Putin to Arrive in Delhi : পুটিনৰ ভাৰত ভ্ৰমনে উত্তৰন ঘটাব ভাৰত ৰাছিয়াৰ সম্পৰ্ক

author img

By

Published : Dec 6, 2021, 10:56 AM IST

Updated : Dec 6, 2021, 6:55 PM IST

Putin's arrival in Delhi

আজি নতুন দিল্লীত উপস্থিত হ'ব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন(Putin to arrive in Delhi) । ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণকালতে ভাৰত আৰু ৰাছিয়াৰ মাজত যোগাযোগ, জাহাজ চলাচল, মহাকাশ, সামৰিক-কাৰিকৰী সহযোগিতা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু সংস্কৃতি বিষয়কে ধৰি ১০ খনতকৈও অধিক দ্বি-পাক্ষিক চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে(India and Russia likely to sign bilateral pacts) ।

নেশ্যনেল ডেস্ক, ৬ ডিচেম্বৰ : ২১ সংখ্যক ইণ্ডো-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যেৰে সোমবাৰে নতুন দিল্লীত উপস্থিত হ'ব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন(Putin to participate in Indo-Russia summit) । এই সন্মিলনত দুয়োখনৰ দেশৰ নেতাই দ্বি-পাক্ষিক সম্পৰ্কৰ বিষয়ে পৰ্যালোচনা কৰিব । লগতে দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বিভিন্ন উপায়ৰ বিষয়ে এই সন্মিলনত আলোচনা কৰিব । ভাৰত আৰু ৰাছিয়াৰ নেতাই এই সন্মিলনত দুয়োখন দেশৰে স্বাৰ্থজনিত আঞ্চলিক, বহুপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত মত বিনিময় কৰিব ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভ্ৰমণ কালতে ভাৰত আৰু ৰাছিয়াৰ মাজত যোগাযোগ, জাহাজ চলাচল, মহাকাশ, সামৰিক-কাৰিকৰী সহযোগিতা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা আৰু সংস্কৃতি বিষয়কে ধৰি ১০ খনতকৈও অধিক দ্বি-পাক্ষিক চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে । সোমবাৰে সন্ধিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন দিল্লীত উপস্থিত হ’ব ।

উল্লেখ্য যে, দুয়োখন দেশে ৭.৫ লাখ এ কে-২০৩ এছল্ট ৰাইফল (AK 203 Rifle) যোগান ধৰাৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰিব বুলি আশা কৰা হৈছে । শনিবাৰে কেন্দ্ৰই উত্তৰ প্ৰদেশৰ এটা কাৰখানাক একে-203 ৰাইফল নিৰ্মাণৰ অনুমোদন দিছে ।

এয়া হৈছে ভাৰত আৰু ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেডৰ যৌথ উদ্যোগ । ইয়াৰ উপৰিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি, দ্বি-পাক্ষিক সন্মিলনত এছ-৪০০ মিছাইল প্ৰতিৰক্ষা প্ৰণালীৰ যোগান (S 400 Missile Defence System) আৰু অন্যান্য প্ৰতিৰক্ষা চুক্তি সন্দৰ্ভত আলোচনা কৰা হ'ব(Agreements between India and Russia) ।

আনহাতে, ভাৰত আৰু ৰাছিয়াৰ বৈদেশিক পৰিক্ৰমা আৰু প্ৰতিৰক্ষা মন্ত্ৰীসকলো এক বৈঠকত মিলিত হ'ব । দুয়োখন দেশৰ মন্ত্ৰীয়ে দ্বি-পাক্ষিক, আঞ্চলিক, আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক আৰু প্ৰতিৰক্ষা বিষয়ত আলোচনা কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ পূৰ্বে ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত ৰাছিয়াৰ ভ্লাদিভষ্টকত এই সন্মিলন অনুষ্ঠিত হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই সন্মিলনত অংশ লৈছিল ।

ইয়াৰ পাচত ২০২০ চনত ক'ভিড-১৯ মহামাৰীৰ কাৰণে ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলন অনুষ্ঠিত কৰা হোৱা নাছিল । ২০১৯ চনৰ নৱেম্বৰ মাহত ব্ৰাচিলিয়াত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত পুটিন-মোডীয়ে শেষবাৰৰ বাবে বৈঠকত মিলিত হৈছিল । বহুপাক্ষিক সন্মিলনৰ বাবে ভাৰ্চুৱেল বৈঠকত অংশ লোৱাৰ উপৰিও ২০১৯ চনৰ নৱেম্বৰ মাহৰ পৰা আজি পৰ্যন্ত দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ মাজত ৬ বাৰ টেলিফোনিক বাৰ্তালাপ হৈছে । ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: BSF raising day: BSF ক বিশ্বমানৰ প্ৰযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ

Last Updated :Dec 6, 2021, 6:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.