ETV Bharat / bharat

ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ হস্তক্ষেপ দাবী নেচোৰ

author img

By

Published : Feb 4, 2021, 10:07 AM IST

ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীৰে মিজোৰামৰ বৃহৎ ছাত্ৰ সংগঠন মিজো জিৰলাই পাৱলৰ প্ৰতিবাদ ৷ বুধবাৰে বৃহৎ ছাত্ৰ সংগঠনটোৱে সামৰিক বাহিনীৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ হস্তক্ষেপ দাবী নেচোৰ
ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ হস্তক্ষেপ দাবী নেচোৰ

নেশ্যনেল ডেস্ক, 4 ফেব্ৰুৱাৰী: ম্যানমাৰৰ নেতা আং ছান চ্যুকীক সেনা বাহিনীয়ে আটক কৰাৰ পাচতে বিশ্বজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বুধবাৰে মিজোৰামৰ বৃহৎ ছাত্ৰ সংগঠন মিজো জিৰলাই পাৱলই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীৰে বৃহৎ ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চলিত বৰ্ষৰ 1 জানুৱাৰীতো ম্যানমাৰৰ বিভিন্ন দল-সংগঠনৰ লগতে মিজোৰামৰ বিভিন্ন বেচৰকাৰী সংগঠনে কমাণ্ডাৰ ইন চিফ মিন আং হালাইঙৰ এখন সভাত বিভিন্ন শ্ল'গান সম্বলিত বেনাৰ পোষ্টাৰ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ প্ৰতিবাদস্থলীত মিজোৰামৰ দল-সংগঠন সমূহে কৈছিল যে,মিজোৰাম সদায় ম্যানমাৰৰ লগত আছে ৷ ম্যানমাৰক সকলো সময়তে সহায় কৰিবলৈ সাজু আছে মিজোৰাম ৷

নেচোৰ সদস্য ৰিকি কোলনীয়ে কয় যে, ম্যানমাৰৰ সামৰিক বাহিনীয়ে দেশৰ নিয়ন্ত্ৰণ দখল কৰিবলৈ বিচাৰিছে ৷ গতিকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবই লাগিব ৷ এমজেডপি আৰু মিজো লোক সকল ম্যানমাৰৰ লগত আছে গতিকে গণতন্ত্ৰ উদ্ধাৰৰ বাবে আমি ভাৰত চৰকাৰৰ হস্তক্ষেপ বিচাৰিছো ৷ ভাৰত চৰকাৰে যিমান পাৰে ম্যানমাৰক সহায় কৰিবলৈ আহ্বান জনাইছো ৷

লগতে পঢ়ক: সামৰিক অভ্যুত্থানৰ পাচত ম্যানমাৰত উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.