ETV Bharat / bharat

PT Usha Meets Wrestlers : যন্তৰ-মন্তৰত প্ৰতিবাদকাৰী মল্লযোদ্ধাক সাক্ষাৎ পিটি ঊষাৰ

author img

By

Published : May 3, 2023, 8:26 PM IST

দেশক অপমান কৰাৰ বাবে প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলক সমালোচনা কৰাৰ কেইদিনমান পিচতে কিংবদন্তী অলিম্পিয়ান পিটি ঊষাই যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলী পৰিদৰ্শন কৰি প্ৰতিবাদকাৰীসকলক সাক্ষাৎ কৰে (PT Usha meets wrestlers at Jantar Mantar) ।

PT Usha Meets Wrestlers
PT Usha Meets Wrestlers

নিউজ ডেস্ক, ৩ মে' : প্ৰতিবাদকাৰী মল্লযোদ্ধা আৰু প্ৰাক্তন কিংবদন্তী খেলুৱৈগৰাকীৰ মাজত হোৱা অপ্ৰীতিকৰ বিবাদৰ কেইদিনমান পিচতে ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পিটি ঊষাই (legendary Olympian PT Usha) বুধবাৰে ৰাজধানীৰ যন্তৰ-মন্তৰত পীড়িত মহিলা মল্লযোদ্ধাসকলক সাক্ষাৎ কৰে । উল্লেখ্য, ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে মল্লযোদ্ধাসকলৰ প্ৰতিবাদে বুধবাৰে ১১ নম্বৰ দিনত প্ৰৱেশ কৰে (PT Usha meets wrestlers at Jantar Mantar) ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে পিটি ঊষাই (IOA President PT Usha) এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলক ৰাজপথত প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ পৰিৱৰ্তে শৃংখলাবদ্ধ হ'বলৈ আৰু দেশক অপমান নকৰিবলৈ কৈ বিদ্যালয়ত পঢ়িবলৈ চেষ্টা কৰাৰ কথা কৈছিল । যিটো মল্লযোদ্ধাসকলে ভালদৰে গ্ৰহণ কৰা নাছিল (Indian wrestlers protest against WFI chief) ।

পৰৱৰ্তী সময়ত সাক্ষী মালিকে কয় যে, তেওঁলোকে তেওঁৰ এই মন্তব্যৰ দ্বাৰা আঘাত অনুভৱ কৰিছে । "তেওঁ নিজে এগৰাকী মহিলা হোৱা সত্ত্বেও আমাক সমৰ্থন কৰা নাই । আমি ইয়াত শান্তিপূৰ্ণভাৱে বহি আছোঁ । যদি আমি ন্যায় পালোঁহেঁতেন, তেন্তে আমি ইয়ালৈ প্ৰতিবাদ কৰিবলৈ নাহিলোঁহেঁতেন ।" তেওঁ কয় । আনহাতে, বিনেশ ফোগাটে অভিযোগ কৰি কয় যে, তেওঁ পূৰ্বতে পিটি ঊষাক তেওঁলোকৰ বিষয়টো আলোচনা কৰিবলৈ ফোন কৰিছিল । কিন্তু তেওঁ তাৰ কোনো উত্তৰ পোৱা নাছিল ।

উল্লেখ্য যে, প্ৰাক্তন 'ট্ৰেক এণ্ড ফিল্ড' আইকনগৰাকীয়ে প্ৰতিবাদস্থলীত সমবেত হোৱা সংবাদ মাধ্যমৰ সৈতে কোনো ধৰণৰ মত বিনিময় নকৰাকৈয়ে গুচি যায় । কিন্তু পুনিয়াই পিচত সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, তেওঁ সমৰ্থনৰ প্ৰতিশ্ৰুতি দিছে । "পিটি ঊষাই আমাক লগ ধৰি সমৰ্থনৰ আশ্বাস দিছে । তেওঁ কৈছে যে, তেওঁ প্ৰথমতে এগৰাকী খেলুৱৈ আৰু তাৰ পিচতহে এগৰাকী প্ৰশাসক । তেওঁ আশ্বাস দিছে যে, তেওঁ আমাক ন্যায় পোৱাত সহায় কৰিব ।"

