ETV Bharat / bharat

Arunachal Statehold Day : অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাষ্ট্ৰপতি মূৰ্মুৱে স্থাপন কৰিলে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা

author img

By

Published : Feb 20, 2023, 9:23 PM IST

Updated : Feb 20, 2023, 9:40 PM IST

President Draupadi Murmu in Arunachal
President Draupadi Murmu

অৰুণাচল প্ৰদেশ ৰাজ্য প্ৰতিষ্ঠা দিৱসত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু (President Draupadi Murmu in Arunachal) । কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন ।

তেজপুৰ, ২০ ফেব্ৰুৱাৰী : দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু সোমবাৰে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত উপস্থিত হয় (President Draupadi Murmu Arunachal visit) । সোমবাৰে অৰুণাচল প্ৰদেশৰ স্বতন্ত্ৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি মূৰ্মু তাত উপস্থিত হয় (Arunachal statehold day 2023 observed) । অৰুণাচলত সামৰিক বাহিনীৰ অভিবাদনেৰে ৰাষ্ট্ৰপতিক সম্ভাষণ জনোৱা হয় । অৰুণাচল প্ৰদেশৰ প্ৰথমখন পূৰ্ণাংগ বিমানবন্দৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে দেশৰ ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনায় (CM Pema Khandu welcome President Murmu) ।

আনহাতে, ৰাষ্ট্ৰপতি মূৰ্মুৱে অৰুণাচল প্ৰদেশত উপস্থিত হৈ নিজকে ধন্য বুলি কয় । মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই প্ৰসংগত নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে (Arunachal Pradesh CM Pema Khandu), "অৰুণ কিৰণ শ্বীশ ভূষণ, গৰ্জ বৰফৰ ধাৰা, ৰাতিপুৱাৰ ৰ'দে চুমা খালে দেশ অৰুণাচল আমাৰ..." । উল্লেখ্য, ২০২২ চনৰ জুলাই মাহত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণৰ পিছত এইটোৱেই হৈছে মূৰ্মুৰ প্ৰথম অৰুণাচল প্ৰদেশ ভ্ৰমণ । পূৰ্বতে এই মাহতে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত ৰাজ্যখন ভ্ৰমণ কৰি তেওঁৰ সমৰ্থন লাভ কৰিছিল ।

President Draupadi Murmu in Arunachal
বিমানবন্দৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ ৰাষ্ট্ৰপতিক আদৰণি

সোমবাৰে অৰুণাচলৰ আই জি পাৰ্কত অৰুণাচল প্ৰদেশৰ ৩৭ সংখ্যক ৰাজ্যিক দিৱস উদযাপনৰ অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰে । আনহাতে, মঙলবাৰে অৰুণাচল বিধানসভা প্ৰেক্ষাগৃহত সদনৰ বিশেষ অধিবেশনৰ সময়ত ৰাজ্যিক বিধানসভাৰ সদস্যসকলক সম্বোধন কৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে । পূৰ্বতে উত্তৰ-পূব সীমান্ত সংস্থা (NEFA) নামেৰে পৰিচিত অৰুণাচল প্ৰদেশ ভাৰত ৰাষ্ট্ৰৰ ২৪ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈ ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰে । দেওবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে দিনৰ ১২.১৫ বজাত ইটানগৰৰ ডঞি প’লো বিমানবন্দৰত অৱতৰণ কৰে ।

বিমানবন্দৰৰ চৌহদত গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰাৰ পিচত বায়ুসেনাৰ এম আই হেলিকপ্টাৰত উঠি ১২.৩৫ বজাত ইটানগৰ ৰাজভৱন হেলিপেডত উপস্থিত হয় । ৰাজভৱনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিচত ৰাষ্ট্ৰপতিগৰাকীয়ে বিয়লি ৩.০৫ বজাত ৰাজ্যিক দিৱসৰ অনুষ্ঠানস্থলীলৈ গাড়ীৰে যায় । তাত তেওঁ এই উপলক্ষে আয়োজিত সভাত ভাষণ দিয়াৰ পূৰ্বে তেওঁক এক বৃহৎ নাগৰিক অভ্যৰ্থনা প্ৰদান কৰা হয় ।

President Draupadi Murmu in Arunachal
ৰাষ্ট্ৰপতিক সম্বৰ্ধনা পেমা খাণ্ডুৰ

সন্ধিয়া ৰাজভৱনত বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক বিশেষ বৈঠক অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে । ৰাজ্যিক দিৱসৰ অনুষ্ঠানত অৰুণাচলৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) কৈৱাল্যা ত্ৰিবিক্ৰম পৰ্ণাইক, মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু আৰু উপ-মুখ্যমন্ত্ৰী চৌনা মেইও উপস্থিত থাকে ।

