ETV Bharat / bharat

Arunachal Assembly special session : অৰুণাচল বিধানসভাৰ বিশেষ অধিৱেশন সম্বোধন ৰাষ্ট্ৰপতি মুৰ্মুৰ

author img

By

Published : Feb 21, 2023, 3:40 PM IST

Arunachal Assembly special session
অৰুণাচলৰ বিশেষ অধিৱেশনত ৰাষ্ট্ৰপতি মুৰ্মু

দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অৰুণাচলত সম্বোধন কৰিলে বিধানসভাৰ বিশেষ অধিৱেশন (President Droupadi Murmu in Arunachal) । বিধানসভাৰ বিশেষ অধিৱেশনত ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ( Arunachal Assembly special session) ৷

তেজপুৰ, ২১ ফেব্ৰুৱাৰী : দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি ইটানগৰত অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাষণ প্ৰদান কৰে (President Droupadi Murmu in Arunachal) ৷ দুদিনীয়া ভ্ৰমণ সূচীৰে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত উপস্থিত হয় দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ ৰাষ্ট্ৰপতি গৰাকীয়ে কয় যে, অনুশাসন আৰু শিষ্টাচাৰ সংসদীয় ব্যৱস্থাৰ চিহ্ন । আমি নিশ্চিত কৰিব লাগিব যে বিতৰ্কৰ বিষয়বস্তু আৰু মানদণ্ড যাতে উচ্চ মানদণ্ডৰ হয় । একে সময়তে আমি উন্নয়ন আৰু জনকল্যাণৰ বিষয়বোৰত ঐকমত গঢ়ি তুলিব লাগিব (Arunachal Assembly special session) ।

President Droupadi Murmu in Arunachal
অৰুণাচলৰ বিশেষ অধিৱেশনত ভাষণ প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ

অৰুণাচল প্ৰদেশ বিধানসভাই সংসদীয় গণতন্ত্ৰৰ সৰ্বোচ্চ মানদণ্ড বজাই ৰখাটো লক্ষ্য কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আনন্দ প্ৰকাশ কৰে । সুস্থ গণতন্ত্ৰৰ প্ৰতি সৰ্বোচ্চ সন্মান বজাই ৰখাৰ বাবে বিধানসভাৰ বৰ্তমান আৰু প্ৰাক্তন সদস্যসকলৰ শলাগ লয় মুৰ্মুৱে । আজিৰ যুগত পৰিৱেশ প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তন জটিল বিষয় বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে । এই চিন্তাবোৰৰ সমাধান সোনকালে বিচাৰিব লাগিব বুলি উল্লেখ কৰে মুৰ্মুৱে । কাৰণ অৰুণাচল প্ৰদেশৰ দৰে ভৌগোলিকভাৱে স্পৰ্শকাতৰ ৰাজ্য এখনৰ বাবে এইবোৰ বিষয় অধিক গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ।

President Droupadi Murmu in Arunachal
অৰুণাচলৰ বিশেষ অধিৱেশনত ৰাষ্ট্ৰপতি মুৰ্মু

লগতে ৰাজ্যখনৰ নীতি নিৰ্ধাৰকসকলে বিষয়টোৰ প্ৰতি যত্ন লোৱাটো লক্ষ্য কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে আনন্দ প্ৰকাশ কৰিছিল । ৰাষ্ট্ৰপতিগৰাকীয়ে ‘ডিজিটেল ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত কাগজবিহীন ডিজিটেল যাত্ৰা ৰূপায়ণ কৰাৰ বাবে অৰুণাচল প্ৰদেশ বিধানসভাক শলাগ লয় । তেওঁ উল্লেখ কৰে যে, ৰাজ্য চৰকাৰে ২০২২ বৰ্ষক ‘ই-গভৰ্নেন্সৰ বছৰ’ হিচাপে ঘোষণা কৰি কেইবাটাও ই-গভৰ্নেন্স প্ৰকল্প আৰম্ভ কৰিছে । এই প্ৰকল্পসমূহে কেৱল প্ৰশাসনিক সংস্কাৰতে সহায় কৰাই নহয় সাধাৰণ নাগৰিকৰ জীৱন সহজ কৰি তোলাতো অৰিহণা যোগাব বুলি ৰাষ্ট্ৰপতি গৰাকীয়ে উল্লেখ কৰে (Arunachal Assembly special session) ।

