ছানুসাৰে ব্যৱহাৰ কৰাৰ লগতে জনসাধাৰণক হাৰাশাস্তি কৰা বুলিও উল্লেখ কৰে খৰ্গেয়ে ৷

ৰণদীপ সূৰ্যেৱালাই উল্লেখ কৰে যে, কংগ্ৰেছ নেতাসকলে কোনো ভুল কৰা নাছিল ৷ ‘‘গডছেৰ বংশধৰসকলে সত্যক ভয় কৰে আৰু তেওঁলোকে সত্যক দমন কৰিব নোৱাৰিব’’ বুলি কয় সূৰ্যেৱালাই ৷ তেওঁ ইয়াকো কয় যে, কংগ্ৰেছে স্বাধীনতা আন্দোলনৰ সময়ত যি সত্যাগ্ৰহ আৰম্ভ কৰিছিল, তাৰ পৰা বিজেপিয়ে একো নিশিকিলে ৷

ৰাহুল গান্ধীক ইডিয়ে তলব কৰাৰ বিৰোধিতাৰে অসমতো প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে আদি কৰি একাংশ কংগ্ৰেছ নেতাক আটক কৰে অসম আৰক্ষীয়ে ৷ আৰক্ষীৰ এই পদক্ষেপক ধিক্কাৰ জনোৱাৰ লগতে চৰকাৰে স্বৈৰচাৰী শাসন চলোৱাৰ অভিযোগ কৰে কংগ্ৰেছ নেতাসকলে ৷

লগতে পঢ়ক : ED summoned Rahul Gandhi : গুৱাহাটীত প্ৰতিবাদ কৰি আটক ভূপেন বৰাসহ কংগ্ৰেছ নেতৃত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.