ৰাজ্যিক দিৱস উদযাপনৰ সময়ত ৰাষ্ট্ৰপতিয়ে ‘ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া অৰুণাচল প্ৰদেশৰ জাতীয় নায়কসকলৰ প্ৰতিবেদন’-ও মুকলি কৰে । ইয়াৰ উপৰি আধাৰশিলা স্থাপন আৰু কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে । ইটানগৰত ৰাজ্যিক মানৱ অধিকাৰ আয়োগ, লোকায়ুক্ত আৰু ৰাজ্যিক খাদ্য আয়োগৰ বাবে এক উমৈহতীয়া সঞ্চালকালয় নিৰ্মাণ আৰু সোণাজুলি হৈ ডঞি প’লো বিমানবন্দৰ আৰু নাহৰলাগুন ৰে’লৱে ষ্টেচনৰ মাজত ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈত লেনৰ পথ নিৰ্মাণ আৰু দুৰ্পাং প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । খিলঞ্জীয়া পৰিক্ৰমা বিভাগৰ অধীনত অৰুণাচল প্ৰদেশৰ খিলঞ্জীয়া লোককথাৰ ওপৰত দুখন এনিমেচন ছবিও উন্মোচন কৰে মুখ্য অতিথি ৰাষ্ট্ৰপতিয়ে ।

President Draupadi Murmu in Arunachal
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ সামৰিক অভিবাদন গ্ৰহণ

আনহাতে, সোমবাৰে ৰাজভৱনত নিশাটো কটোৱাৰ পাচত মঙলবাৰে পুৱা ৯.৫০ বজাত নাহৰলগুনৰ অৰুণাচল বিধানসভালৈ ৰাওনা হ’ব ৰাষ্ট্ৰপতি । বিশেষ বিধানসভাৰ অধিবেশনত সদস্যসকলক সম্বোধন কৰাৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে ইয়াৰ বিধানসভা চৌহদত অৰুণাচল প্ৰদেশৰ পৰা দেশৰ হকে বলিদান দিয়া নায়কসকলৰ ওপৰত এখন ফটো প্ৰদৰ্শনী উদ্বোধন কৰিব বুলি এক বিশেষ সূত্ৰত জানিব পৰা গৈছে । উল্লেখযোগ্য যে, দুদিন পূৰ্বে হিংসাত্মক ঘটনাৰে ৰাজপথ উত্তাল হৈ থকাৰ পিছতো ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ লোকৰ সৈতে তাৎক্ষণিক ৰং সলনি কৰি পেলায় ।

ইফালে ৰাষ্ট্ৰপতি মূৰ্মুৱে নিজৰ ভাষণ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৪৪,০০০ কোটিকৈও অধিক মূল্যৰ আঁচনি অনুমোদন কৰা বুলি জানিব পাৰি আনন্দিত হোৱা বুলি কয় । ৬০০ মেগাৱাটৰ কামেং জলবিদ্যুৎ প্ৰকল্পৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে অৰুণাচল প্ৰদেশ শক্তি উদ্ধৃত্ত ৰাজ্যত পৰিণত হৈছে বুলিও তেওঁ কয় । শেহতীয়াকৈ উদ্বোধন কৰা সকলো বতৰৰ বাবে উপযোগী ডঞি প’লো বিমানবন্দৰে ৰাজ্যখনৰ সংযোগ উন্নত কৰাৰ লগতে বাণিজ্য আৰু পৰ্যটনকো সহায় কৰিব বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে ।

President Draupadi Murmu in Arunachal
ৰাষ্ট্ৰপতিক গাৰ্ড অৱ অনাৰ

লগতে ৰাষ্ট্ৰপতিয়ে কয় যে, মহিলাৰ বিকাশ অবিহনে যিকোনো সমাজৰ উন্নয়ন সৰ্বাংগীণ হ’ব নোৱাৰে । অৰুণাচল প্ৰদেশৰ পঞ্চায়তসমূহৰ প্ৰায় ৪৭ শতাংশ প্ৰতিনিধি মহিলা বুলি জানিবলৈ পাৰি তেওঁ আনন্দিত হোৱা বুলিও প্ৰকাশ কৰে । তেওঁ কয় যে, অৰুণাচল প্ৰদেশৰ মহিলাসকলে প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিছে । পাঁচদিনত দুবাৰকৈ মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী মহিলা অংশু জেমচেনপা আৰু উদ্যোগত মহিলাসকলৰ অংশগ্ৰহণৰ প্ৰচাৰ আৰু অৰুণাচলৰ স্থানীয় কৃষি ভিত্তিক সামগ্ৰী প্ৰদেশখনৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰা তাগে ৰীতা তাখেৰ দৰে মহিলাৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে প্ৰেৰণা ল’ব বুলিও তেওঁ আশা ব্যক্ত কৰে ।

লগতে পঢ়ক :Adani Hindenburg row : ফৰ্বছৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ আদালতৰ

Last Updated :Feb 20, 2023, 9:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.