President Droupadi Murmu in Arunachal
অৰুণাচলৰ বিশেষ অধিৱেশনত ৰাষ্ট্ৰপতি মুৰ্মু

বিধানসভাত পুথিভঁৰালৰ সুবিধা, বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়াকৈ উপলব্ধ হোৱাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আনন্দিত হৈ পৰে । তেওঁ লগতে বিধানসভাই সময়ে সময়ে ছাত্ৰ-ছাত্ৰীসকলক বিধানসভাৰ কাৰ্যকলাপৰ সৈতে পৰিচিত কৰিবলৈ আমন্ত্ৰণ জনায় । যুৱ প্ৰজন্মই এই সুবিধাসমূহৰ সুবিধা গ্ৰহণ কৰি দেশ তথা ৰাজ্যৰ প্ৰগতিৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি আস্থা প্ৰকাশ কৰে ।

ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ সামগ্ৰিক আৰু সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰতিটো কামৰ ক্ষেত্ৰত মহিলাৰ অধিক অংশগ্ৰহণ হ’ব লাগে বুলি মন্তব্য প্ৰকাশ কৰে । অৰুণাচল প্ৰদেশ বিধানসভাকে ধৰি সকলো ৰাজ্যৰ বিধানসভাৰ লগতে জনপ্ৰতিনিধিৰ অন্যান্য অনুষ্ঠানত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পাব লাগে বুলি কয় ৰাষ্ট্ৰপতিগৰাকীয়ে । ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰ কয় যে দেশখনৰ সামগ্ৰিক আৰু সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰতিটো কামৰ ক্ষেত্ৰত মহিলাৰ অধিক অংশগ্ৰহণ হ’ব লাগে বুলি (President Murmu addresses special session)।

Arunachal Assembly special session
অৰুণাচলৰ বিশেষ অধিৱেশনত ৰাষ্ট্ৰপতি মুৰ্মু

অৰুণাচল প্ৰদেশ বিধানসভাকে ধৰি সকলো ৰাজ্যিক বিধানসভাৰ লগতে জনপ্ৰতিনিধিৰ অন্যান্য প্ৰতিষ্ঠানসমূহতো মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পাব লাগে বুলি আশা প্ৰকাশ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অৰুণাচল প্ৰদেশ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু ভাৰতৰ এক্ট ইষ্ট পলিচিৰ এক প্ৰধান অংশীদাৰ । পথ, ৰে’ল আৰু বিমান সংযোগৰ অভাৱৰ বাবে উত্তৰ-পূৰ্বাঞ্চল দীৰ্ঘদিন ধৰি অৰ্থনৈতিক উন্নয়নৰ সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে । কিন্তু কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ আৰু উন্নয়নক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে (Special session of Arunachal assembly)।

Arunachal Assembly special session
অৰুণাচলৰ বিশেষ অধিৱেশনত ৰাষ্ট্ৰপতি মুৰ্মু

প্ৰাকৃতিক আৰু মানৱ সম্পদেৰে চহকী অৰুণাচল প্ৰদেশ এখন আকৰ্ষণীয় বিনিয়োগৰ গন্তব্যস্থান আৰু বাণিজ্য-ব্যৱসায়ৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে বুলিও তেওঁ কয় । ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰ কয় যে, এই অঞ্চলৰ জনসাধাৰণে যাতে শিপাৰ পৰা বিচ্ছিন্ন নোহোৱাকৈ উন্নয়নৰ পথত আগবাঢ়ি যায়, তাৰ বাবে আমি অঞ্চলটোৰ পৰম্পৰা, সংস্কৃতি আৰু মূল্যবোধক সংৰক্ষণ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন । অৰুণাচল প্ৰদেশৰ জনপ্ৰতিনিধি হিচাপে ৰাজ্যৰ সাংস্কৃতিক মূল্যবোধ আৰু পৰম্পৰাৰ সমৃদ্ধি ৰক্ষা কৰি সামাজিক পৰিৱৰ্তনক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত এই বিধানসভাৰ সদস্যসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় ।

লগতে পঢ়ক : Children Torture Father in Baksa : বাক্সাৰ ভোগপুৰৰ বৃদ্ধ পিতৃক সন্তানে এৰি থৈ আহিল ৰাষ্ট্ৰীয় ঘাইপথত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.