ETV Bharat / bharat

BSF raising day: BSF ক বিশ্বমানৰ প্ৰযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ

author img

By

Published : Dec 5, 2021, 7:43 PM IST

BSF raising day
BSFক বিশ্বমানৰ প্ৰযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ

জয়চলমেৰত অনুষ্ঠিত সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah at BSF raising day program)। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বিএছএফ জোৱানসকলক পদক প্ৰদান কৰে ।

নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে জয়চলমেৰত অনুষ্ঠিত সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে (Amit Shah at BSF raising day program) । এই অনুষ্ঠানতে সীমান্ত সুৰক্ষা বাহিনীক বিশ্বৰ উন্নত প্ৰযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে সীমান্ত সুৰক্ষা বাহিনীক প্ৰশংসা কৰি কয় যে বিএছএফ হৈছে দেশৰ প্ৰথম শাৰীৰ প্ৰতিৰক্ষা বাহিনী ।

অমিত শ্বাহৰ মতে বিজেপি চৰকাৰৰ বাবে সীমান্ত সুৰক্ষাৰ অৰ্থ হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা । সেয়েহে প্ৰথম শাৰীৰ প্ৰতিৰক্ষা বাহিনী উন্নত প্ৰযুক্তি প্ৰদান কৰাটো বিজেপি চৰকাৰৰ প্ৰধান কৰ্তব্য । তেওঁ কোৱা মতে ২০১৪ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে দেশৰ সীমাৰ নিৰাপত্তাক গুৰুত্ব সহকাৰে লৈছে । মন্ত্ৰীগৰাকীৰ মতে যি স্থানতে সীমান্তত বেদখলৰ চেষ্টা কৰা হয়, তাৎক্ষণিকভাৱে তাৰ প্ৰতিশোধ লোৱা হৈছে ।

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) আৰু বিএছএফৰ সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ আৰক্ষী বাহিনী, বিএছএফ আৰু চিএপিএফৰ ৩৫,০০০ তকৈও অধিক জোৱানে দেশৰ বাবে প্ৰাণ ত্যাগ কৰিছে । ইফালে সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে জোৱানসকলক পদক প্ৰদান কৰে ।

উল্লেখ্য যে, বিএছএফৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে জয়চলমেৰত উদযাপন কৰা হৈছে (57th BSF Raising Day at Jaisalmer)। ইয়াৰ পূৰ্বে শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমাৰ সমীপৰ ৰোহিতাশ সীমান্তত বিএছএফৰ জোৱানসকলক স্বাস্থ্য কাৰ্ড বিতৰণ কৰে । এই স্বাস্থ্য কাৰ্ডসমূহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখ্য স্বাস্থ্যসেৱা আঁচনি আয়ুষ্মান ভাৰত যোজনাৰ অধীনত বিতৰণ কৰা হৈছে ।

ইফালে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজস্থানত উপস্থিত হোৱা অমিত শ্বাহে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব । জানিব পৰা মতে বিজেপিৰ ৰাজ্যিক কাৰ্যকৰী সমিতিৰ বৈঠকত উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জনপ্ৰতিনিধি সন্মিলনতো অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :Amit Shah to Visit Jaisalmer: BSFৰ প্ৰতিষ্ঠা দিৱসত অংশ ল'ব মন্ত্ৰীগৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.