ETV Bharat / bharat

Crime in Kerala: আৰক্ষীৰ জালত প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণৰ ভাবুকি দিয়া অভিযুক্ত

author img

By

Published : Apr 23, 2023, 5:25 PM IST

Death threat letter to Kerala BJP office
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ভাবুকি পত্ৰ প্ৰেৰণ

২৪ এপ্ৰিলত কেৰালাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ইয়াৰ পূৰ্বেই কেৰালাৰ বিজেপি কাৰ্যালয়লৈ ভাবুকি পত্ৰ প্ৰেৰণ দুষ্কৃতিকাৰীৰ (Death threat letter to Kerala BJP office)। অৱশেষত আত্মঘাতী আক্ৰমণৰ ভাবুকি দিয়া অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ।

নেশ্য়নেল ডেস্ক, ২৩ এপ্ৰিল: অহা ২৪ এপ্ৰিলত কোচি ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ কালত তেওঁৰ ওপৰত আত্মঘাতী বোমা আক্ৰমণ কৰাৰ ভাবুকি দি পত্ৰ লিখা অভিযুক্তক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Threatening to suicide bomb attack on PM Modi)। অভিযুক্তজনক জেভিয়াৰ বুলি চিনাক্ত কৰা হৈছে । দেওবাৰে আৰক্ষীয়ে এই কথা সদৰী কৰিছে (Accused arrested in Kochi)।

কোচি মহানগৰ আৰক্ষী আয়ুক্ত কে সেতু ৰমনে এই বিষয়ে উল্লেখ কৰি কয় যে, ব্যক্তিগত শত্ৰুতাৰ বাবে জেভিয়াৰে তেওঁৰ চুবুৰীয়াক ফান্দত পেলাবলৈ চিঠিখন লিখিছিল (Kochi City Police Commissioner)। ইপিনে, শনিবাৰে কেৰালা বিজেপিৰ মুৰব্বী কে সুৰেন্দ্ৰনে কয় যে, তেওঁ যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কেৰালা ভ্ৰমণৰ সময়ত হত্যাৰ ষড়যন্ত্ৰৰ বিষয়ে এখন পত্ৰ লাভ কৰিছিল (Kerala BJP chief K Surendran )। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ভাবুকি পত্ৰ প্ৰেৰণ কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

কোচি মহানগৰ আৰক্ষী আয়ুক্ত কে সেতু ৰমনে নিৰাপত্তা সন্দৰ্ভত কয়, "প্ৰধানমন্ত্ৰী কোচিত উপস্থিত হোৱাৰ বাবে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । এই উদ্দেশ্যে ২০৬০ জন আৰক্ষী নিযোগ কৰা হৈছে । ইয়াৰ অংশ হিচাপে, দুপৰীয়া 2 বজাৰ পৰা যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনাও জাৰি কৰা হৈছে ।"

উল্লেখ্য় যে, প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব'ত ১৫,০০০ গৰাকী আৰু যুৱম-২৩ অনুষ্ঠানত ২০,০০০ লোক উপস্থিত থকাৰ সম্ভাৱনা আছে (PM Roadshow in Kochi)। যুৱম-২৩ৰ অংশগ্ৰহণকাৰীসকলে কেৱল মোবাইল ফোনহে আনিব পাৰিব বুলি মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে কয় (Yuvam 23)। প্ৰধানমন্ত্ৰী মোডীয়ে অহা ২৫ এপ্ৰিলত থিৰুৱন্তপুৰম কেন্দ্ৰীয় ষ্টেচনত থিৰুৱন্তপুৰম আৰু কাছাৰগোডৰ মাজত কেৰালাৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ কথা আছে । এই ৰে'লখনে ১১ খন জিলাক সামৰি ল'ব ।

প্ৰধানমন্ত্ৰী মোডীয়ে আধাৰশিলা স্থাপনৰ লগতে ৩২০০ কোটি টকাৰ বিভিন্ন প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰিব । তেওঁ কোচি ৱাটাৰ মেট্ৰ' দেশবাসীক উৎসৰ্গা কৰিব (Kochi Water Metro) । এই ধৰণৰ প্ৰকল্পবোৰে কোচি চহৰৰ সৈতে নিৰৱচ্ছিন্ন সংযোগৰ বাবে বেটাৰী চালিত হাইব্ৰীড বৈদ্যুতিক নাৱৰ জৰিয়তে কোচিৰ চাৰিওফালৰ 10 টা দ্বীপক সংযোগ কৰা হ'ব বুলি এক চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ ।

কোচি ৱাটাৰ মেট্ৰ'ৰ উপৰি ডিণ্ডিগুল-পালানি-পালাক্কাড শাখাৰ ৰে'ল বৈদ্যুতিকৰণো প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গা কৰিব । এই অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে তিৰুৱন্তপুৰম, কোজিকোডে আৰু ভাৰকলা শিৱগিৰি ৰে'ল ষ্টেচনৰ পুনৰ্বিকাশকে ধৰি বিভিন্ন ৰে'ল প্ৰকল্পৰ আধাৰশিলাস্থাপন কৰিব ।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে থিৰুৱন্তপুৰমৰ ডিজিটেল বিজ্ঞান উদ্যানৰ আধাৰশিলা স্থাপন কৰিব । ডিজিটেল বিজ্ঞান উদ্যানক শিক্ষাৰ সহযোগত উদ্যোগ আৰু ব্যৱসায়িক গোটৰ দ্বাৰা ডিজিটেল সামগ্ৰী আৰু সেৱা বিকশিত কৰাৰ এক মুখ্য গৱেষণা সুবিধা হিচাপে পৰিকল্পনা কৰা হৈছে । তৃতীয় প্ৰজন্মৰ বিজ্ঞান উদ্যান হিচাপে, ডিজিটেল বিজ্ঞান উদ্যানত এআই, ডাটা এনালিটিক্স, চাইবাৰ সুৰক্ষা, স্মাৰ্ট সামগ্ৰী আদিৰ দৰে উদ্যোগ 4.0 প্ৰযুক্তিৰ ক্ষেত্ৰত সামগ্ৰীৰ বিকাশত সহায় কৰাৰ বাবে উমৈহতীয়া সুবিধা থাকিব ।

অত্যাধুনিক মৌলিক আন্তঃগাঁথনিয়ে উদ্যোগসমূহৰ দ্বাৰা উচ্চ-স্তৰৰ প্ৰয়োগ গৱেষণা আৰু বিশ্ববিদ্যালয়সমূহৰ সহযোগত সামগ্ৰীৰ সহ-বিকাশত সহায় কৰিব । প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ বাবে প্ৰাৰম্ভিক বিনিয়োগ হৈছে প্ৰায় ২০০ কোটি টকা । আনহাতে, মুঠ প্ৰকল্প ব্যয় প্ৰায় ১৫১৫ কোটি টকা বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক: Water Metro: কেৰালা ভ্ৰমণত দেশৰ প্ৰথমখন ৱাটাৰ মেট্ৰ' উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.