ETV Bharat / bharat

বায়ু সেনাৰ বিশেষ বিমানেৰে বাৰাণসী ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 9:14 PM IST

দেওবাৰে চুৰাটত ডায়মমণ্ড ব’ৰ্চ উদ্বোধনৰ পিচতেই বায়ু সেনাৰ বিশেষ বিমানেৰে বাৰাণসী বিমানবন্দৰত অৱতৰণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)। প্ৰধানমন্ত্ৰীগৰাকীয়ে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে ৷

pm Narendra Modi varanasi visit
বিশেষ বিমানেৰে বাৰাণসী ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নেশ্যনেল ডেস্ক, 17 ডিচেম্বৰ: কাশী ভ্ৰমণৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে বিয়লি নমোঘাটৰ পৰা কাশী তামিল সংগমৰ দ্বিতীয় সংস্কৰণ উদ্বোধন কৰি বাৰাণসীলৈ ৰাওনা হয় ৷ বায়ু সেনাৰ বিশেষ বিমানেৰে বাৰাণসী বিমানবন্দৰত অৱতৰণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে 19 হাজাৰ কোটিতকৈও অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰিবলৈ বাৰাণসীত উপস্থিত হয় ৷ জানিব পৰামতে, প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীত 26 ঘণ্টা অতিবাহিত কৰিব ।

প্ৰধানমন্ত্ৰী মোদীক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিমানবন্দৰত উষ্ম আদৰণি জনায় । প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰত সংকল্প যাত্ৰাত উজ্জ্বলা যোজনাৰ ষ্টলত মহিলা হিতাধিকাৰীসকলৰ পৰা আঁচনিখনৰ বিষয়ে তথ্য গ্ৰহণ কৰে । লগতে তেওঁ আঁচনিৰ হিতাধিকাৰীসকলক সা-সুবিধা পোৱাত কিবা সমস্যা হৈছে নেকি বুলি বুজ লয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মোদীয়ে এখন জনসভা সম্বোধন কৰি কয়, "বিকশিত ভাৰত সংকল্প যাত্ৰা মোৰ বাবে এটা প্ৰত্যাহ্বান, মোৰ পৰীক্ষা । সংকল্প যাত্ৰা সফল কৰাৰ বাবে আপোনালোকে যেনেদেৰে আমাক সহযোগিতা কৰিছে, সেয়া দেখি মই অনুভৱ কৰিছো যে, এজন সাংসদ হিচাপে এই কাৰ্যসূচীত সময় দিয়াটো মোৰ দায়িত্ব। মই এজন সাংসদ হিচাপে অংশগ্ৰহণ কৰিবলৈ ইয়ালৈ আহিছোঁ, আপোনাৰ সেৱক হিচাপে ।

আমাৰ দেশলৈ বহুতো চৰকাৰ আহিছে, বহুতো আঁচনিও প্ৰস্তুত কৰা হৈছে ৷ সেই সকলোবোৰৰ পৰা, মই অনুভৱ কৰিছিলো যে চৰকাৰে যি পৰিকল্পনা কৰে, যাৰ বাবে এই পৰিকল্পনা প্ৰস্তুত কৰে, কোনো অসুবিধা নোহোৱাকৈ সঠিক সময়ত এই পৰিকল্পনাসমূহত উপনীত হোৱাটো উচিত । চৰকাৰে আগবাঢ়ি যাব লাগে আৰু জনসাধাৰণৰ বাবে কাম কৰি যাব লাগে ৷"

  • #WATCH वाराणसी, उत्तर प्रदेश: प्रधानमंत्री नरेंद्र मोदी के रोड शो के दौरान पीएम के काफिले ने एंबुलेंस के लिए रास्ता छोड़ा।

    (सोर्स: डीडी न्यूज़) pic.twitter.com/CBTKInIxLT

    — ANI_HindiNews (@AHindinews) December 17, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

চাৰি কোটি পৰিয়ালে পকীঘৰ লাভ কৰিছে :

