ETV Bharat / bharat

Odisha Police Station set on fire: ওড়িশাৰ আৰক্ষী থানাত অগ্নি সংযোগ উত্তেজিত ৰাইজৰ; গাঞ্জা সৰবৰাহত আৰক্ষী জড়িত থকাৰ অভিযোগ

author img

By

Published : Aug 5, 2023, 9:16 PM IST

ওড়িশাৰ আৰক্ষী থানাত অগ্নি সংযোগ একাংশ উত্তেজিত ৰাইজৰ ৷ আৰক্ষীৰ বিৰুদ্ধে গাঞ্জা সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰা এক প্ৰতিবাদৰ সময়তে সংঘটিত হয় এই ঘটনা ৷

Odisha Police Station set on fire
Odisha Police Station set on fire

ওড়িশাৰ আৰক্ষী থানাত অগ্নি সংযোগ উত্তেজিত ৰাইজৰ

নেশ্যনেল ডেস্ক, 5 আগষ্ট: ওড়িশাৰ কন্ধমাল জিলাত চাঞ্চল্যকৰ ঘটনা ৷ এখন আৰক্ষী থানাত অগ্নি সংযোগ উত্তেজিত জনতাৰ ৷ গাঞ্জাৰ চোৰাং ব্যৱসায়ত আৰক্ষী জড়িত থকাৰ অভিযোগ উত্থাপন কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে একাংশ উত্তেজিত লোকে অগ্নি সংযোগ কৰে থানাখনত ৷ এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰিছে এই তথ্য ৷

কন্ধমাল জিলাৰ ফিৰিঙীয়া আৰক্ষী থানাত (Phiringia Police Station) সংঘটিত হৈছে এই ঘটনা ৷ ইফালে প্ৰতিবাদকাৰী আৰক্ষীৰ মাজত হোৱা হতাহতিত কেইবাগৰাকীও আৰক্ষী জোৱান আহত হোৱাৰ তথ্য লাভ কৰা হৈছে ৷ ইফালে উত্তেজিত ৰাইজে থানাৰ সামগ্ৰী ভাঙি তচনচ কৰাৰ লগতে বহু নথি পত্ৰও জ্বলাই দিয়ে ৷ দক্ষিণ ৰেঞ্জৰ আইজি সত্যব্ৰত ভোইয়ে সদৰী কৰিছে এই কথা ৷

আন এগৰাকী আৰক্ষী বিষয়াই কয়, ‘‘স্থানীয় লোকে ফুলবানী-ফিৰিঙিয়া-বালিগুড়া পথ কেইবা ঘণ্টা ধৰি অৱৰোধ কৰি গাঞ্জাৰ চোৰাং ব্যৱসায়ত আৰক্ষী থানাখনৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক আৰু কেইবাজনো জোৱান জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁলোকক শাস্তি বিহাৰ দাবী তুলিছিল ৷ প্ৰতিবাদকাৰীৰ সৈতে আলোচনা কৰিবলৈ যোৱা আৰক্ষী বিষয়াকো দেখি পঠিওৱা হৈছিল ৷’’

পৰৱৰ্তী পৰ্যায়ত উত্তেজিত লোকসকলে থানাত প্ৰৱেশ কৰি নথি পত্ৰ আৰু আঁচ-বাবত অগ্নি সংযোগ কৰে ৷ ইফালে ৰাইজে অভিযোগ উত্থাপন কৰা থানাখনৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক আৰু দুজন জোৱানৰ বিৰুদ্ধে সঠিক সদন্ত কৰা হ’ব বুলি উল্লেখ কৰিছে এগৰাকী আৰক্ষী বিষয়াই ৷ আনহাতে থানাত অগ্নি সংযোগ কৰাসকলৰ বিৰুদ্ধেও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ স্থানীয় লোকৰ অভিযোগ যে গাঞ্জা সৰবৰাহত ভাৰপ্ৰাপ্ত পৰিদৰ্শক জড়িত থকাৰ কথা অৱগত হোৱাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল শীৰ্ষ আৰক্ষী বিষয়াই ৷

লগতে পঢ়ক: Theft at Dergaon Policeman Home: এইবাৰ আৰক্ষীৰ বাসগৃহতে চোৰৰ সিন্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.