ETV Bharat / bharat

তিহাৰ কাৰাগাৰত কয়দীৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Aug 4, 2021, 7:13 PM IST

তিহাৰ কাৰাগাৰ(Tihar jail)ৰ ভিতৰত ৰহস্যজনকভাৱে উদ্ধাৰ হ'ল এগৰাকী কয়দীৰ মৃতদেহ । কয়দীগৰাকীৰ মৃত্যু কেনেকৈ সংঘটিত হ'ল সেই বিষয়ে কোনো তথ্য ৰাজহুৱা কৰা নাই কাৰাগাৰ কৰ্তৃপক্ষই । কয়দীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি কাৰাগাৰ চৌহদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিলে আত্মীয়ই । আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো কোনে হত্যা কৰিলে কয়দীজনক ? কাৰাগাৰ কৰ্তৃপক্ষলৈ সন্দেহৰ আঙুলি আত্মীয়ৰ ।

Prisoner found dead in Tihar jail
তিহাৰ কাৰাগাৰত কয়দীৰ ৰহস্যজনক মৃত্যু

নেশ্যনেল ডেস্ক, ৪ আগষ্ট: এগৰাকী কয়দীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তিহাৰ কাৰাগাৰত । কাৰাগাৰ চৌহদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিলে কয়দীগৰাকীৰ আত্মীয়ই । বুধবাৰে পুৱা তিহাৰ কাৰাগাৰ(Tihar jail)ত অংকিত গুৰ্জৰ নামৰ এগৰাকী কয়দীৰ মৃতদেহ উদ্ধাৰ হয় । তিহাৰ কাৰাগাৰৰ বিষয়াসকলে জনোৱা মতে, ৩ নং কাৰাগাৰত ৰহস্যজনকভাৱে কয়দীজনৰ মৃতদেহ উদ্ধাৰ হয় ।

কয়দীগৰাকীৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই কাৰাগাৰ কৰ্তৃপক্ষই । আনহাতে, কয়দীগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে, কাৰাগাৰৰ একাংশ বিষয়াই কয়দীগৰাকীৰ আত্মীয়ক ১ লাখ টকা দাবী কৰিছিল । কিন্তু দাবী কৰা ধন দিয়াত ব্যৰ্থ হোৱাৰ বাবে কাৰাগাৰ প্ৰশাসনে কয়দীজনক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছে বুলি অভিযোগ তুলিলে পৰিয়ালৰ লোকে । বুধবাৰে কয়দীগৰাকীৰ পৰিয়ালৰ লোকে কাৰাগাৰ চৌহদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে ।

তেওঁলোকে কয়দীগৰাকীৰ মৃত্যুৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষক দোষাৰোপ কৰে । লগতে হৰি নগৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰে ।

আৰক্ষীয়ে জনোৱা মতে, বাগপটৰ বাসিন্দা অংকিত গুৰ্জৰ প্ৰায় এবছৰ ধৰি তিহাৰ কাৰাগাৰত বন্দী হৈ আছিল । তেওঁৰ বিৰুদ্ধে হত্যা আৰু ডকাইটিকে ধৰি কেইবাটাও গোচৰ ৰুজু কৰা হৈছিল । সম্প্ৰতি সমগ্ৰ বিষয়টো তদন্ত কৰি থকা হৈছে । অংকিত গুৰ্জৰৰ মৃত্যুৰ কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে স্পষ্ট হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

লগতে পঢ়ক:'মাউণ্টেইন মেন' দশৰথ মাঁঝিক ভাৰতৰত্ন প্ৰদানৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.