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "যিহেতু আপুনি মোক কাম দিছে, এতিয়ালৈকে প্ৰায় 4 কোটি পৰিয়ালে পকী ঘৰ লাভ কৰিছে ৷ কিন্তু আমি খবৰ পোৱা মতে ইয়াৰ মাজতো কিছুসংখ্যক লোক বাদ পৰিছে ৷ সেইবাবে আমি আকৌ এবাৰ দেশজুৰি পৰিদৰ্শন কৰাৰ সিদ্ধান্ত লৈছো ৷ চৰকাৰৰ আঁচনিসমূহৰ পৰা যিসকলে লাভালাভ লাভ কৰিছে তেওঁলোকৰ কথা আমি শুনিম ৷ এই চৰকাৰী সুবিধাসমূহ লাভ কৰাত আপুনি উৎকোচ দিব লগা হৈছিল নেকি ? বিকশিত ভাৰত সংকল্প যাত্ৰা মোৰ বাবে এক প্ৰকাৰৰ পৰীক্ষা ।"

ইয়াৰোপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক উদ্দেশ্যি কয়, "মই যি কৈছিলো আৰু কি কাম কৰিছো, সেয়া আপোনালোকৰ মুখৰ পৰা শুনিব বিচাৰিছো ৷ দেশবাসীৰ পৰা শুনিব বিচাৰিছো যে মই সফল হ’বলৈ পাৰিছোনে নাই ? মই আয়ুষ্মান কাৰ্ড হিতাধিকাৰীসকলক লগ কৰিবলৈ সুবিধা পাইছিলো, তেওঁলোকৰ মুখেৰে তেওঁলোকে গুৰুতৰ ৰোগৰ চিকিৎসা লাভ কৰাৰ কথা শুনিছিলো । এই সকলোবোৰ মোৰ বাবে আশীৰ্বাদস্বৰূপ ৷"

  • 'विकसित भारत संकल्प यात्रा' एक प्रकार से मेरी भी कसौटी है।

    मैंने जो कहा था और मैं जो काम कर रहा था, उसे आपके मुंह से सुनना चाहता था कि जैसा मैंने चाहा था वैसा हुआ है कि नहीं, जिसके लिए होना चाहिए था, उसके लिए हुआ है या नहीं हुआ है।

    - पीएम श्री @narendramodi

    पूरा देखें:… pic.twitter.com/rKe3gVLs2d

    — BJP (@BJP4India) December 17, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ বাবে জিলাখনত ভাৰতীয় জনতা পাৰ্টীয়ে বিশেষ প্ৰস্তুতি চলাইছে ৷ শেহতীয়াকৈ বিধানসভা নিৰ্বাচনত তিনি ৰাজ্য ৰাজস্থান, ছত্তীশগড় আৰু মধ্য প্ৰদেশত বিজেপিৰ বৃহৎ বিজয়ৰ পিচত প্ৰধানমন্ত্ৰী মোদী প্ৰথমবাৰৰ বাবে তেওঁৰ সংসদীয় সমষ্টিলৈ আহিছে । সেয়েহে, বিজেপিয়ে তেওঁক আদৰণি জনোৱাৰ সম্পূৰ্ণ পৰিকল্পনা প্ৰস্তুত কৰিছে ৷ 26 ঘণ্টাৰ বাবে বাৰাণসীলৈ আহে প্ৰধানমন্ত্ৰীগৰাকী ৷ ৰাজ্যখনত বিমানবন্দৰৰ পৰা নাদেচাৰৰ ছোটা কাটিং গ্ৰাউণ্ডলৈ এক ৰোড শ্ব' ৰ আয়োজন কৰা হৈছিল ৷ এই সময়ছোৱাত, বিজেপি কৰ্মীসকল পথছোৱাৰ দুয়োমূৰত উপস্থিত থাকিব তেওঁক গোটেই পথটো ফুলেৰে আদৰণি জনোৱা হয় ৷

লগতে পঢ়ক: বাৰাণসীত এম্বুলেন্সক বাট দিলে প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.