আনহাতে, অলিম্পিকৰ পদক বিজয়ী খেলুৱৈ পুনিয়াই প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ অনুশাসনৰ অভাৱ সম্পৰ্কে কৰা মন্তব্যৰ ক্ষেত্ৰত কয়, "পিটি ঊষাই কৈছে যে তেওঁৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে ।"

উল্লেখ্য যে, পিটি ঊষাই কেইদিমান পূৰ্বে মল্লযোদ্ধাসকলৰ এই ৰাজহুৱা প্ৰতিবাদক ‘‘অনুশাসনহীনতা'ৰ সমান বুলি ঘোষণা কৰিছিল আৰু তেওঁলোকৰ কাৰ্যকলাপে 'ভাৰতৰ ভাবমূৰ্তি কলুষিত কৰিছে' বুলি প্ৰকাশ কৰিছিল । তেওঁ প্ৰতিবাদকাৰীসকলক প্ৰথমতে ভাৰতীয় অলিম্পিক সন্থাৰ ওচৰলৈ নোযোৱা আৰু ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে তেওঁলোকৰ দাবীৰ তদন্তৰ ফলাফলৰ বাবে অপেক্ষা নকৰাৰ বাবেও সমালোচনা কৰিছিল’’ (WFI president Brij Bhushan Singh controversy) ।

"IOA-ৰ যৌন নিৰ্যাতনৰ বাবে এখন সমিতি আছে (WFI chief sexual harassment case) । পথত নমাৰ পৰিৱৰ্তে তেওঁলোকে (প্ৰতিবাদকাৰী মল্লযোদ্ধাসকল) আগতে আমাৰ ওচৰলৈ আহিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোক IOA-লৈ অহা নাছিল । এইটো ক্ৰীড়াৰ বাবে ভাল নহয়, কেৱল মল্লযোদ্ধাসকলৰ বাবেই নহয়, তেওঁলোকৰ কিছু অনুশাসনো থাকিব লাগে ।" তেওঁ এনেদৰে কৈছিল ।

উল্লেখ্য, মল্লযোদ্ধাসকলে ইয়াৰ পূৰ্বেও বছৰটোৰ আৰম্ভণিতে ৰেষ্টলিং ফেডাৰেচন অব ইণ্ডিয়াৰ সভাপতি ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আন এক পৰ্যায়ৰ প্ৰতিবাদ অনুষ্ঠিত কৰিছিল । কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে তেতিয়া মল্লযোদ্ধাসকলক আশ্বাস দিছিল যে, সিঙৰ বিৰুদ্ধে এটা স্বতন্ত্ৰ তদন্ত কৰা হ'ব । পৰৱৰ্তী সময়ত পিটি ঊষাৰ অধ্যক্ষতাত এখন পৰ্যবেক্ষণ সমিতি প্ৰস্তুত কৰা হৈছিল । ইয়াৰ ফলত মল্লযোদ্ধাসকলে তেওঁলোকৰ প্ৰতিবাদ প্ৰত্যাহাৰ কৰিছিল ।

অৱশ্যে দ্বিতীয় পৰ্যায়ৰ প্ৰতিবাদত মল্লযোদ্ধাসকলে কৈছিল যে, প্ৰতিবেদনৰ ফলাফল কেতিয়াও ৰাজহুৱা কৰা হোৱা নাছিল । মঙলবাৰে তাৰকা মল্লযোদ্ধা বিনেশ ফোগাটে অভিযোগ কৰে যে, অনুৰাগ ঠাকুৰে সমিতি গঠন কৰি আৰু ডব্লিউএফআই মুৰব্বীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰি বিষয়টো দমন কৰিবলৈ চেষ্টা কৰিছিল ।

লগতে পঢ়ক : New NCP President : এনচিপিৰ পৰৱৰ্তী সভাপতিৰ দৌৰত সুপ্ৰিয়া ছুলে আৰু প্ৰফুল পেটেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.