ETV Bharat / bharat

ভাৰতীয় সেনা দিৱসৰ শুভেচ্ছা ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ লগতে কংগ্ৰেছৰ

author img

By ANI

Published : Jan 15, 2024, 12:15 PM IST

Army Day
সেনা দিৱসৰ শুভেচ্ছা প্ৰদান ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ

Army Day: 15 জানুৱাৰী তাৰিখে দেশজুৰি পালন কৰা হয় সেনা দিৱস ৷ এই সেনা দিৱসৰ উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাজুৰ্ন খাৰ্গেই ভাৰতীয় সেনাৰ জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷

নেশ্যনেল ডেস্ক, 15 জানুৱাৰী : আজি অৰ্থাৎ 15 জানুৱাৰী তাৰিখে দেশজুৰি পালন কৰা হয় সেনা দিৱস ৷ 1949 চনৰ 15 জানুৱাৰীত ভাৰতৰ অন্তিম ব্ৰিটিছ কমাণ্ডাৰ-ইন-চীফ জেনেৰেল ফ্ৰান্সিছ ৰয় বুচাৰৰ পৰা ভাৰতীয় সেনাৰ প্ৰথম কমাণ্ডাৰ-ইন-চীফ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ স্বীকৃতিস্বৰূপে ভাৰতত প্ৰতি বছৰে 15 জানুৱাৰী দিনটোত সেনা দিৱস হিচাপে পালন কৰা হয় ৷

এই সেনা দিৱসৰ উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাৰ জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰি X ত পোষ্ট কৰে ৷ ৰাষ্ট্ৰপতি মুৰ্মূৱে উল্লেখ কৰে, "দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ভাৰতীয় সেনাই সদায় সংঘৰ্ষ, বিদ্ৰোহ-বিৰোধী আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান, ৰাষ্ট্ৰীয় দুৰ্যোগ আৰু দুৰ্যোগৰ সময়ত পেছাদাৰীতা প্ৰদৰ্শন কৰি আহিছে । ভাৰতীয় সেনাৰ পুৰুষ আৰু মহিলাসকলে প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক নেতৃত্ব আৰু নিস্বাৰ্থ ভক্তি প্ৰশংসনীয় ৷"

"আজি আমি দেশৰ সেৱাত প্ৰাণ দিয়া সাহসী জোৱানসকলৰ ত্যাগক সুঁৱৰিছো ৷ যিসকল পৰিয়ালে সাহস আৰু ধৈৰ্যৰে তেওঁলোকৰ প্ৰিয়জনক হেৰুওৱাৰ দুখ সহ্য কৰি আহিছে, দেশে তেওঁলোকৰ পৰিয়ালৰ সৈতে সদায় থিয় হৈ আহিছে ৷ মই প্ৰতিগৰাকী বীৰ সৈনিক, প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়াললৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো ৷" ৰাষ্ট্ৰপতিয়ে গৰাকীয়ে লগতে কয় ৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে, "বহিঃৰাষ্ট্ৰ ভাবুকিৰ বিৰুদ্ধে যুঁজ দিয়াই হওঁক বা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায় কৰাই হওঁক, ভাৰতীয় সেনাৰ বীৰ সৈনিকসকলে সাহসেৰে তেওঁলোকৰ কৰ্তব্য পালন কৰিছে। এক শৃংখলাবদ্ধ আৰু শক্তিশালী শক্তি হিচাপে ভাৰতীয় সেনাই বিশ্বত সুনাম গঢ়ি তুলিছে ৷ এই অমৃত কালত, দেশখনে বিকশিত ভাৰতৰ দিশত দ্ৰুত গতিত আগবাঢ়িছে । ভাৰতীয় সেনাই ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু স্থিৰতাৰ বাবে দায়বদ্ধ হোৱাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।"

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, "এই সেনা দিৱসত আমি আমাৰ সেনা জোৱানসকলৰ অসাধাৰণ সাহস, অটল প্ৰতিশ্ৰুতি আৰু ত্যাগক সন্মান জনাইছো । আমাৰ ৰাষ্ট্ৰৰ সুৰক্ষা আৰু আমাৰ সাৰ্বভৌমত্ব বজাই ৰখাত তেওঁলোকৰ নিৰন্তৰ নিষ্ঠা তেওঁলোকৰ সাহসিকতাৰ প্ৰমাণ । এই শক্তি আৰু স্থিতিস্থাপকতাৰ স্তম্ভ ৷"

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে X ত উল্লেখ কৰে, "দেশৰ সকলো সৈনিক, প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালসকললৈ সেনা দিৱসৰ শুভেচ্ছা জনাইছো । সমগ্ৰ ভাৰততে তেওঁলোকৰ অতুলনীয় বীৰত্ব আৰু নিষ্ঠাক অভিবাদন জনাইছে।"

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই উল্লেখ কৰে, " ভাৰতীয় সেনা দিৱসৰ উপলক্ষে বীৰ সৈনিক, প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালসকলক আমি কৃতজ্ঞতা জনোৱাৰ লগতে অভিবাদন জনাইছো । ভাৰতীয় সেনাই ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ আনহাতে বিশ্বৰ বিপদজনক অঞ্চলত আমাৰ সীমান্তত ৰক্ষা কৰে । ভাৰতীয় সেনাই আভ্যন্তৰীণ সুৰক্ষা প্ৰত্যাহ্বানৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰে আৰু প্ৰায়ে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায় কৰিবলৈ আহ্বান জনায় ৷ আপোনাৰ অদম্য সাহস, পেছাদাৰীতা আৰু নিঃস্বাৰ্থ ত্যাগৰ মনোভাৱৰ বাবে আমি চিৰদিনৰ বাবে ঋণী হৈ আছো ।"

লগতে পঢ়ক:ৰাজধানী দিল্লীত ঘন কুঁৱলী, দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই জাৰি কৰিছে নিৰ্দেশনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.